ৰূপম ভূঞাৰ কন্ঠত
সাংবাদিক জেচিমৰ কথাৰে নতুন গীত “তুমি চাই দিলে”
মুক্তিৰ পথত…..
চাইন অন ডেস্ক:
সাংবাদিক জেচিম আহমেদৰ কথাৰে ৰূপম ভূঞাৰ কন্ঠত নতুন গীত তুমি চাই দিলে মুক্তিৰ পথত।
সাংবাদিকতাৰ লগতে অসমীয়া সংগীত জগততো সমানে কাম কৰি থকা ডিব্ৰুগড়ৰ জেচিম আহমেদৰ গীতৰ কথা পূৰ্বৰে পৰা বিশেষ ভাৱে চৰ্চিত হৈ আহিছে।
বিগত বৰ্ষবোৰত ভালেমান গুণগত মান সম্পন্ন গীত ইতিমধ্যে শ্ৰুতাৰ বাবে মুক্তি দিয়া জেচিমৰ নতুন গীত “তুমি চাই দিলে”ৰ সংগীতকলৈও এইবাৰ বিশেষ আকৰ্ষণ।
একালৰ জুবিন গাৰ্গৰ সহযোগী জেষ্ঠ্য শিল্পী চান্টু কাকতিৰ তবলা-ঢোলকৰ মুগ্ধ কৰা স্পৰ্শই গীতটোৰ সংগীত শুনি হেঁপাহ নপলুৱা বিধৰ কৰি তুলিছে।অসমৰ প্ৰসিদ্ধ মেণ্ডলিন বাদক দেৱজিৎ গগৈ
(মইনা) মেণ্ডলিন,
উজনিৰ প্ৰসিদ্ধ ভায়লিন বাদক মনজিল কুমাৰ গগৈৰ
ভায়লিন,মৃনাল বড়োৰ
বাঁহী ইত্যাদিৰ পৰশেৰে গীতটোৰ সংগীত সজাইছে বৰ্তমানৰ বহু জনপ্রিয় অসমীয়া গীতৰ সংগীত ব্যৱস্থাপক নিতুন কাল্পনিক আৰু প্ৰসন্ন জ্যোতিয়ে একত্রিত ভাৱে।
পূৰ্বেই গীতটোৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত মুকলি কৰা Thumbnail সংযোগী এটি reel এ ইতিমধ্যে সংগীতৰ মানৰ আভাস দিছে।
মৰাণৰ পৰিচিত
ষ্টুডিঅ ফিউজনত গীতটি বাণীবদ্ধ কৰিছে শিল্পী ৰাজীৱ শৰ্মাই।ডিব্ৰুগড়ৰ লক্ষীৰঞ্জনৰ ষ্টুডিঅ চান্ট অডিঅত গীতটিৰ আনুসাঙ্গিক আন কাম সমূহ সম্পন্ন হৈছে।
আগন্তুক বৰ্ষটোৰ লগতে যুগলৈ ৰৈ যোৱা এটা জনপ্রিয় গীত হিচাপে “তুমি চাই দিলে” বিবেচিত হ’ব বুলি গীতটিৰ লগত জড়িত জেষ্ঠ্য শিল্পী সকলে ধাৰণা কৰিছে।
Jiosaavn, spotify, wynk ইত্যাদি প্ৰায় সকলোবোৰ আন্তঃৰাষ্ট্ৰ audio platform ত গীতটিৰ audio version উপলব্ধ হোৱাৰ লগতে
YouTube আপলোডৰ বাবে এটা AI created ভিডিও সম্পাদন কৰিছে তপন কুমাৰ তালুকদাৰ লগতে ট্ৰিদেৱা চন্দ্ৰাই।এইটো সপ্তাহতে গীতটো শ্ৰুতালৈ মুকলি কৰি দিয়া হ’ব।
