...

৪ কোটি ৫২ লাখ টকাৰ অত্যাধুনিক চিকিৎসা সঁজুলি এএমচিলৈ

৪ কোটি ৫২ লাখ টকাৰ অত্যাধুনিক চিকিৎসা সঁজুলি এএমচিলৈ

প্ৰদান কৰে ভাৰতীয় জীৱন বীমা নিগমে

চাইন অন ডেস্ক,২৭আগষ্টঃ

অসমৰ চিকিৎসা খণ্ডত এক ঐতিহাসিক সংযোজন ঘটি ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰদান কৰা হ’ল কেইবা কোটি টকাৰ অত্যাধুনিক চিকিৎসা সঁজুলি। দেশৰ অগ্ৰণী বীমা কোম্পানী ‘লাইফ ইনছুৰেন্স কৰ্প’ৰেশ্যন অব ইণ্ডিয়া’ৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উপলক্ষে ‘চি এছ আৰ’ পুঁজিৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগত এই বহুমূলীয়া সঁজুলিসমূহ যোগান ধৰা হৈছে। প্ৰায় এবছৰ ধৰি চলা এই প্ৰক্ৰিয়াৰ আজি আনুষ্ঠানিক শুভ উদ্বোধন কৰা হয়। ‘এল আই চি’ৰ চি এছ আৰ পুঁজিৰ প্ৰায় ৪ কোটি ৫২ লাখ টকাৰ আৰ্থিক অনুদানেৰে চিকিৎসা মহাবিদ্যালয়খনৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগক সম্পূৰ্ণ অত্যাধুনিক কৰি গঢ়ি তোলা হৈছে। এই সঁজুলিসমূহৰ জৰিয়তে এতিয়াৰে পৰা দৰিদ্ৰ ৰোগীসকলে একেবাৰে বিনামুলীয়া বা অতি কম খৰচতে অতি উন্নত মানদণ্ডৰ চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হ’ব। উল্লেখ্য যে, প্ৰাইভেট হাস্পতালত এইসমূহ সঁজুলিৰ জৰিয়তে চিকিৎসা কৰাটো অতি ব্যয়বহুল, কিন্তু অইল ইণ্ডিয়াৰ সৌজন্যত অসম চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়া লেপাৰ’স্ক’পিক ট্ৰিটমেণ্ট, কেঞ্চাৰ আদি ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে। ইয়াৰ দ্বাৰা চিকিৎসকসকলৰ শিক্ষা আৰু গৱেষণাও উন্নত মানদণ্ডৰ হৈ উঠিব। আজি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে কয় যে, “এল আই চিৰ এই বদান্যতাই অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিলে। ইয়াৰ দ্বাৰা ৰোগীসকলে যথেষ্ট উপকৃত হ’ব।” তেওঁ লগতে ভৱিষ্যতেও চিকিৎসা মহাবিদ্যালয়খনৰ উন্নতিকৰণৰ ক্ষেত্ৰত সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *