বুশ্বানত ভাৰতৰ সামুদ্রিক অংশীদাৰিত্বৰ সম্প্ৰসাৰণ, জাহাজ নিৰ্মাণৰ যোগান শৃংখলাৰ পৰা জাহাজ পুনঃচক্ৰায়নলৈ সহযোগিতাৰ নতুন দিগন্ত | • চাইপ্ৰাছে ভাৰতৰ জাহাজ পুনঃচক্রায়ন কেন্দ্ৰসমূহৰ বাবে ইউৰোপীয় সংঘৰ স্বীকৃতি লাভৰ প্ৰচেষ্টাত সমর্থন আগবঢ়ালে, সেউজ জাহাজ পৰিবহণৰ বাবে ভাৰত- দক্ষিণ কোৰিয়াৰ পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ “ভাৰতৰ সামুদ্রিক ৰূপান্তৰে বিনিয়োগ, উদ্ভাৱন আৰু ভাৰত-দক্ষিণ কোৰিয়াৰ মাজত দীৰ্ঘম্যাদী অংশীদাৰিত্ব শক্তিশালী কৰাৰ অপৰিসীম সুযোগ সৃষ্টি কৰিছে” : সৰ্বানন্দ সোণোৱাল বুশ্বান, দক্ষিণ কোৰিয়া, ২৭ অক্টোবৰঃ ভাৰতৰ জাহাজ নির্মাণ, জাহাজ পৰিবহণ, সেউজ সামুদ্রিক প্রযুক্তি আৰু বহনক্ষম জাহাজ পুনঃচক্রায়ন খণ্ডক বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দক্ষিণ কোৰিয়াৰ বুশ্বানত কেইবাখনো গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে৷ দক্ষিণ কোৰিয়াৰ সামুদ্রিক প্রতিষ্ঠান, জাহাজ নির্মাণকাৰী সংস্থা আৰু জাহাজ পৰিবহণ কোম্পানীসমূহৰ লগতে চাইপ্ৰাছৰ জাহাজ পৰিবহণ বিভাগৰ উপমন্ত্ৰী মেৰিনা হাজিমানোলিছৰ সৈতে অনুষ্ঠিত আলোচনাত বিনিয়োগ, উন্নত প্রযুক্তি, সামুদ্রিক বিত্তীয় ব্যৱস্থা, বন্দৰ উন্নয়ন, সেউজ জাহাজ পৰিবহণ আৰু জাহাজ পুনঃচক্ৰায়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয় ৷ প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ জাহাজ নির্মাণ খণ্ডই দ্ৰুত বিকাশৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ জাহাজ নির্মাণ খণ্ডই ভাৰত চৰকাৰৰ দূৰদৰ্শী পৰিকল্পনা আৰু নীতিগত পদক্ষেপৰ সমৰ্থনেৰে দ্ৰুতগতিত বিকাশ লাভ কৰিছে৷”চাইপ্ৰাছৰ জাহাজ পৰিবহণ বিভাগৰ উপমন্ত্ৰী মেৰিনা হাজিমানোলিছাৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত ভাৰতৰ যোগ্য জাহাজ পুনঃচক্রায়ন কেন্দ্ৰসমূহক ইউৰোপীয় সংঘৰ (EU) অনুমোদিত তালিকাত অন্তর্ভুক্ত কৰাৰ প্ৰচেষ্টাত চাইপ্ৰাছে সমৰ্থন আগবঢ়োৱাৰ কথা পুনৰ সুনিশ্চিত কৰে৷ এই স্বীকৃতিয়ে ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ বাবে ইউৰোপীয় বজাৰত নতুন বাণিজ্যিক সুযোগ সৃষ্টি কৰিবা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতে ৩৫টা জাহাজ পুনঃচক্রায়ন কেন্দ্রক এই তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাইছে৷ ২৩ জুলাইৰ খচৰা তালিকাত ভাৰতৰ তিনিটা কেন্দ্ৰৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি উল্লেখ কৰা হৈছে৷ বৈঠকত দুয়োপক্ষই জাহাজ পৰিবহণ, জাহাজ নির্মাণ, সামুদ্রিক বিনিয়োগ, নাৱিকসকলৰ কল্যাণ আৰু সামুদ্রিক সেৱাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰে৷ অহা নৱেম্বৰ মাহত চাইপ্ৰাছৰ প্ৰায় ২৫টা আগশাৰীৰ কোম্পানীয়ে ভাৰত ভ্ৰমণ কৰি জাহাজ পৰিচালনা, সামুদ্রিক প্ৰযুক্তি আৰু সংশ্লিষ্ট খণ্ডত অংশীদাৰিত্বৰ সম্ভাৱনা অন্বেষণ কৰিব বুলি জানিবলৈ দিয়া হয়৷ ভাৰত-চাইপ্ৰাছৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোণোৱালে কয়, “মই আমাৰ কৌশলগত অংশীদাৰিত্বক সুনির্দিষ্ট আৰু পাৰস্পৰিকভাৱে লাভজনক সামুদ্রিক সহযোগিতালৈ ৰূপান্তৰিত কৰাৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্রহী৷” বিশ্বৰ জাহাজ পুনঃচক্রায়ন উদ্যোগত ভাৰতৰ অগ্ৰণী স্থিতিৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে ২০২৫ চনত বিশ্বৰ জাহাজ পুনঃচক্রায়ন খণ্ডত ৩৫ শতাংশ অংশীদাৰিত্বৰে ভাৰতে প্ৰথম স্থান লাভ কৰিছিল৷ গুজৰাটৰ আলং-ছোছিয়া বিশ্বৰ সৰ্ববৃহৎ জাহাজ মেৰামতি আৰু পুনঃচক্ৰায়ন কেন্দ্ৰসমূহৰ অন্যতম৷ আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থা (IMO)-ৰ অধীনত হংকং
কনভেনশ্যন (HKC)-ৰ মান মানি চলা আলং-ছোছিয়াৰ ১১৫টা প্রতিষ্ঠানে ভাৰতৰ এই খণ্ডৰ সক্ষমতা আৰু বহনক্ষমতাৰ প্ৰতি থকা প্রতিশ্রুতি প্রতিফলিত কৰিছে৷ বর্তমান বছৰি ৪৫ লাখ লাইট ডিছপ্লেচমেণ্ট টন (LDT) ক্ষমতাসম্পন্ন এই উদ্যোগৰ সক্ষমতা ৯০ লাখ টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে৷ এই খণ্ডই প্রায় ১৫,০০০ লোকক প্ৰত্যক্ষভাৱে আৰু ১.৫ লাখ লোকক পৰোক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে৷ জাহাজ পুনঃচক্রায়ন আৰু নতুন জাহাজ নিৰ্মাণৰ মাজত সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে প্ৰৱৰ্তন কৰা ক্রেডিট নোট ব্যৱস্থাৰ অধীনত, নিৰ্ধাৰিত মান পূৰণ কৰা কেন্দ্ৰত জাহাজ পুনঃচক্রায়ন কৰা জাহাজৰ মালিকসকলে স্ক্রেপৰ মূল্যৰ ৪০ শতাংশৰ সমতুল্য ক্রেডিট লাভ কৰিব পাৰে৷ এই ক্রেডিট ভাৰতীয় জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠানত নতুন জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যাব, যাৰ পৰিমাণ জাহাজ নিৰ্মাণৰ মুঠ ব্যয়ৰ সৰ্বাধিক ৫ শতাংশলৈকে হ'ব পাৰে৷ দক্ষিণ কোৰিয়াৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু সামুদ্রিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনাত ভাৰততে তৰলীকৃত প্রাকৃতিক গেছ (LNG) আৰু তৰলীকৃত পেট্ৰ'লিয়াম গেছ (LPG) পৰিবহণকাৰী জাহাজৰ বাবে বিশেষ কার্গো টেংক, ক্রায়’জেনিক গঠন, বৃহৎ জাহাজৰ ব্লক আৰু অন্যান্য উন্নত সামুদ্রিক সঁজুলি নিৰ্মাণৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ ক্ৰায়’জেনিক গঠন হৈছে অতি নিম্ন উষ্ণতাত গেছ তৰল অৱস্থাত সংৰক্ষণ আৰু পৰিবহণৰ বাবে ব্যৱহৃত বিশেষ টেংক আৰু ব্যৱস্থা৷ উদাহৰণস্বৰূপে, এল এন জি প্ৰায় মাইনাছ ১৬২ ডিগ্রী চেলছিয়াছ উষ্ণতাত তৰল অৱস্থাত পৰিবহণ কৰা হয়৷ এইধৰণৰ জাহাজ নিৰ্মাণৰ বাবে উন্নত অভিযান্ত্রিক দক্ষতা আৰু বিশেষ প্ৰযুক্তিৰ প্ৰয়োজন হয়৷ দক্ষিণ কোৰিয়াৰ প্ৰযুক্তিগত দক্ষতা আৰু ভাৰতৰ উৎপাদন ক্ষমতাৰ সমন্বয়ে দেশৰ জাহাজ নির্মাণ উদ্যোগক অধিক শক্তিশালী কৰাৰ লগতে সেউজ জাহাজ পৰিবহণৰ বিকাশত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷ সোণোৱালে কয়, “ভাৰতৰ বিকশিত সামুদ্রিক ব্যৱস্থাই দক্ষিণ কোৰিয়াৰ প্ৰযুক্তিগত দক্ষতা আৰু ভাৰতৰ উৎপাদন ক্ষমতাক একত্ৰিত কৰাৰ অপৰিসীম সুযোগ প্ৰদান কৰিছে৷ আধুনিক আৰু সেউজ জাহাজৰ বাবে ক্ৰায়’জেনিক টেংকৰ পৰা আৰম্ভ কৰি জাহাজৰ বৃহৎ ব্লকলৈকে বিশেষ প্ৰযুক্তিগত সক্ষমতাৰ প্ৰয়োজন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বৰ আগশাৰীৰ অংশীদাৰসকলৰ সহযোগত এই সক্ষমতা ভাৰততে গঢ়ি তোলাৰ দিশত আমি আগবাঢ়িছোঁ৷ ইয়াৰ ফলত ভাৰতৰ সেউজ জাহাজ পৰিবহণ ব্যৱস্থা অধিক শক্তিশালী হ'ব৷” ভাৰতৰ জাহাজ নির্মাণ খণ্ডৰ বিকাশৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে দেশত এক মিলিয়ন গ্ৰছ টনৰ অধিক ক্ষমতাসম্পন্ন পাঁচটা সেউজীয়া জাহাজ নির্মাণ ক্লাষ্টাৰ স্থাপনৰ বাবে নীতিগত অনুমোদন দিয়া হৈছে৷ বৰ্তমানৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহত প্রায় ২.৫ বিলিয়ন মার্কিন ডলাৰৰ প্ৰকল্পৰ কাম আগবাঢ়িছে আৰু ০.৭ বিলিয়ন মার্কিন ডলাৰৰ প্ৰস্তাৱ ইতিমধ্যে লাভ কৰা হৈছে৷ যোৱা বছৰ ভাৰতৰ জাহাজ নিৰ্মাণৰ উৎপাদন ৪০ শতাংশ বৃদ্ধি পাইছিল৷ জাহাজৰ চুক্তিবদ্ধ মূল্যৰ ১৫ৰ পৰা ২৫ শতাংশলৈকে আর্থিক সাহায্য প্ৰদানৰ ব্যৱস্থাই ১০০খনতকৈ অধিক জাহাজ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে,মূল্য ১.২৭ বিলিয়ন মার্কিন ডলাৰৰো অধিক৷ এই মূল্যৰ ৮০ শতাংশতকৈ অধিক অংশ ৰপ্তানি আদেশৰ সৈতে জড়িত৷
কোচিন শ্বিপয়ার্ড লিমিটেডে দক্ষিণ কোৰিয়াৰ এটা আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে জাহাজৰ ব্লক নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আৰু সম্ভাৱ্য যুটীয়া উদ্যোগ স্থাপনৰ বিষয়ে আলোচনা কৰে৷ দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠানটোৱেও ভাৰতত উৎপাদন সম্পৰ্কীয় সুযোগসমূহ মূল্যায়নকৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ ভাৰততে কার্গো টেংক আৰু ক্ৰায়’জেনিক গঠন নিৰ্মাণৰ সক্ষমতা গঢ়ি তোলাৰ জৰিয়তে দেশৰ জাহাজ নিৰ্মাণৰ আন্তঃগাঁথনি অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে৷ দক্ষিণ কোৰিয়াৰ কোৰিয়া মেৰিন ইকুইপমেন্ট ৰিছাৰ্চ ইনষ্টিটিউটৰ (KMERI) প্রতিনিধিসকলৰ সৈতে হোৱা আলোচনাত সেউজ প্রপালশ্যন প্রযুক্তি, স্মার্ট সামুদ্রিক প্রযুক্তি, সামুদ্রিক সঁজুলিৰ পৰীক্ষণ আৰু প্ৰমাণীকৰণ তথা প্ৰস্তাৱিত ইণ্ডিয়া শ্বিপ টেকন'লজি চেণ্টাৰৰ সৈতে সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়৷ ভাৰততে জাহাজৰ নক্সা প্ৰস্তুতকৰণ, গৱেষণা, পৰীক্ষণ আৰু প্ৰশিক্ষণৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ গঢ়ি তোলাৰ লক্ষ্যৰ কথা উল্লেখ কৰি সোণোৱালে দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠান আৰু সামুদ্রিক সঁজুলি নির্মাতাসকলক ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ জনায়৷ তেওঁ কয়, “আমি ইণ্ডিয়া শ্বিপ টেকন'লজি চেণ্টাৰক জাহাজৰ নক্সা, গৱেষণা, পৰীক্ষণ আৰু প্ৰশিক্ষণৰ এক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছোঁ৷ দক্ষিণ কোৰিয়াৰ কাৰিকৰী দক্ষতাৰ সহযোগত ভাৰততে পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ সুবিধা গঢ়ি তুলিলে ভাৰতত নিৰ্মিত সামুদ্রিক সঁজুলিসমূহে আন্তঃৰাষ্ট্ৰীয় মান পূৰণ কৰাত সহায়ক হ'ব৷ একে সময়তে সেউজ প্রপালশ্যন আৰু স্মাৰ্ট জাহাজ প্ৰযুক্তিৰ ক্ষেত্ৰতো ভাৰতৰ সক্ষমতা বৃদ্ধি পাব৷” দক্ষিণ কোৰিয়াৰ সামুদ্রিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে হোৱা আলোচনাত ভাৰতৰ মেৰিটাইম ডেভেলপমেণ্ট ফাণ্ড (MDF) আৰু সাগৰমালা ফাইনেন্স কৰ্প'ৰেশ্যন (SMFC)-ৰ জৰিয়তে বিনিয়োগ আৰু জাহাজৰ বিত্তীয় সাহায্যৰ সম্ভাৱনাসমূহ দাঙি ধৰা হয় ৷ এটা আগশাৰীৰ দক্ষিণ কোৰিয়াৰ জাহাজ পৰিবহণ কোম্পানীয়ে ভাৰতত নিজৰ কাৰ্যকলাপ সম্প্ৰসাৰণ, ভাৰতীয় পতাকাৰ অধীনত জাহাজ চলাচল, ভাৰততে নির্মিত কন্টেইনাৰ ব্যৱহাৰ আৰু আগন্তুক বধৱন বন্দৰৰ কৌশলগত গুৰুত্বৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰে৷ভাৰতৰ জাহাজ নির্মাণ উদ্যোগৰ বাবে প্ৰায় ৭.৮ বিলিয়ন মার্কিন ডলাৰৰ সাহায্য পেকেজ অনুমোদন, বৃহৎ জাহাজ নির্মাণ ক্লাষ্টাৰ স্থাপনৰ পদক্ষেপ আৰু প্ৰায় ২৩ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ ৪০০খনতকৈ অধিক জাহাজ সম্ভাৱ্য নিৰ্মাণৰ পৰিকল্পনাই এই খণ্ডত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে৷ এই বৈঠকসমূহত কোৰিয়া মেৰিন ইকুইপমেণ্ট ৰিছাৰ্চ ইনষ্টিটিউটৰ ইয়াং ৱন-চাং, চেজিন হেভি ইণ্ডাষ্ট্ৰীজৰ কিম জিন-জং, কোৰিয়া অ'চেন বিজনেছ কৰ্প'ৰেশ্যনৰ আহন বায়ং-গিল আৰু এইচ এম এমৰ জে ৱাই লীকে ধৰি কেইবাগৰাকীও বিশিষ্ট প্রতিনিধিয়ে অংশগ্ৰহণ কৰে৷ ভাৰতৰ জাহাজ নির্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্ৰিক সেৱাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ২০৪৭ চনলৈকে দেশৰ সামুদ্রিক খণ্ডৰ বিকাশত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, আধুনিক প্ৰযুক্তি আৰু বিনিয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰে৷
চাইপ্ৰাছৰ জাহাজ পৰিবহণ বিভাগৰ উপমন্ত্ৰী মেৰিনা হাজিমানোলিছাৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত ভাৰতৰ যোগ্য জাহাজ পুনঃচক্রায়ন কেন্দ্ৰসমূহক ইউৰোপীয় সংঘৰ (EU)
অনুমোদিত তালিকাত অন্তর্ভুক্ত কৰাৰ প্ৰচেষ্টাত চাইপ্ৰাছে সমৰ্থন আগবঢ়োৱাৰ কথা পুনৰ সুনিশ্চিত কৰে৷ এই স্বীকৃতিয়ে ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ বাবে ইউৰোপীয় বজাৰত নতুন বাণিজ্যিক
সুযোগ সৃষ্টি কৰিবা
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতে ৩৫টা জাহাজ পুনঃচক্রায়ন কেন্দ্রক এই তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাইছে৷ ২৩ জুলাইৰ খচৰা তালিকাত ভাৰতৰ তিনিটা কেন্দ্ৰৰ নাম
অন্তৰ্ভুক্ত হোৱা বুলি উল্লেখ কৰা হৈছে৷
বৈঠকত দুয়োপক্ষই জাহাজ পৰিবহণ, জাহাজ নির্মাণ, সামুদ্রিক বিনিয়োগ, নাৱিকসকলৰ কল্যাণ আৰু সামুদ্রিক সেৱাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰে৷ অহা
নৱেম্বৰ মাহত চাইপ্ৰাছৰ প্ৰায় ২৫টা আগশাৰীৰ কোম্পানীয়ে ভাৰত ভ্ৰমণ কৰি জাহাজ পৰিচালনা, সামুদ্রিক প্ৰযুক্তি আৰু সংশ্লিষ্ট খণ্ডত অংশীদাৰিত্বৰ সম্ভাৱনা অন্বেষণ কৰিব বুলি
জানিবলৈ দিয়া হয়৷
ভাৰত-চাইপ্ৰাছৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোণোৱালে কয়, “মই আমাৰ কৌশলগত অংশীদাৰিত্বক সুনির্দিষ্ট আৰু পাৰস্পৰিকভাৱে
লাভজনক সামুদ্রিক সহযোগিতালৈ ৰূপান্তৰিত কৰাৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্রহী৷”
বিশ্বৰ জাহাজ পুনঃচক্রায়ন উদ্যোগত ভাৰতৰ অগ্ৰণী স্থিতিৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে ২০২৫ চনত বিশ্বৰ জাহাজ পুনঃচক্রায়ন খণ্ডত ৩৫ শতাংশ অংশীদাৰিত্বৰে ভাৰতে
প্ৰথম স্থান লাভ কৰিছিল৷ গুজৰাটৰ আলং-ছোছিয়া বিশ্বৰ সৰ্ববৃহৎ জাহাজ মেৰামতি আৰু পুনঃচক্ৰায়ন কেন্দ্ৰসমূহৰ অন্যতম৷ আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থা (IMO)-ৰ অধীনত হংকং
কনভেনশ্যন (HKC)-ৰ মান মানি চলা আলং-ছোছিয়াৰ ১১৫টা প্রতিষ্ঠানে ভাৰতৰ এই খণ্ডৰ সক্ষমতা আৰু বহনক্ষমতাৰ প্ৰতি থকা প্রতিশ্রুতি প্রতিফলিত কৰিছে৷
বর্তমান বছৰি ৪৫ লাখ লাইট ডিছপ্লেচমেণ্ট টন (LDT) ক্ষমতাসম্পন্ন এই উদ্যোগৰ সক্ষমতা ৯০ লাখ টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে৷ এই খণ্ডই প্রায় ১৫,০০০ লোকক
প্ৰত্যক্ষভাৱে আৰু ১.৫ লাখ লোকক পৰোক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে৷
জাহাজ পুনঃচক্রায়ন আৰু নতুন জাহাজ নিৰ্মাণৰ মাজত সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে প্ৰৱৰ্তন কৰা ক্রেডিট নোট ব্যৱস্থাৰ অধীনত, নিৰ্ধাৰিত মান পূৰণ কৰা কেন্দ্ৰত
জাহাজ পুনঃচক্রায়ন কৰা জাহাজৰ মালিকসকলে স্ক্রেপৰ মূল্যৰ ৪০ শতাংশৰ সমতুল্য ক্রেডিট লাভ কৰিব পাৰে৷ এই ক্রেডিট ভাৰতীয় জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠানত নতুন জাহাজ
নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যাব, যাৰ পৰিমাণ জাহাজ নিৰ্মাণৰ মুঠ ব্যয়ৰ সৰ্বাধিক ৫ শতাংশলৈকে হ'ব পাৰে৷
দক্ষিণ কোৰিয়াৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু সামুদ্রিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনাত ভাৰততে তৰলীকৃত প্রাকৃতিক গেছ (LNG) আৰু
তৰলীকৃত পেট্ৰ'লিয়াম গেছ (LPG) পৰিবহণকাৰী জাহাজৰ বাবে বিশেষ কার্গো টেংক, ক্রায়’জেনিক গঠন, বৃহৎ জাহাজৰ ব্লক আৰু অন্যান্য উন্নত সামুদ্রিক সঁজুলি নিৰ্মাণৰ
সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷
ক্ৰায়’জেনিক গঠন হৈছে অতি নিম্ন উষ্ণতাত গেছ তৰল অৱস্থাত সংৰক্ষণ আৰু পৰিবহণৰ বাবে ব্যৱহৃত বিশেষ টেংক আৰু ব্যৱস্থা৷ উদাহৰণস্বৰূপে, এল এন জি
প্ৰায় মাইনাছ ১৬২ ডিগ্রী চেলছিয়াছ উষ্ণতাত তৰল অৱস্থাত পৰিবহণ কৰা হয়৷ এইধৰণৰ জাহাজ নিৰ্মাণৰ বাবে উন্নত অভিযান্ত্রিক দক্ষতা আৰু বিশেষ প্ৰযুক্তিৰ প্ৰয়োজন হয়৷
দক্ষিণ কোৰিয়াৰ প্ৰযুক্তিগত দক্ষতা আৰু ভাৰতৰ উৎপাদন ক্ষমতাৰ সমন্বয়ে দেশৰ জাহাজ নির্মাণ উদ্যোগক অধিক শক্তিশালী কৰাৰ লগতে সেউজ জাহাজ পৰিবহণৰ
বিকাশত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷
সোণোৱালে কয়, “ভাৰতৰ বিকশিত সামুদ্রিক ব্যৱস্থাই দক্ষিণ কোৰিয়াৰ প্ৰযুক্তিগত দক্ষতা আৰু ভাৰতৰ উৎপাদন ক্ষমতাক একত্ৰিত কৰাৰ অপৰিসীম সুযোগ প্ৰদান কৰিছে৷
আধুনিক আৰু সেউজ জাহাজৰ বাবে
ক্ৰায়’জেনিক টেংকৰ পৰা আৰম্ভ কৰি জাহাজৰ বৃহৎ ব্লকলৈকে বিশেষ
প্ৰযুক্তিগত সক্ষমতাৰ প্ৰয়োজন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বৰ আগশাৰীৰ অংশীদাৰসকলৰ সহযোগত এই সক্ষমতা ভাৰততে গঢ়ি তোলাৰ দিশত আমি আগবাঢ়িছোঁ৷
ইয়াৰ ফলত ভাৰতৰ সেউজ জাহাজ পৰিবহণ ব্যৱস্থা অধিক শক্তিশালী হ'ব৷”
ভাৰতৰ জাহাজ নির্মাণ খণ্ডৰ বিকাশৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে দেশত এক মিলিয়ন গ্ৰছ টনৰ অধিক ক্ষমতাসম্পন্ন পাঁচটা সেউজীয়া জাহাজ নির্মাণ ক্লাষ্টাৰ
স্থাপনৰ বাবে নীতিগত অনুমোদন দিয়া হৈছে৷ বৰ্তমানৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহত প্রায় ২.৫
বিলিয়ন মার্কিন ডলাৰৰ প্ৰকল্পৰ কাম আগবাঢ়িছে আৰু ০.৭ বিলিয়ন মার্কিন ডলাৰৰ প্ৰস্তাৱ ইতিমধ্যে লাভ কৰা হৈছে৷
যোৱা বছৰ ভাৰতৰ জাহাজ নিৰ্মাণৰ উৎপাদন ৪০ শতাংশ বৃদ্ধি পাইছিল৷ জাহাজৰ চুক্তিবদ্ধ মূল্যৰ ১৫ৰ পৰা ২৫ শতাংশলৈকে আর্থিক সাহায্য প্ৰদানৰ ব্যৱস্থাই ১০০খনতকৈ অধিক
জাহাজ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে,মূল্য ১.২৭ বিলিয়ন মার্কিন ডলাৰৰো অধিক৷ এই মূল্যৰ ৮০ শতাংশতকৈ অধিক অংশ ৰপ্তানি আদেশৰ সৈতে জড়িত৷
কোচিন শ্বিপয়ার্ড লিমিটেডে দক্ষিণ কোৰিয়াৰ এটা আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে জাহাজৰ ব্লক নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আৰু সম্ভাৱ্য যুটীয়া উদ্যোগ স্থাপনৰ বিষয়ে আলোচনা কৰে৷
দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠানটোৱেও ভাৰতত উৎপাদন সম্পৰ্কীয় সুযোগসমূহ মূল্যায়নকৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ ভাৰততে কার্গো টেংক আৰু ক্ৰায়’জেনিক গঠন নিৰ্মাণৰ সক্ষমতা
গঢ়ি তোলাৰ জৰিয়তে দেশৰ জাহাজ নিৰ্মাণৰ আন্তঃগাঁথনি অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে৷ দক্ষিণ কোৰিয়াৰ কোৰিয়া মেৰিন ইকুইপমেন্ট ৰিছাৰ্চ ইনষ্টিটিউটৰ (KMERI)
প্রতিনিধিসকলৰ সৈতে হোৱা আলোচনাত সেউজ প্রপালশ্যন প্রযুক্তি, স্মার্ট সামুদ্রিক প্রযুক্তি, সামুদ্রিক সঁজুলিৰ পৰীক্ষণ আৰু প্ৰমাণীকৰণ তথা প্ৰস্তাৱিত ইণ্ডিয়া শ্বিপ টেকন'লজি
চেণ্টাৰৰ সৈতে সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়৷ ভাৰততে জাহাজৰ নক্সা প্ৰস্তুতকৰণ, গৱেষণা, পৰীক্ষণ আৰু প্ৰশিক্ষণৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ গঢ়ি তোলাৰ
লক্ষ্যৰ কথা উল্লেখ কৰি সোণোৱালে দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠান আৰু সামুদ্রিক সঁজুলি নির্মাতাসকলক ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ জনায়৷
তেওঁ কয়, “আমি ইণ্ডিয়া শ্বিপ টেকন'লজি চেণ্টাৰক জাহাজৰ নক্সা, গৱেষণা, পৰীক্ষণ আৰু প্ৰশিক্ষণৰ এক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছোঁ৷ দক্ষিণ কোৰিয়াৰ
কাৰিকৰী দক্ষতাৰ সহযোগত ভাৰততে পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ সুবিধা গঢ়ি তুলিলে ভাৰতত নিৰ্মিত সামুদ্রিক সঁজুলিসমূহে আন্তঃৰাষ্ট্ৰীয় মান পূৰণ কৰাত সহায়ক হ'ব৷ একে সময়তে
সেউজ প্রপালশ্যন আৰু স্মাৰ্ট জাহাজ প্ৰযুক্তিৰ ক্ষেত্ৰতো ভাৰতৰ সক্ষমতা বৃদ্ধি পাব৷” দক্ষিণ কোৰিয়াৰ সামুদ্রিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে হোৱা আলোচনাত ভাৰতৰ মেৰিটাইম
ডেভেলপমেণ্ট ফাণ্ড (MDF) আৰু সাগৰমালা ফাইনেন্স কৰ্প'ৰেশ্যন (SMFC)-ৰ জৰিয়তে বিনিয়োগ আৰু জাহাজৰ বিত্তীয় সাহায্যৰ সম্ভাৱনাসমূহ দাঙি ধৰা হয় ৷
এটা আগশাৰীৰ দক্ষিণ কোৰিয়াৰ জাহাজ পৰিবহণ কোম্পানীয়ে ভাৰতত নিজৰ কাৰ্যকলাপ সম্প্ৰসাৰণ, ভাৰতীয় পতাকাৰ অধীনত জাহাজ চলাচল, ভাৰততে নির্মিত কন্টেইনাৰ ব্যৱহাৰ
আৰু আগন্তুক বধৱন বন্দৰৰ কৌশলগত গুৰুত্বৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰে৷ভাৰতৰ জাহাজ নির্মাণ উদ্যোগৰ বাবে প্ৰায় ৭.৮ বিলিয়ন মার্কিন ডলাৰৰ সাহায্য পেকেজ অনুমোদন,
বৃহৎ জাহাজ নির্মাণ ক্লাষ্টাৰ স্থাপনৰ পদক্ষেপ আৰু প্ৰায় ২৩ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ ৪০০খনতকৈ অধিক জাহাজ সম্ভাৱ্য নিৰ্মাণৰ পৰিকল্পনাই এই খণ্ডত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ বাবে
নতুন সুযোগ সৃষ্টি কৰিছে৷ এই বৈঠকসমূহত কোৰিয়া মেৰিন ইকুইপমেণ্ট ৰিছাৰ্চ ইনষ্টিটিউটৰ ইয়াং ৱন-চাং, চেজিন হেভি ইণ্ডাষ্ট্ৰীজৰ কিম জিন-জং, কোৰিয়া অ'চেন বিজনেছ কৰ্প'ৰেশ্যনৰ
আহন বায়ং-গিল আৰু এইচ এম এমৰ জে ৱাই লীকে ধৰি কেইবাগৰাকীও বিশিষ্ট প্রতিনিধিয়ে অংশগ্ৰহণ কৰে৷ ভাৰতৰ জাহাজ নির্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্ৰিক সেৱাৰ ক্ষেত্ৰত
বিশ্বৰ অন্যতম আগশাৰীৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ২০৪৭ চনলৈকে দেশৰ সামুদ্রিক খণ্ডৰ বিকাশত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, আধুনিক প্ৰযুক্তি আৰু বিনিয়োগে গুৰুত্বপূৰ্ণ ভূমিকা
পালন কৰিব বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰে৷