...

ডিব্ৰুগড়ৰ হিলৈধাৰী গাওঁৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা নামঘৰৰ তোৰণ উদ্ঘাটন

ডিব্ৰুগড়ৰ হিলৈধাৰী গাওঁৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা নামঘৰৰ তোৰণ উদ্ঘাটন

বৰ্তমান সমাজত যুক্তিসহকাৰে নোপোৱাবোৰ পোৱা কৰিব পাৰি:সত্ৰাধিকাৰ শ্ৰীশ্ৰী উৎচবানন্দ গোস্বামী

চাইন অন ডেস্ক, ২৭অক্টোবৰ:

ডিব্ৰুগড় জিলা ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপবৰ্তী গাওঁৰ হিলৈধাৰীত শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ লগত সংগতি ৰাখি গাওঁৰ ৰাইজে নিৰ্মাণ কৰি উলিওৱা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা হিলৈধাৰী গাওঁৰ বৰনামঘৰৰ তোৰণখনৰ আনুষ্ঠানিক ভাবে পবিত্ৰ মাংগলিক ধৰ্মীয় ৰীতি নীতি,গায়ন বায়ন ,উৰুলিৰে আনুষ্ঠানিক ভাৱে শুভ উদঘাটন কৰে শ্ৰীশ্ৰী মায়ামৰা বগৰীতলীয়া আধাৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট লেখক উৎচবানন্দ গোস্বামীয়ে। তোৰণৰ উদ্ঘাটন অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত হোৱা পবিত্ৰ ক্ষণত গাওঁৰ জ্যেষ্ঠ গাওঁবুঢ়া মুক্তিনাথ নেওঁগ,বৰভকত নৰেশ্বৰ নেওগ,গাঁওবুঢ়া দিলীপ নেওগ,মেধি নিৰ্মল বৰশইকীয়া,লোহিত বৰশইকীয়া,প্ৰবীণ শইকীয়া,হিলৈঢাৰী গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত শইকীয়া,সত্ৰাধিকাৰৰ পৰিবাৰকে প্ৰমুখ্য কৰি বিভিন্ন অঞ্চলৰ ভকত বৈষ্ণৱ, আই আৰু যুৱক যুৱতী সকলক উপস্থিত থাকি বৈকুণ্ঠধামলৈ পৰিণত কৰে।ৰাইজৰ সহায় সহযোগিতাৰে নিৰ্মিত আদৰণী তোৰণ উদ্ঘাটন কৰি সত্ৰাধিকাৰ উৎচবানন্দ গোস্বামীয়ে বৰ্তমান বিশ্বায়নৰ সময়ত নতুন প্ৰজন্মই শিক্ষা দীক্ষাৰে দীক্ষিত হৈ সকলো দিশ চালি জাৰি চাই নোপোৱা খিনি কিদৰে যুক্তি তথা ৰাইজৰ উপকাৰ সাধন কৰিব পৰাকৈ পোৱালৈ ৰূপান্তৰিত কৰিব পাৰে সেইটোত বিশ্বাস কৰা লগতে কাৰ্যক্ষেত্ৰত ৰূপান্তৰিত কৰে বুলি কয়।জ্যেষ্ঠ মেধি চুতীয়া সমাজ সংস্কৃতি অন্যতম সাধক নিৰ্মল বৰশইকীয়াই এখন তোৰণৰ গুৰুত্ব আৰু বৰ্তমান ধৰ্মীয় ৰীতি নীতি প্ৰাসংগ্ৰিকতা ওপৰত তাত্বিক ব্যাখ্যা আগবঢ়ায়। চৰকাৰী গাঁওবুঢ়া শিৱকান্ত নেওগ আৰু সাংবাদিক যাদৱ গগৈয়ে আঁত ধৰা অনুষঠানটোত সত্ৰাধিকাৰ গৰাকীক মায়ামৰা ধৰ্মীয় গায়ন বায়নেৰে নামঘৰলৈ আদৰি নি সমজুৱা সেৱাৰে সম্পন্ন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *