ডিব্ৰুগড়ত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ১৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰম্ভ
জনজাতিকৰণৰ বিকল্প নাই: পোনাকণ বৰুৱা
চাইন অন ডেস্ক,২৭আগষ্ট:
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ১৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কালি পতাকা উত্তোলনেৰে শুভাৰম্ভ হয়। অভ্যৰ্থনা সমিতিৰ সভাপতি প্রাক্তন বিধায়ক পোনাকণ বৰুৱা আৰু মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মহনে পুৱা পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই স্মৃতি তৰ্পণ কৰাৰ পাছত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে একুৰি গছ পুলি ৰোপণ কৰে।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় জিলা সমিতি, বৰবৰুৱা আঞ্চলিক সমিতি আৰু গৰুধৰীয়া পাত্ৰ গাওঁ শাখা সমিতিৰ যৌথ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ পতাকা

তেখেতে আৰু কয় যে, মটকসকল প্ৰকৃততে জনজাতি লোক, কেৱল আনুষ্ঠানিক স্বীকৃতিৰ প্ৰয়োজন হৈ আছিল। সেয়েহে অতি সোনকালে মটকসকলক জনজাতীকৰণৰ আওতালৈ আনিবলৈ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ আগবঢ়াবলৈ অসম চৰকাৰক অনুৰোধ জনায়।
আনহাতে, মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মহনে কয় যে, এই প্ৰতিষ্ঠা দিৱসৰ বিশেষ আলোচনা চক্ৰত জনগোষ্ঠীটোৰ জনজাতীকৰণ আৰু আগুৱাই নিয়াৰ বিভিন্ন বিষয় সামৰি আলোচনা কৰা হ’ব। অনুষ্ঠানটিত ২০ জনৰো অধিক স্থানীয় বিশিষ্ট ব্যক্তিক সন্মান জনায় সমন্বয় স্থাপন কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
কাৰ্যসূচী অনুসৰি, ‘মটক জনগোষ্ঠীক জনজাতিৰ সাংবিধানিক স্বীকৃতিয়ে দিব পৰা সুৰক্ষা আৰু উন্নয়ন’ শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ, মুখপত্ৰ ‘বেংমৰা’ৰ উন্মোচন, বিশেষ সংবৰ্ধনা অনুষ্ঠান আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। নিশালৈ জুবিন গাৰ্গ সোঁৱৰণী সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
একেদৰে, বিভিন্ন প্ৰতিযোগিতাৰ লগতে মটক জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত ‘গছতলৰ বিহু’ আৰু ‘ইঁচৰি’ পৰিৱেশন কৰা হ’ব। মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী 
উক্ত অনুষ্ঠানতে “মটক বীৰপুৰুষৰ মটাতকুৰা বৰুৱা স্মৃতি বঁটা” বলীন চেতিয়াক প্ৰদান কৰা হ’ব। আনহাতে বিশিষ্ট চিকিৎসক তথা অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল কুমাৰ চাহেৱালাক সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা প্ৰদান কৰাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব। ইয়াৰ উপৰিও মানস প্ৰতিমক যুৱ উদ্যমিত্তা বঁটা