অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যজুৰি ‘জুবিন দিৱস’ পালন
ডিব্ৰুগড়ৰ মাইজান বাগিচাত ‘জুবিন ন্যায়’ৰ হুংকাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকৰ
চাইন অন ডেস্ক,২০ ছেপ্টেম্বৰ:
সমগ্ৰ অসমবাসীৰ বাবে অত্যন্ত গৌৰৱ আৰু একে সময়তে এক গভীৰ আৱেগৰ দিন হৈ পৰিছে ১৯ ছেপ্টেম্বৰ। অসমৰ প্ৰাণৰ শিল্পী, জাতীয় চেতনাৰ বলিষ্ঠ কণ্ঠস্বৰ জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতি ৰক্ষাৰ্থে কালি সমগ্ৰ ৰাজ্যজুৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ব্যাপক কাৰ্যসূচীৰে পালন কৰা হয় ‘জুবিন দিৱস’। আটছা কেন্দ্ৰীয় সমিতিৰ আহ্বানক সঁহাৰি জনাই ৰাজ্যৰ প্ৰতিটো শাখা,আঞ্চলিক আৰু উপ-শাখাই মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই দিৱস উদযাপন কৰে।ৰাজ্যৰ আন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো আটছাৰ উদ্যোগত এক অভূতপূৰ্ব আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনৰ চুকে-কোণে থকা চাহ বাগিচাসমূহত চাহ শ্ৰমিক ৰাইজ আৰু আটছাৰ কৰ্মকৰ্তাসকলে একত্ৰিত হৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰে। বিশেষকৈ ডিব্ৰুগড় শাখাৰ উদ্যোগত মাইজান চাহ বাগিচাত, আটছা বৰবৰুৱা শাখাৰ উদ্যোগত বৰবৰুৱা চাহ বাগিচাত, চাবুৱা শাখাৰ
উদ্যোগত শিয়াকাঠি চাহ বাগিচাত,লাহোৱাল শাখাৰ উদ্যোগত গণেশবাৰী চাহ বাগিচাত,আটছা দুলিয়াজান শাখাৰ উদ্যোগত টিংৰাই বাগিচাত,মৰাণ শাখাৰ উদ্যোগত ঔফলিয়া চাহ বাগিচাত অতি নিষ্ঠাৰে জুবিন দিৱস উদযাপন কৰা হয়। ইয়াৰ উপৰি দুলিয়াজানৰ নাওহলীয়া, নাৰকটীয়া চাহ বাগিচা আৰু মৰাণৰ তিলৈজান চাহ বাগিচাতো আটছাৰ স্থানীয় শাখাসমূহৰ তৎপৰতাত এই কাৰ্যসূচী সফলতাৰে ৰূপায়িত হয়।ইয়াৰ ভিতৰত ডিব্ৰুগড় শাখাৰ অধীনস্থ মাইজান চাহ বাগিচাত অনুষ্ঠিত হোৱা কাৰ্যসূচীত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মি। তেওঁ মাইজান উপ-শাখা আৰু স্থানীয় মাইজানবাসী ৰাইজৰ সহযোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধা নিৱেদন কৰে।অনুষ্ঠানত এক আৱেগিক বক্তব্য প্ৰদান কৰি আটছাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে কয়, “জুবিন গাৰ্গ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ আছিল সমগ্ৰ অসমীয়া জাতি তথা আমাৰ প্ৰতিটো প্ৰজন্মৰ হৃদয়ৰ স্পন্দন, সমাজৰ প্ৰতিটো অন্যায়-
অবিচাৰৰ বিৰুদ্ধে মাত মতা আমাৰ এক বলিষ্ঠ কণ্ঠস্বৰ। তেওঁৰ অবিহনে অসমৰ সাংস্কৃতিক আৰু সামাজিক জগতখন আজি অনাথ আৰু ম্লান হৈ পৰিছে।”প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা বুকুত বান্ধি সতীৰ্থসকলৰ উপস্থিতিত কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে অতি সবলভাৱে ‘জুবিন ন্যায়’ (Justice for Zubeen) ৰ দাবী পুনৰবাৰ উত্থাপন কৰে। তেওঁ চৰকাৰ আৰু প্ৰশাসনক সকীয়াই দি কয় যে অসমবাসীয়ে জুবিন গাৰ্গৰ আকস্মিক আঁতৰি যোৱাৰ প্ৰকৃত সত্য আৰু উচিত বিচাৰ বিচাৰে। যেতিয়ালৈকে এই বিষয়ত পূৰ্ণাংগ ন্যায় প্ৰদান কৰা নহয়, তেতিয়ালৈকে চাহ বাগিচাৰ প্ৰতিজন ডেকা গাভৰু তথা সমগ্ৰ অসমবাসীয়ে এই ন্যায়ৰ সংগ্ৰাম চলাই যাব। মাইজানৰ লগতে ডিব্ৰুগড় জিলাৰ প্ৰায় সংখ্যক চাহ বাগিচাত জুবিন গাৰ্গৰ কালজয়ী গীতসমূহৰ ধ্বনিৰে কালিৰ সন্ধিয়াটো এক আৱেগিক পৰিৱেশলৈ ৰূপান্তৰিত হয়।