ঢকুৱাখনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা
৩৬ হাজাৰ মহিলাক আৰ্থিক সাহায্য প্ৰদান
“লাখপতি আৰু অৰুণোদয় আঁচনিয়ে ৰাজ্যৰ মহিলাৰ বাবে সন্মান কঢ়িয়াই আনিছে”-
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
*ঢকুৱাখনা:*

৭৭ নং ঢকুৱাখনা (জনজাতি) বিধানসভা সমষ্টিৰ
অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ মুঠ ৩৬,০৫০ গৰাকী মহিলা সদস্যাক আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰা হয়।ঢকুৱাখনা সমজিলা প্ৰশাসনে ঘিলামৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ৰ খেলপথাৰত আয়োজন কৰা ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’ৰ চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব
হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ লগতে মহিলাসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।ৰাজ্য চৰকাৰে নাৰী সমাজৰ সন্মান বৃদ্ধি আৰু মহিলা সবলীকৰণৰ বাবে ভাবিব নোৱৰা ধৰণে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে – লাখপতি আৰু অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাৰ বাবে বিৰল সন্মান কঢ়িয়াই আনিছে।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰী মহিলাসকলক তেওঁলোকে লাভ কৰা ধনৰাশি উৎপাদনশীল কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই আৰু তেনে উদ্যমী মহিলাসকলক ভৱিষ্যতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০ হাজাৰ টকালৈকে আৰ্থিক সাহায্য আগবঢ়াব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ।ইতিমধ্যে অসমৰ ৪০ লাখ মহিলাই অৰুণোদয় আঁচনি সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰি অসমৰ মহিলা সৱলীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা আঁচনিৰ বাবদ মুঠ ৩৬

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি স্থানীয় বিধায়ক নৱ কুমাৰ দলেই কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত মহিলাসকলৰ ভূমিকা অপৰিসীম।তেওঁ উল্লেখ কৰে যে চৰকাৰে মহিলাসকলক কেৱল ঘৰুৱা কামতে আবদ্ধ নাৰাখি তেওঁলোকক একোজনকৈ সফল উদ্যমী হিচাপে গঢ়ি তুলিব বিচাৰে। এই আৰ্থিক সাহায্যই মহিলাসকলক নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰি অসমৰ ভিতৰতে এটা শ্ৰেষ্ঠ সমষ্টি হিচাপে
