শুকাইছে চিৰ প্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ
অসমীয়াৰ আয়ুসৰেখাত ৰঙা চীনৰ হাতোৰা!
ঢকুৱাখনাত মৰুময় হৈ পৰিল বৰলুইতৰ বুকু
ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা

ক্ৰমাৎ যেন মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই।লাখ-লাখ নৈ-পৰীয়াৰ জীৱন-জীৱিকালৈ ভাবুকি নামি আহিছে। দ্ৰুতগতিত উজনিৰ পৰা নামনিলৈ হ্ৰাস পাইছে বুঢ়ালুইতৰ জলস্তৰ।প্ৰশ্ন হয়,নৈপৰীয়াৰ সভ্যতাক কঁপাই তুলিছে কোনে?আঁৰত আছে নেকি ৰঙা চীনৰ কু-চক্ৰান্ত?কিয়নো,হঠাৎ মৰুময় যেন হৈ পৰিছে বৰলুইতৰ বুকু।শুকান বালি চৰত যেন হেৰাই গৈছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ প্ৰকৃত ৰূপ।
এডাল শীৰ্ণ ৰেখালৈ পৰিণত হৈছে অসম আৰু অসমীয়াৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ।
ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত নৈখন প্রত্যক্ষ কৰিলে দৃশ্যমান হয় কেৱল বালিময় পৰিৱেশ।
বুঢ়ালুইতৰ এনে অস্বাভাৱিক পৰিৱৰ্তনক লৈ চিন্তিত হৈ পৰিছে নৈপৰীয়া।জীৱন জীৱিকাৰ প্ৰতি আহিছে ভাবুকি।নৈপৰীয়াৰ শংকা, নি:শেষ হ’ব সকলো।ভৰ বাৰিষা ফেনে ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী।চাৰিওফালে এতিয়া কেৱল বালি আৰু বালি চৰ।
বিস্তীৰ্ণ এলেকাত বাৰিষাৰ দিনত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে খৰালিত মৰুভূমিসদৃশ পৰিবেশে বিৰাজ কৰিছে।মাত্ৰাধিক হাৰত ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছে বালিচৰ, গজিছে ঘাঁহ-বন।বিশাল ব্ৰহ্মপুত্ৰৰ এনে পয়ালগা অৱস্থাই স্বাভাৱিকতে নৈপৰীয়া পশু-পালকৰ লগতে মৎস্যজীৱীলৈও নামি আহিছে ঘোৰ অন্ধকাৰ।প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত থকা জীৱকুল।আনহাতে পূৰ্বতে যি স্থানত চলিছিল নাও সেই স্থানত এতিয়া চলিছে যান-বাহন।নৈৰ বক্ষত নিৰ্মাণ কৰা হৈছে ৩ কিলোমিটাৰ দৈৰ্ঘৰ অস্থায়ী পথ।জলস্তৰ হ্ৰাস হোৱাত দিচাং-টেকেলিফুটা পাৰঘাটত ফেৰী চলাচলত সৃষ্টি হৈছে সমস্যাৰ।সকলোৰ শংকা ক্ৰমাৎ নোহোৱা হৈ যাব নেকি ব্ৰহ্মপুত্ৰ।উল্লেখ্য যে তিব্বতত থকা ব্ৰহ্মপত্ৰৰ উৎপক্তিস্থলী “য়াৰলুং জাংব’ত চীনে নির্মাণ কৰিবলৈ আৰম্ভ কৰিছে বৃহৎ জলবিদ্যুৎ প্রকল্প।

আন্ত:জাৰ্তিক পৰিৱেশ বিজ্ঞানী সকলে এই বৃহৎ
জলবিদ্যুৎ প্রকল্পক লৈ পুনৰবাৰ চিন্তা কৰা উচিত মন্তব্য কৰিছে।যদিহে চীনৰ এই অভিপ্ৰায় সঁচা হয় তেন্তে,অসমীয়াৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰই দেখিব আৰু ভয়ানক সময়।

