...

প্ৰধানমন্ত্ৰীৰ নুমলীগড় ভ্ৰমণৰ প্ৰস্তাৱৰ প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

Spread the love

প্ৰধানমন্ত্ৰীৰ নুমলীগড় ভ্ৰমণৰ প্ৰস্তাৱৰ প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

অসমৰ আৰ্থ-সামাজিক বিকাশৰ বাবে ১৮,০০০ কোটিৰ প্ৰকল্প আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে: মুখ্যমন্ত্ৰী

 

চাইন অন ডেস্ক:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলা ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক নুমলীগড় ভ্ৰমণৰ সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়।
উল্লেখযোগ্য যে অহা ১৪ ছেপ্টেম্বৰত নুমলীগড়ত নৱনিৰ্মিত বাঁহ ভিত্তিক ইথানল প্লাণ্ট উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নুমলীগড় শোধনাগাৰ চৌহদৰ ভিতৰত টেংকাৰ ষ্টেণ্ডত অনুষ্ঠিত হ’বলগীয়া জনসভাৰ ব্যৱস্থা আজি মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সফলতা নিশ্চিত কৰিবলৈ ড০ শৰ্মাই কেবিনেট মন্ত্ৰী, সাংসদ, বিধায়ক, জিলা প্ৰশাসন আৰু প্ৰস্তুতিত নিয়োজিত অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নুমলীগড় টেংকাৰ ষ্টেণ্ডত এক বৃহৎ ৰাজহুৱা সভাত ভাষণ দিব, য’ত এক লাখৰো অধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। খোৱাপানী, যান-বাহন পাৰ্কিং, অনাময় ব্যৱস্থা আৰু জনসাধাৰণৰ বাবে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰ্যাপ্ত ব্যৱস্থা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। নিৰাপত্তা ব্যৱস্থাৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সময়ত যাতে সভাস্থলীৰ ওচৰত যান-জঁটৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসনক কয়।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রীয়ে জনোৱা মতে, বাঁহ ভিত্তিক ইথানল প্লাণ্টটো প্রায় ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হৈছে৷ এই প্ৰকল্পৰ সমান্তৰালকৈ ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে নুমলীগড় আৰু মঙলদৈৰ পৰা ১৮,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প আৰম্ভ কৰিব, যিয়ে অসমৰ আৰ্থ-সামাজিক উন্নয়নৰ নতুন যুগৰ সূচনা কৰিব।
ইফালে আজি নুমলীগড় ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণলৈ আগতীয়াকৈ আদৰণি জনোৱাৰ ইংগিত হিচাপে লেটেকুজান–টেংকাৰ ষ্টেণ্ড সংযোগী পথৰ কাষত নিম গছপুলি ৰোপণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *