...

২০ লাখ টকাৰ সোণৰ চেইন চিলনী চোৰে লৈ যোৱা দুমাহ অতিক্ৰম!

২০ লাখ টকাৰ সোণৰ চেইন চিলনী চোৰে লৈ যোৱা দুমাহ অতিক্ৰম!

অপৰাধী আটক নোহোৱাত ক্ষোভ ভুক্তভোগীৰ
আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন ?

চাইন অন ডেস্ক,২৭আগষ্ট:

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ দৰে নিৰাপত্তাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানৰ চৌহদতে দিন-দুপৰতে সংঘটিত এক চাঞ্চল্যকৰ চিলনী চোৰ কাৰ্য সংঘটিত হোৱা সোণৰ চেইন ঘটনাই ডিব্ৰুগড় আৰক্ষীৰ চৰম ব্যৰ্থতা উদঙাই দিয়াৰ দুমাহ অতিক্ৰম। আজি পৰ্যন্ত চিলনী চোৰৰ কোনো সন্ধান উলিওৱাৰ ক্ষেত্ৰত ব্যৰ্থ আৰক্ষী ।জিলাখনৰ আইন-শৃংখলা আৰু নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন।এই ঘটনাক লৈ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি ভুক্তভোগী ঋষিকেশ গোস্বামীয়ে আৰক্ষীৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে।
গোস্বামীৰ অভিযোগ অনুসৰি, যোৱা ২২ জুন, ২০২৬ তাৰিখে দিনৰ প্ৰায় ৩ বজাত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ ভিতৰত খটখটিত উঠি থকা অৱস্থাত বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে তেওঁক লক্ষ্য কৰি আক্ৰমণ কৰিছিল। দুৰ্বৃত্তই তেওঁক ঠেলি পেলাই দি ডিঙিৰ পৰা দুডাল সোণৰ চেইন চিঙি লৈ বাইকেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
ভুক্তভোগীৰ ভাষ্য অনুসৰি, চেইন দুডালৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ২০ লাখ টকাৰো অধিক।
ঘটনাৰ পাছতে গোস্বামীয়ে মিলননগৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তকো বিষয়টো অৱগত কৰিছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
তেওঁৰ দাবী অনুসৰি, আৰক্ষীয়ে তদন্তৰ অংশ হিচাপে SBIৰ মুখ্য শাখাৰ CCTV ফুটেজ পৰীক্ষা কৰি তেওঁক পিছা কৰি অহা এজন যুৱকৰ স্পষ্ট ছবি লাভ কৰিবলৈ সক্ষম হৈছিল। (ফটো পঠোৱা হৈছে)কিন্তু ঘটনাৰ পাছত দুমাহতকৈ অধিক সময় উকলি যোৱাৰ পাছতো এই পৰ্যন্ত কোনো এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভ প্ৰকাশ কৰে গোস্বামীয়ে।
আৰক্ষীৰ পৰা আশাব্যঞ্জক সঁহাৰি নোপোৱাৰ অভিযোগ তুলি গোস্বামীয়ে যোৱা ২২ জুলাইত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্পীড পোষ্টযোগে এখন প্ৰতিবেদন প্ৰেৰণ কৰে বুলিও সংবাদ মেলত জানিবলৈ দিয়ে। ইয়াৰ উপৰি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক বিনোদ হাজৰিকা, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকনকো ঘটনাটোৰ ন্যায় বিচাৰি সাক্ষাৎ কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ তথা নিৰাপত্তাৰ দিশৰ পৰা স্পৰ্শকাতৰ স্থানৰ চৌহদৰ ভিতৰতে দিন-দুপৰতে এনে ঘটনা সংঘটিত হোৱাক লৈও প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগীজনে। ঘটনাটোৰ তদন্ত ক্ষিপ্ৰতৰ কৰি CCTV ফুটেজৰ ভিত্তিত অভিযুক্তক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা সোণৰ চেইন উদ্ধাৰৰ বাবে তেওঁ আৰক্ষী তথা গৃহ বিভাগৰ ওচৰত দাবী জনায়।
ৰাজ্যৰ বিভিন্ন স্থানত বৃদ্ধি পোৱা এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্যমন্ত্ৰী তথা গৃহ বিভাগক আহ্বান জনায় ঋষিকেশ গোস্বামীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *