ডিব্ৰুগড়ৰ গ্ৰন্থ মেলাত উন্মোচন কৰা হ’ল সাংবাদিক শৰৎ চন্দ্ৰ নেওগৰ ৰচিত ডিব্ৰুগড়ৰ ইতিহাস গ্ৰন্থ
চাইন অন ডেস্ক,৯নবেম্বৰ:
অতীত ডিব্ৰুগড়ৰ বহু ৰোমাঞ্চকৰ তথ্য সমৃদ্ধ ঘটনা-পৰিঘটনাৰে পৰিপূৰ্ণ এখন ইতিহাস গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ালে লেখক তথা জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে। গ্ৰন্থখনৰ নাম “তাহানিৰ ডিবৰুগড় ডিব্ৰুগড়।” ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অন্যতম কাৰ্যসূচী হিচাপে সদ্য প্ৰকাশিত গ্ৰন্থখন প্ৰকাশ কৰিছে ডিব্ৰুগড় প্ৰেছ ক্লাৱে। খোজ অসমৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেল পথাৰত অনুষ্ঠিত সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱৰ থলীত ৯ নবেম্বৰৰ দিনা গ্ৰন্থখন উন্মোচন কৰে স্থানীয় নাট্যকাৰ, নাট পৰিচালক তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত 
ডিব্ৰুগড় জ্ঞান মালিনী অনাতাঁৰ কেন্দ্ৰৰ অন্যতম অনুষ্ঠান কাযবাহী স্বপ্নালী ভূঞাই আঁত ধৰা উন্মোচনী সভাত উন্মোচকে উন্মোচন কৰাৰ পূৰ্বে গ্ৰন্থকাৰ শৰৎ চন্দ্ৰ নেওগে গ্ৰন্থখন ৰচনা কৰাৰ পটভূমিৰ কথা ব্যক্ত কৰাৰ লগতে হেৰাই যাব ধৰা
গ্ৰন্থখনৰ উন্মোচক মুনীন শৰ্মাই তেখেতৰ উন্মোচকৰ ভাষণত আশা প্ৰকাশ কৰে যে, গ্ৰন্থখনে যে, অতীত ডিব্ৰুগড়ৰ বহু নজনা কথাৰ সন্ধান দিব পাৰিব সি নিশ্চিত। গ্ৰন্থখনৰ সামগ্ৰিক উপস্থাপনৰ এনে এক কৌশল ব্যৱহাৰ কৰিছে, যাৰ ফলত কোনো পঢ়ুৱৈয়ে পঢ়োঁতে আমনি নেপাব বুলি ধৰিব পাৰি। গ্ৰন্থখনে ভৱিষ্যতৰ ডিব্ৰুগড়ৰ ইতিহাস লেখোঁতাক বহুখিনি সকাহ দিব পাৰিব বুলি নিশ্চিত ভাবে ক’ব পাৰি।
সভাপতিৰ ভাষণত সভাপতি মানস জ্যোতি দত্তই ব্যক্ত কৰে যে, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ সময়ত শৰৎ চন্দ্ৰ নেওগৰ ৰচিত এই ডিব্ৰুগড়ৰ ইতিহাস গ্ৰন্থখনে সোণালী জয়ন্তী উৎসৱৰ গুৰুত্ব অধিক বৃদ্ধি কৰিলে। এনে এখন ডিব্ৰুগড় বাসীৰ বাবে গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিবলৈ পাই আমিও গৌৰৱ অনুভৱ কৰিছোঁ। বয়সে ভাটি দিলেও সদা ব্যস্ত আৰু সদা সক্ৰিয়, আপোচবিহীন জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগৰ পৰা কেৱল ডিব্ৰুগড় প্ৰেছ ক্লাৱেই নহয়,ডিব্ৰুগড় বাসীয়েও আৰু অধিক অবদান আশা কৰে বুলিও ভাষণ প্ৰসংগত দত্তই প্ৰকাশ কৰে।