পশ্চিমবংগৰ বক্সিৰহাটৰ পৰা এটা দেশীয় নিৰ্মিত পিস্তলসহ আটক এজন
চাইন অন ডেস্ক:
নিৰ্বাচনৰ আগে আগে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰসসমীপৱৰ্তী পশ্চিমবংগৰ বক্সিৰহাটৰ পৰা আজি এটা লোডেড কাৰ্তুজ থকা দেশীয় ভাবে নিৰ্মিত এটা পিস্তলসহ এজন লোকক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আজি পুৱা বক্সিৰহাট আৰক্ষীয়ে অঞ্চলটোৰ জালদোহা ঘাট অঞ্চলত অভিযান চলাই এটা কাৰ্তুজ লোড থকা অৱস্থাত দেশীয় ভাবে নিৰ্মিত মাৰণাস্ত্ৰসহ এজন লোকক কৰায়ত্ত কৰে। মঞ্জু মিঞা নামক ধৃত সেই লোকজন বক্সিৰহাটৰ ভানুকুমাৰী ২য় খণ্ডৰ বাসিন্দা।