...

ডিব্ৰুগড়ত ভাৰাতীয়া মহিলাক ধৰ্ষণৰ চেষ্টা

ডিব্ৰুগড়ত ভাৰাতীয়া মহিলাক ধৰ্ষণৰ চেষ্টা

অনা-অসমীয়া তথা মাটিৰ দালাল ব্ৰহ্মদেৱ শ্বাহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

চাইন অন ডেস্ক,৬ছেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ মাইজানত কালি নিশা এক উত্তপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।এগৰাকী ভাৰাতীয়া মহিলাক ধৰ্ষণৰ চেষ্টাৰ গুৰুতৰ অভিযোগ উঠিছে ঘৰৰ মালিকৰ বিৰুদ্ধে।ফলত শতাধিক স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উক্ত ভাড়াঘৰৰ সন্মুখত।ডিব্ৰুগড়ৰ মাইজানৰ ঠাকুৰবাৰীত ব্ৰহ্মদেৱ শ্বাহ নামৰ এজন অনা অসমীয়াৰ ব্যক্তিৰ বিৰুদ্ধে এগৰাকী ভাৰাতীয়া পৰস্ত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগে সমগ্ৰ অঞ্চলটোত

চাঞ্চল্যৰ স্বৃষ্টি কৰে। অভিযোগ অনুসৰি, ব্ৰহ্মদেৱ শ্বাহৰ ভাৰাঘৰত এহাল দম্পতী ভাৰাতীয়া হিচাপে আছিল।অভিযোগ অনুসৰি স্বামী ঘৰত নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ শুৱনিকোঠাত ঘৰৰ মালিক ব্ৰহ্মদেৱ শ্বাহে প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা চলায়। উক্ত ঘটনাক কেন্দ্ৰ কৰি ঠাকুৰবাৰীত ব্ৰহ্মদেৱ শ্বাহৰ বাসগৃহৰ সন্মুখত স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে। অভিযোগ অনুসৰি, ব্ৰহ্মদেৱ শ্বাহ এগৰাকী প্ৰতিস্থিত মাটিৰ দালাল। স্থানীয় লোকৰ দাবী—পূৰ্বেও তেওঁৰ বিৰুদ্ধে নাৰী নিৰ্যাতন সন্দৰ্ভত অভিযোগ উত্থাপিত হৈছিল। উল্লেখযোগ্য যে, স্থানীয় বৰবাৰী আৰক্ষী চকীত ব্ৰহ্মদেৱৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ব‍্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে।এই ঘটনাক লৈ মাইজানত চাঞ্চল্য আৰু উত্তেজনা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *