নগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনাত চাইকেল আৰোহী নিহত
নগাঁও:

বেবেজীয়া পহৰা আৰক্ষী চকীৰ অন্তৰ্গত বেবেজীয়াত যোৱানিশা সংঘটিত পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী নিহত হয়।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত লোকজন নিজ ডিমৌৰ প্ৰয়াত বেজীয়া বৰাৰ পুত্ৰ কমল কান্ত বৰা।নিহত বৰাই বেবেজীয়া চাৰিআলিৰ পৰা ঘৰলৈ বুলি গৈ থকা অৱস্থাত এখন মাৰুতী এল্টʼয়ে পাছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনা কৰা মাৰুতী এল্টʼখনৰ নম্বৰ হৈছে AS-02AV 2417।
আহত কমল কান্ত বৰাক স্থানীয় ৰাইজৰ সহযোগত বেবেজীয়া আৰক্ষীয়ে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তাতে তেওঁৰ মৃত্যু হয়।নিহত বৰাই গৃহৰক্ষী বাহিনীত কৰ্মৰত আছিল আৰু মৃত্যুৰ সময়ত এজন পুত্ৰ আৰু দুজনী বিবাহিতা জীয়ৰীক এৰি থৈ যায়।
দুৰ্ঘটনাত এল্টʼখনৰ সন্মুখ অংশ সম্পূৰ্ণৰূপে বিদ্ধস্ত হোৱাৰ বিপৰীতে চাইকেলখন খণ্ড হৈ পৰে
