...

নগাঁৱৰ জাগীয়ালত মৰণা মৰা মেচিন পৰি দুজন যুৱকৰ মৃত্যু

Spread the love

নগাঁৱৰ জাগীয়ালত মৰণা মৰা মেচিন পৰি দুজন যুৱকৰ মৃত্যু

নগাঁও,

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জাগীয়ালত মৰণা মৰা মেচিন বহি যোৱাৰ ফলত দুজন যুৱকে কৰুণভাৱে মৃত্যুক আকোঁৱালি লʼব লগা হয়। মৃত‌ যুৱক দুজন হৈছে শেতালীৰ নৱকৃষ্ণ ডেকা আৰু লঠাবৰীৰ অজয় বৰদলৈ। প্ৰাপ্ত বাতৰি‌ মতে যোৱা মংগলবাৰে সন্ধিয়া এখন ট্ৰেক্টৰে ধানৰ মৰণা মেচিনটো টানি নিয়া অৱস্থাত মেচিনটো বাগৰি পৰে। মেচিনৰ ওপৰত উঠি গৈছিল মৃত যুৱক দুজন‌ । গাঁওখনৰ তিনি ঘৰত মৰণা মাৰি আন এঘৰলৈ মৰণা মৰাৰ বাবে পথাৰেদি গৈ থাকোঁতে এটা খাল পাৰ হওতেই মেচিনটো বাগৰি পৰে। ফলত মেচিনৰ ওপৰত বহি যোৱা যুৱক দুজন‌ পৰি যায় আৰু মেচিনটোৱে হেঁচা মাৰি ধৰে । ঘটনাস্থলীতে নৱকৃষ্ণ ডেকা আৰু অজয় বৰদলৈৰ মৃত্যু হয় । পাছত ঘটনাস্থলীৰ কাষতে থকা গাঁওবাসীয়ে দুয়ো যুৱককে উদ্ধাৰৰ বহু চেষ্টা কৰে যদিও দুয়োৰে মৃত্যু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *