‘ৰাজ্যিক শিক্ষক বঁটা 2026′
কাৰ্বি আংলঙৰ প্ৰধান শিক্ষক কামছিং হাঞ্চেলৈ
চাইন অন ডেস্ক,৪ছেপ্তেম্বৰ:
কাৰ্বি আংলঙৰ বকলীয়াঘাট এম ভি স্কুলৰ প্ৰধান শিক্ষক কামছিং হাঞ্চেক ‘ৰাজ্যিক শিক্ষক বঁটা 2026’ ৰ বাবে মনোনীত কৰা হৈছে । এই কথা জানিব পাৰি উৎফুল্লিত হৈ পৰিছে প্ৰধান শিক্ষক গৰাকী । সেউজ কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ তেতেলীগুৰি গাঁও নিবাসী থেকং হাঞ্চে আৰু প্ৰয়াত বাছা তেৰাংপীৰ পুত্ৰ সন্তান কামছিং হাঞ্চেই 1990 বৰ্ষৰ পৰা পবিত্ৰ শিক্ষা বৃত্তিত জড়িত পৰে । ইতিমধ্যে শিক্ষকতাৰ সমাজখনৰ পৰা যথেষ্ট
সন্মান আৰু প্ৰেৰণা লাভ কৰা হাঞ্চে অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ উপৰি কাৰ্বি লামেত আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইতিমধ্যে কেবাখনো গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে শেহতীয়াকৈ কাৰ্বি ভাষাৰ অভিধান ৰচনাতো মনোনিৱেশ কৰিছে । শিক্ষকতা আৰু সাহিত্যৰ ক্ষেত্ৰখনত সক্ৰিয়ভাৱে সেৱা আগবঢ়োৱাৰ বাবে কাৰ্বি আংলং তথা অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা সন্মান বুটলিবলৈ সক্ষম হোৱা কামছিং হাঞ্চেই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 2023 বৰ্ষত শিক্ষকতাৰ বঁটা লাভ কৰিছিল । শেহতীয়াকৈ ‘ ৰাজ্যিক শিক্ষক বঁটা 2026’ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে কাৰ্বি আংলঙৰ বকলীয়াঘাট এম ভি স্কুলৰ প্ৰধান শিক্ষক কামছিং হাঞ্চেই ।