ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বি-বাৰ্ষিক অষ্টাদশ সংখ্যক নাট ভাওনা প্ৰদৰ্শন
পৰিৱেশনত বিশ্ববিদ্যালয় পৰিয়ালৰ শিল্পী
চাইন অন ডেস্ক:
বিশ্ববিদ্যালয়ত ১৫ নৱেম্বৰ ২০২৫ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয় ভাওনা উদযাপন সমিতিৰ উদ্যোগত দিলীপ গগৈ আৰু ৰবীন বৰুৱাৰ নেতৃত্বৰ শ্যাম সুন্দৰ নাট্যগোষ্ঠীৰ গায়ন বায়ন আৰু ড° লখিৰাম শইকীয়াৰ পৰিচালনাত বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগমঞ্চত ” বিশ্বজিতৰ হৰিদৰ্শন, জয়াসুৰ বধ” নাটভাগি প্ৰদৰ্শন কৰা হয়। পূৱা ৯-৩০ বজাত ভাওনা উদযাপন সমিতিৰ সভাপতি প্ৰাধ্যাপক ড° লখিৰাম শইকীয়া দেৱৰ দ্বাৰা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত স্মৃতি তৰ্পন কায্যসূচীৰ শুভাৰম্ভ কৰে সম্পাদক বলিন চন্দ্ৰ নাথে । পুৱা অনুষ্ঠিত দুয়োটি কাৰ্য্যসূচীৰ আঁত ধৰে উদযাপন সমিতিৰ যুটিয়া সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে। দুপৰীয়া ১১বজাৰ পৰা
নামাচাৰ্য বিজয় কৃষ্ণ মহন্তদেৱৰ নেতৃত্বত নাম প্ৰসংগত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে দাঁতি কাষৰৰ ভালেকেইখন গাৱৰ ভকত বৈষ্ণৱসকলে। সন্ধ্যা বৰপথাৰ যুৱক সংঘৰ সদস্যসকলে বিশ্ববিদ্যালয় চৌহদ জ্যোতি বাটচৰাৰ পৰা ভাওনাস্থলী পৰ্যন্ত বিগত বৰ্ষ বিলাকৰ দৰে বন্তি প্ৰজ্বলনৰে আলোকিত কৰে। ভাওনাভাগীৰ লগত সংগতিৰাখি বিশ্ববিদ্যালয়ৰে সহকাৰী অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থখনিৰ উন্মোচনৰ লগতে ভাওনাভাগীৰো আনুষ্ঠানিক উদ্বোধন কৰে বিশ্ববিদ্যালয় সন্মানীয় উপাচাৰ্য ড° জিতেন হাজৰিকাই। উক্ত উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড°পৰমানন্দ সোনোৱাল, ড°গোপাল চন্দ্ৰ হাজৰিকাকে প্ৰমুখ্য কৰি ভালে কেইজন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ভাওনাৰ প্ৰাকক্ষণত দিলীপ গগৈ আৰু ৰবীন বৰুৱাৰ নেতৃত্বত শ্যাম সুন্দৰ নাট্যগোষ্ঠীৰ সদস্য সকলে গায়ন বায়ন প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।প্ৰায় সকলো বিভাগৰ শিক্ষক-গৱেষক,ছাত্ৰ-ছাত্ৰী, বিষয়া-কৰ্মচাৰী আহি ভাওনাখন উপভোগ কৰে আৰু শিল্পীসকলৰ সুন্দৰ আৰু উজ্জীৱিত প্ৰদৰ্শনে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনত প্ৰতি দুবছৰৰ মূৰে মূৰে এই অনুষ্ঠানভাগি উদযাপন কৰি অহা হৈছে আৰু এইবাৰ ৩৬ বছৰত ভৰি দিছে। শংকৰ গুৰুজনাৰ আদৰ্শ প্ৰচাৰ আৰু সাংস্কৃতিক ভেঁটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ এই প্ৰচেষ্টা নিঃসন্দেহে প্ৰশংসনীয়।