পৰকীয়া প্ৰেমৰ বাবেই শেষ হল এখন সংসাৰ
নৃশংস হত্যাৰ বলি হোৱা উত্তম গগৈৰ চাৰি হত্যাকাৰীক গ্ৰেপ্তাৰ
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে উত্তম গগৈৰ পত্নী, কন্যা সহ দুই চুপাৰী কিলাৰক
পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈক
চাইন অন ডেস্ক:
পৰকীয়া প্ৰেমৰ বাবেই শেষ হল এখন সুখৰ সংসাৰ।পলকতে শেষ হৈ গল জীৱন আৰু বহু জীৱন কলা কুঠৰিত।ডিব্ৰুগড়ৰ বৰবৰুৱাত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ সৈতে পত্নী-কন্যা জৰিত হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে।কেৱল সিমানেই নহয়, চুপাৰি কিলাৰ লগাই নিজ স্বামী বা পিতৃ উত্তম গগৈক যোৱা ২৫ জুলাইত হত্যা কৰা ঘটনাই মানুহক সন্তানৰ প্ৰতি থকা আস্থা বা বিস্বাসৰ ওপৰতো সন্দেহ ঘনীভূত কৰি তুলিছে।যেতিয়া নিজ পত্নী বা কন্যাই হত্যাকাৰী ৰূপ লব পাৰে,তেন্তে
উল্লেখ্য যে ডিব্ৰুগড় বৰবৰুৱা আৰক্ষী চকীৰ অন্তৰ্গত লাহন গাওঁত উত্তম গগৈ ওৰফে চেং কাই নামেৰে সৰ্ব্বজনপ্ৰিয় লোক গৰাকীক অতি নৃশংসভাবে নিজ বাসগৃহতে যোৱা ২৫ জুলাইত হত্যা কৰা হৈছিল আৰু ঘটনাটো পুৱাহে বন কৰা ছোৱালীৰ পৰা সকলোৰে জনাজাত হৈছিল।যদিও কোনে আৰু কিয় এই ঘটনা সংঘটিত কৰিলে,সেয়া পোহৰলৈ অহা নাছিল।প্ৰাথমিক অৱস্থাত এই ঘটনা ডকাইতি বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত পৰিয়াল আৰু গাওবাসীয়ে ঘটনাৰ ওপৰত সন্দেহ ব্যক্ত কৰি নিহত উত্তমৰ ভাতৃয়ে ঘটনাৰ বিষয়ে তদন্ত কৰিবলৈ বৰবৰুৱা আৰক্ষী থানাত এক গোচৰ দিয়ে।আৰক্ষীয়ে পৰৱৰ্তী সময়ত ঘটনাৰ তদন্ত কৰি আজি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত উত্তমৰ পত্নী ববী গগৈ,কন্যা আৰু দুই যুৱকক গ্ৰেপ্তাৰ কৰে।
২৫ জুলাইত সংঘটিত হৈছিল সেই নৃশংস ঘটনাটো
যোৱা ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লাহন গাওঁত।বৰবৰুৱা আৰক্ষী থানাৰ লাহন গাঁৱৰ উদীয়মান ব্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংস ভাৱে হত্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী ছেদেলি ভেদেলি কৰি মুল্যবান বয়- বস্তু চোৰ কৰি লৈ গৈছিল হত্যাকাৰীয়ে।প্ৰাথমিক অৱস্থাত ই এক ডকাইটিৰ ঘটনা বুলি অনুমান কৰা হৈছিল।ডিব্ৰুগড়ত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডই,সমগ্ৰ ডিব্ৰুগড় জোকাৰি গৈছিল।ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত লাহন গাঁৱত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো।উত্তম গগৈ ওৰফে চেং কাই নামে পৰিচিত ব্যক্তিজনক নিজ বাসগৃহতে হত্যা কৰি থৈ গৈছিল কোনো অচিনাক্ত দুৰ্বৃত্তই। পুৱাৰ ভাগত উত্তম গগৈৰ বনকৰা ছোৱালীজনীয়ে জগাই দিবলৈ গৈ ঘৰৰ প্ৰধান দুৱাৰখন ধকিয়াই যদিও কোনো সহাৰি নিদিয়াত দুৱাৰ থেলি সোমাই যায়।তেতিয়াই বনকৰা ছোৱালীজনীয়ে তেজৰ চেকুৰা প্ৰত্যক্ষ কৰে।লগতে চেং কাইয়ে তলমুৰ হৈ নিঠৰ দেহাৰে বিছনাত পৰি থকা প্ৰত্যক্ষ কৰে।
ৰক্তাক্ত অৱস্থাত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি কৰে বনকৰা ছোৱালীজনীয়ে।তেতিয়া তাই উত্তম গগৈৰ পত্নীলৈ ফোন কৰে যে উত্তম দাদা বিছনাতে তলমুৱা হৈ তেজত লুতুৰিপুতুৰি হৈ পৰি আছে।ইয়াতে উল্লেখ কৰিব লাগিব যে পত্নী বেবী গগৈয়ে সেই নিশা কন্যা আৰু পুত্ৰসহ প্ৰায় তিনি কিলোমিটাৰ নিলগৰ কাকতী গাওঁত আছিল।বনকৰা ছোৱালীৰ ফোন পাই ততাতৈয়াকৈ পত্নী বেবী গগৈ সন্তানসহ নিজ গৃহত উপস্থিত হৈ এয়া প্ৰেচাৰ স্ট্ৰক বুলি সকলোকে পতিয়ন নিয়াব বিছাৰে।যদিও তেজৰ চিটিকনি ঘৰৰ মজিয়াত,বেৰত লাগি থকাৰ লগতে চেং কাইৰ এখন কান চিঙি দূৰত পৰি থকাৰ প্ৰতি লক্ষ্য ৰাখি উপস্থিত ৰাইজৰ সন্দেহ জন্মে।পিছত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে এএমচিলৈ প্ৰেৰণ কৰে।
কিদৰে হত্যাকাণ্ডটোৰ পৰিকল্পনা ৰচনা হৈছিল ?
উত্তম গগৈ ওৰফে চেং কাই ক্ৰমে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল পত্নী ববী গগৈ আৰু ডিব্ৰুগড়ৰ চল্ট ব্ৰুক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ।কিয়নো অভিযোগ অনুসৰি পত্নী ববী গগৈৰ পৰকীয়া প্ৰেম আছিল ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ এগৰাকী কৰ্মচাৰীৰ সতে।আনহাতেদি নাবালিকা জীয়ৰীৰ প্ৰেম আছিল গাওঁৰে এক লৰাৰ সতে।যিটো নেকি পিতৃ উত্তম গগৈয়ে সমূলি ভাল পোৱা নাছিল।এই বিষয়ক লৈ ঘৰত প্ৰায়েই অশান্তি,কাজিয়া হৈছিল।যিবিলাক তদন্তৰ সময়ত উদঘাটন হৈছে।যাৰ বাবেই বাটৰ কন্টক আঁতৰ কৰিবলৈ মাতৃ-কন্যাই চুড়ান্ত সিধান্ত লৈছিল।সেই মৰ্মে পৰিকল্পনা ৰচনা কৰে আৰু ইয়াৰ বাবে কন্যাৰ প্ৰেমিক জামিৰা মটক গাওঁৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাওঁৰ গৌৰাংগ পাত্ৰক এই হত্যাকাণ্ডৰ বাবে চুক্তিবদ্ধ কৰে।এন এক জঘন্য হত্যাকাণ্ডৰ বাবে কেইবা লাখ টকা নগদ ধন আৰু সোণৰ অলংকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়।কথা মতেই দুই হত্যাকাৰী, মাতৃ-কন্যাৰ সতে পৰিকল্পনাত বহে আৰু ২৪ জুলাইত হত্যাৰ চূড়ান্ত দিন ধাৰ্য কৰে।সময় অনুসৰি নিশাৰ ভাগত হত্যাকাৰী দীপজ্যোতি আৰু গৌৰাংগ ঘৰৰ বাহিৰত উপস্থিত হৈছিল।কিন্তু কিছু খেলিমেলি হোৱাৰ বাবেই উভতি আহিব লগাত পৰে।
২৫ জুলাইৰ সেই ভয়াৱহ নৃশংস হত্যাকাণ্ডটো
অৱশেষত চেং কাইক নিশেষ কৰাৰ দিন ধাৰ্য কৰা হল ২৫ জুলাইৰ শুক্ৰবাৰৰ নিশা।নিশা শুৱা পাটিতে হত্যা কৰা হব।যুৱ ব্যবসায়ী উত্তম গগৈ ওৰফে চেং কাই আন দিনাৰ দৰেই সিদিনাও সময়তকৈ অলপ পলমকৈ ঘৰলৈ আহিছিল।ঘৰত সোমাই নিজ নৈমিত্তিক কাম-কাজ কৰি ভাতৰ পাতত বহিছিল।ঘৰত সকলোৱেই একেলগেই নিশাৰ ভাত খাই যদিও সিদিনা কেৱল ষষ্ঠ শ্ৰেণীত পঢ়া লৰাটোৰ সতে ভাত খাইছিল।মাক আৰু জীয়েকে খোৱা নাছিল।ভাত খোৱাৰ পিছত অলপ জিৰাই নিজ বিছনাত শুৱলৈ যায়।উল্লেখ্য যে প্ৰকাণ্ড ঘৰটোৰ একেটা কোঠাত পত্নী ববীৰ সৈতে সুকীয়াকৈ আন এক বিছনাত উত্তম গগৈ শুৱে।নিশা তেতিয়া কিমান বাজিছিল,সেয়া জানিব পৰা হোৱা নাই।চেং কাই টুপনিত লালকাল হোৱাৰ পাছত ঘৰৰ ভিতৰৰ পৰা সংকেত পোৱাৰ লগে লগেই পদুলিৰ সন্মুখত এখন ৰঙা আই ১০ গাড়ী(এএচ-০১-ইজি- ৯০৭৮) উপস্থিত হয়।
হত্যাকাণ্ড সংঘটিত কৰি নিজ মাতৃ গৃহলৈ পলায়ন ববী গগৈ

উল্লেখযোগ্য যে, উত্তম গগৈৰ মূল ব্যৱসায় হʼল দোকান ব্যৱসায় আৰু শিল-বালিৰ যোগান ধৰাকে আদি কৰি বিভিন্ন ঠিকা-ঠুকলি আদি কৰা। কেইবা লাখ টকাৰ লেন-দেন থকা তেওঁৰ এই ব্যৱসায়ত বিভিন্ন জনে তেনে কাম-কাজত ভাগে-ভাগে কেইবা লাখকৈ টকা তেওঁক পৰিশোধ কৰিবলৈ বাকী আছিল বুলি জনা যায়। যিকোনো কাৰণতে নহওক, সাধাৰণতে অমায়িক স্বভাৱৰ আৰু সকলোৰে লগত হাঁহি-ধেমালি কৰিয়েই থকা উত্তম গগৈৰ মৃত্যুত আজিও সমগ্ৰ বৰবৰুৱাবাসী মৰ্মহাত।
জিলা আৰক্ষী অধীক্ষকে ঘটনাৰ তদন্ত শেষ নোহোৱা বুলি উল্লেখ কৰি এই ঘটনাৰ বাবে তদন্তৰ খাতিৰত আৰু কেইবাজনো লোকক আটক কৰা হব পাৰে বুলিও মন্তব্য কৰে।ইফালে চেং কাইৰ নাবালিকা কন্যা আৰু হত্যাকাৰী গৌৰাংগক যোৰহাটৰ জুভাইনেল জেললৈ প্ৰেৰণ কৰা হয়।আনহাতে লুকুৱাই ৰখা সোণৰ গহনা খিনি আজি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইফালে আৰক্ষী ক্ষীপ্ৰতাৰে তদন্ত কৰি ঘটনাৰ লগত জৰিত থকাসকলক গ্ৰেপ্তাৰ কৰাত আস্বস্ত হৈছে।সেয়ে ৰাইজে আৰক্ষীৰ এনে তৎপৰতাৰ বাবে আৰক্ষী বিষয়াক চেলেং পিন্ধাই সন্মান জনাই।

