জুবিন গাৰ্গৰ ৫৩সংখ্যক ওপজা দিনটো “জাতীয় স্বাভিমান দিৱস” ৰূপে উদযাপন কৰিব কলিয়াবৰবাসীয়ে
ঋতু পৰ্ণ শৰ্মা
সমগ্ৰ অসমক শোকস্তব্ধ কৰি মহাপ্ৰয়াণ ঘটা অমৃতকণ্ঠ,অসমৰ সাংস্কৃতিক জগতৰ সু-নিপুণ শিল্পী তথা বিৰল ব্যক্তিত্বৰ গৰাকী হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ অহা ১৮ নৱেম্বৰত ৫৩ সংখ্যক ওপজা দিন। প্ৰয়াত শিল্পীগৰাকীৰ কলিয়াবৰৰ সৈতে সাংস্কৃতিক জীৱনৰ আৰম্ভণিৰে পৰা এক সুকীয়া সম্পৰ্ক আছিল । হিয়াৰ আমঠুগৰাকীৰ অবৰ্তমানত সেই সম্পৰ্কক বাস্তৱ ৰূপ দিয়াৰ এক আন্তৰিক প্ৰয়াস কৰা হৈছে ৷ কলিয়াবৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহ আৰু ৰাইজৰ উদ্যোগত তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ব্যৱস্থাপনাত প্ৰয়াত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে “জাতীয় স্বাভিমান দিৱস” নামেৰে এক কাৰ্যসূচী উদযাপনৰ দিহা কৰা হৈছে। সেই উপলক্ষে
কুঁৱৰীটোলত জুবিন গাৰ্গৰ স্মৃতিত নৱনিৰ্মিত এক প্ৰাংগনত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে উদ্যোক্তাসকলে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷ কলিয়াবৰীয়া বাৰেবৰণীয়া সাংস্কৃতিক ৰূপৰেখাৰে আয়োজিত হ’ব এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই অনুষ্ঠানত “ব্ৰহ্মা আদি কৰি জীৱ যত” (ঘোষা),পাঁচশ গায়ন-
বায়নৰ মংগলাচৰণ,তিনি হাজাৰ আই-মাতৃৰ দিহানাম, জিকিৰ-জাৰি,অসমীয়াৰ লগতে বড়ো,কাৰ্বি,বাগানীয়া,নেপালী,বঙালী ভাষাত ‘মায়াবিনী’ আৰু জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰা হ’ব। এই অনুষ্ঠানতে পৰিত্যক্ত হৈ থকা চৰকাৰী ভূমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নামাংকন কৰি এই প্ৰাংগণ ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰিব মন্ত্ৰী কেশৱ মহন্তই। এই অনুষ্ঠানতে জুবিন গাৰ্গক যুগমীয়া কৰি ৰাখিবলৈ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়সমূহ যুগুতাই প্ৰকাশ কৰা হ’ব এক পুস্তিকা। মুকলি হ’বলগীয়া প্ৰাংগণত জুবিন গাৰ্গৰ সৃষ্টিৰ চৰ্চা চলিব বুলি কলিয়াবৰবাসীয়ে আশা কৰিছে। তদুপৰি,কলিয়াবৰৰ লুইতপাৰৰ হাতীমূৰাত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত এটি প্ৰতিমূৰ্তি শিল্পীগৰাকীৰ ৫৩সংখ্যক ওপজা দিনত ৰাইজলৈ উৎসৰ্গা কৰা হ’ব। কলিয়াবৰৰ সৈতে জুবিন গাৰ্গৰ সংগীত জীৱনৰ আৰম্ভণিৰে পৰা এক সুকীয়া সম্পৰ্ক আছিল। কলিয়াবৰৰ কেইবাটাও প্ৰযোজক গোষ্ঠীৰ প্ৰযোজনাত বিহু,দিহানামত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে। কেইবা গৰাকীও কলিয়াবৰীয়া গীতিকাৰ-সুৰকাৰৰ লগত আছিল জুবিন গাৰ্গৰ সুমধুৰ সম্পৰ্ক। এই সম্পৰ্কক অধিক মধুৰ কৰি তুলিছিল জুবিন গাৰ্গৰ “তুমি মোৰ মাথোঁ মোৰ” আৰু “কাঞ্চনজংঘা” নামৰ কথাছবি দুখনে। “তুমি মোৰ মাথোঁ মোৰ” কথাছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল বুঢ়াপাহাৰস্থিত “ৰাইন’লেণ্ড” নামৰ অসম চৰকাৰৰ সামাজিক বনানীকৰণৰ এক পৰিদৰ্শন বাংলোত আৰু “কাঞ্চনজংঘা” কথাছবিখনৰ নিৰ্মাণৰ সময়ত কলিয়াবৰৰ হাতীমূৰাৰ শ্ৰীশ্ৰীদশভূজা দুৰ্গা দেৱালয়ৰ লগতে হাতীমূৰা অঞ্চলৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। এই স্থানতে দুটা দিন থাকি “কাঞ্চনজংঘা”ৰ দৃশ্যগ্ৰহণ কৰিছিল জুবিন গাৰ্গে। এই স্মৃতি যুগমীয়া কৰি তুলিবৰ বাবে স্থানীয় ৰাইজৰ সহযোগত স্থানীয় সমাজকৰ্মী কৃষ্ণ মহন্তৰ উদ্যোগত এই প্ৰতিমূৰ্তিস্থলীৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে এই প্ৰতিমূৰ্তি উৎসৰ্গা কৰা হ’ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনত। এই সন্দৰ্ভত জুবিন
গাৰ্গৰ “কাঞ্চনজংঘা” কথাছবিত ৰাম নামৰ চণ্ডাল এজনৰ চৰিত্ৰত অভিনয় কৰা সঞ্জীৱ বুঢ়াগোঁহায়ে কয়,“২০১৮ চনত দুটা ৰাতি কলিয়াবৰৰ লুইতপাৰৰ মনোৰম পৰিৱেশৰ হাতীমূৰাত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিলোঁ। এই ঠাইত ঐতিহাসিক শ্ৰীশ্ৰী দশভূজা দুৰ্গা মন্দিৰ আছে। তাৰ কাষতে এই দৃশ্যগ্ৰহণ চলিছিল। জুবিন গাৰ্গৰ লগত বহু স্মৃতি জড়িত হৈ আছে । তেখেতৰ “মিছন চাইনা”ত মই সহকাৰী পৰিচালক আছিলো। “কাঞ্চনজংঘা”ত অভিনয়ৰ সুযোগ পাইছিলো। যোৱা বৰ্ষত ‘চিকাৰ’ কথাছবিতো অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ,যিখন ছবিয়ে এইবাৰ ইণ্ডিয়ান পেন’ৰামাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। দুটা দিন হাতীমূৰাৰ সেই মনোৰম পৰিৱেশত জুবিনদাৰ সৈতে অভিনয় কৰিছিলোঁ। সেই স্থানতে তেখেতৰ স্মৃতিত তেখেতৰ অনুৰাগীসকলে অহা ১৮ নৱেম্বৰৰ ওপজা দিনটোত প্ৰতিমূৰ্তি উন্মোচন কৰিব বুলি জানি সুখ পাইছোঁ। তেখেতসকলক ধন্যবাদ জনাইছোঁ। দাদাৰ স্মৃতিসমূহ আমাৰ মনত সদায় থাকিব। তেওঁৰ সৃষ্টিশীল প্ৰতিভাক এনেদৰেই জীয়াই ৰাখিব লাগিব ।”