...

কৃষকসকলৰ সুবিধার্থে ডিব্ৰুগড়ত ডিজিটেল সাৰ বুকিং আৰু মজুত নিৰীক্ষণ

কৃষকসকলৰ সুবিধার্থে ডিব্ৰুগড়ত ডিজিটেল সাৰ বুকিং আৰু মজুত নিৰীক্ষণ

ডিব্ৰুগড়ত ‘FFS’ মোবাইল এপ্ মুকলি

চাইন অন ডেস্ক,২৭আগষ্ট:

কৃষি খণ্ডৰ ডিজিটেলাইজেচন আৰু সাৰ বিতৰণ প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ লক্ষ্যৰে কৃষি বিভাগে আজি ডিব্ৰুগড়ৰ কমিউনিটি মেনেজড ট্ৰেইনিং হলত অনুষ্ঠিত এক বিশেষ সভাত ‘ফ্ৰেমৱৰ্ক অৱ ফাৰ্টিলাইজাৰ চেল’ (FFS) নামৰ মোবাইল এপ্লিকেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। ‘গুগল প্লে’ ষ্ট’ৰ’ত উপলব্ধ এই বিশেষ এপ্খনৰ মূল উদ্দেশ্য হৈছে সাৰ যোগান শৃংখলাৰ অনিয়ম ৰোধ কৰা, কৃত্ৰিম নাটনি নিয়ন্ত্ৰণ কৰা আৰু কৃষকসকলে নিজৰ স্মাৰ্টফোনৰ জৰিয়তেই সাৰৰ মজুত পৰীক্ষা কৰি পোনপটীয়াকৈ বুকিং কৰাৰ সুবিধা প্ৰদান কৰা।
উক্ত উন্মোচনী অনুষ্ঠানত জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু, দোলী প্ৰভা কলিতা আৰু ভাৰতীয় চাহ পৰিষদৰ (BCP) সচিবগৰাকী উপস্থিত থাকে। ইয়াৰ উপৰিও এৰিবা (ABITA, জ’ন ১)-ৰ প্ৰতিনিধি ৰঞ্জিত সান্যাল, সাৰ শাখাৰ জিলা নডেল বিষয়া ফিৰুজ মৰাণৰ লগতে কৃষি উন্নয়ন বিষয়া (ADO), কৃষি সম্প্ৰসাৰণ সহায়ক (AEA), অনুমোদিত সাৰ বিক্ৰেতা আৰু সমগ্ৰ ডিব্ৰুগড় মহকুমাৰ কৃষকসকল এই কাৰ্যসূচীত উপস্থিত থাকে।
সভাত বিষয়ববীয়াসকলে ‘FFS’ প্লেটফৰ্মৰ কাৰ্যপ্ৰণালী বিশদভাৱে ব্যাখ্যা কৰি উল্লেখ কৰে যে এই এপ্খনৰ জৰিয়তে সাৰ লাভ কৰিবলৈ আৰু বুকিং কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক। সকলো কৃষকক সামৰি লোৱাৰ বাবে কৃষি বিভাগৰ ক্ষেত্ৰ বিষয়া-কৰ্মীসকলে ইতিমধ্যে জিলাখনৰ গাঁও পৰ্যায়ত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। এই প্লেটফৰ্মটোৱে প্ৰশাসনক সম্পূৰ্ণ নিৰীক্ষণ ব্যৱস্থা প্ৰদান কৰাৰ লগতে পঞ্জীভুক্ত কৃষকসকলক প্ৰতিটো অনুমোদিত বিপণীত উপলব্ধ সাৰৰ সঠিক মজুতৰ তথ্য পোনপটীয়াকৈ জানিবলৈ সুবিধা কৰি দিব।
অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল এপ্খনৰ বাস্তৱিক পৰীক্ষণ। য’ত বিতোপন চেতিয়া নামৰ এজন স্থানীয় কৃষকে নিজৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি নতুনকৈ মুকলি কৰা এপ্খনৰ জৰিয়তে থিতাতে সফলতাৰে নিজৰ সাৰ বুকিং কৰি দেখুৱায়। এই প্ৰদৰ্শনৰ দ্বাৰা কৃষকসকলে এপ্খনৰ সহজ ব্যৱহাৰ, সাৰৰ উপলব্ধতা পৰীক্ষা আৰু তৎক্ষণাত বুকিং প্ৰক্ৰিয়া নিশ্চিতকৰণ সম্পৰ্কে স্পষ্ট ধাৰণা লাভ কৰে।
সভাৰ সামৰণিত প্ৰশাসনে জনায় যে, এপ্খন ব্যৱহাৰ, পঞ্জীয়ন বা ডিজিটেল বুকিং সংক্ৰান্তত কোনো ধৰণৰ অসুবিধা বা প্ৰশ্ন থাকিলে কৃষকসকলে তেওঁলোকৰ এলেকাৰ সংশ্লিষ্ট কৃষি সম্প্ৰসাৰণ সহায়ক (AEA), কৃষি উন্নয়ন বিষয়া (ADO) অথবা স্থানীয় পঞ্চায়তীৰাজ ব্যৱস্থাৰ (PRI) প্ৰতিনিধিসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *