অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধোৱা বুলি দৰঙৰ দলগাঁৱত ইয়াৰ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ কৰাত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সদৌ অসম ছাত্ৰ সন্থাৰ দলগাঁও আঞ্চলিকে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ছাত্ৰ সংগঠনটোৱে যোগান বিভাগৰ এক প্ৰতীকী শৱযাত্ৰা উলিয়াই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে । হাতে হাতে প্ৰতীকী মৃতদেহ লৈ শতাধিক ছাত্ৰ কৰ্মীয়ে ৰাজপথত সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে ‘অসম চৰকাৰ হায় হায়’, ‘যোগান বিভাগ হায় হায়’, ‘অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক’, ‘অসম চৰকাৰৰ যোগান বিভাগ মুৰ্দাবাদ’ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে। বজাৰত পিয়াজ, মিঠাতেল, চেনিকে আদি কৰি প্ৰতিবিধ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত সাধাৰণ খাটিখোৱা লোকসকল গুৰুতৰ সমস্যাত পৰিছে বুলি প্ৰতিবাদকাৰীসকলে তীব্ৰ ক্ষোভ উজাৰে ৷ দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে বৃহৎ সংখ্যক ছাত্ৰ কৰ্মীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।ছাত্ৰ নেতাসকলে স্পষ্টভাৱে সকীয়াই দিয়ে যে বিভাগীয় কৰ্তৃপক্ষৰ দূৰ্বল তদাৰকী আৰু বজাৰ নিয়ন্ত্ৰণৰ ব্যর্থতাৰ বাবেই একাংশ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম সংকট সৃষ্টি কৰি সাধাৰণ ৰাইজক মাধমাৰ সোধাইছে । যদিহে চৰকাৰ আৰু যোগান বিভাগে শীঘ্ৰেই এই মূল্যবৃদ্ধি ৰোধ কৰি বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণ নকৰে তেনেহলে ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈয়ো অধিক ভয়াবহ আৰু ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.