...

মনোহাৰী চাহ বাগিচাত আৰম্ভ চাহ পৰ্যটনৰ এক নতুন দিগন্ত

মনোহাৰী চাহ বাগিচাত আৰম্ভ চাহ পৰ্যটনৰ এক নতুন দিগন্ত

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ উদ্বোধন মনোহাৰী টি টেষ্টিং এণ্ড টুৰিষ্ট লাউঞ্জ

চাইন অন ডেস্ক,১৬জুলাই:

ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত মনোহাৰী চাহ বাগিচাত আৰম্ভ হ’ল চাহ পৰ্যটনৰ এক নতুন অধ্যায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মনোহাৰী টি টেষ্টিং এণ্ড টুৰিষ্ট লাউঞ্জ। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে চাহ শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে।
ডিব্ৰুগড়ৰ বিশ্ববিখ্যাত মনোহাৰী চাহ বাগিচাত আজি এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই উদ্বোধন কৰে মনোহাৰী টি টেষ্টিং এণ্ড টুৰিষ্ট লাউঞ্জ।
উদ্বোধনৰ পিছতে ৰাজ্যপালগৰাকীয়ে চাহ বাগিচাখনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি শিক্ষাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়। লগতে চাহ শ্ৰমিকসকলৰ সৈতেও আন্তৰিকভাৱে কথা পাতি তেওঁলোকৰ জীৱন-জীৱিকা, কৰ্মপৰিৱেশ আৰু কল্যাণমূলক ব্যৱস্থাৰ বুজ লয়।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোহাৰী চাহ বাগিচাত এৰাতি কটাইছিল। সেই সময়তে মনোহাৰী চাহ বাগিচাৰ বিশ্ববিখ্যাত গ’ল্ডেন টী লৈ গৈছিল। গুণগত মান আৰু বিশ্বজোৰা খ্যাতিৰে মনোহাৰী গ’ল্ডেন টীয়ে ইতিমধ্যে বিশ্ব ৰেকৰ্ড গঢ়ি অসমৰ চাহ উদ্যোগলৈ নতুন গৌৰৱ কঢ়িয়াই অনা সেই চাহ ভাৰত ভ্ৰমণৰ বাবে অহা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক উপহাৰ হিচাপে প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰীয়ে।
আজি অনুষ্ঠানত উপস্থিত থকা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কয়, অসমৰ চাহ পৰ্যটনক বিশ্বদৰবাৰত নতুন পৰিচয় দিয়াত মনোহাৰী চাহ বাগিচাই অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ডিব্ৰুগড় তথা উজনি অসমত টি টুৰিজমৰ এক আদৰ্শ মডেল হিচাপে এই বাগিচাই ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

চাহ বাগিচাখনৰ স্বত্বাধিকাৰী ৰাজেন লোহিয়াৰ পদক্ষেপ শলাগ লৈ অতি সাধাৰণভাৱে আৰম্ভ কৰা এই প্ৰয়াসে আজি বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকক মনোহাৰীলৈ আকৰ্ষিত কৰিছে বুলি উল্লেখ কৰে। ইয়াত পৰ্যটকে টি টেষ্টিং, চাহ উৎপাদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া, ফেক্টৰি পৰিদৰ্শন, ঐতিহ্যবাহী বাংগল’ত অৱস্থান আৰু চাহ বাগিচাৰ মনোমোহা সেউজীয়া পৰিৱেশ উপভোগ কৰাৰ সুবিধা লাভ কৰি আপ্লুত হ’ব পাৰিব বুলি কয়। ৰাজ্যপালৰ

হাতত উদ্বোধন হোৱা এই টি টেষ্টিং এণ্ড টুৰিষ্ট লাউঞ্জ চাহ পৰ্যটনক অধিক শক্তিশালী কৰাৰ লগতে ডিব্ৰুগড়ক আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ মানচিত্ৰত অধিক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব।
মনোহাৰী চাহ বাগিচাৰ এই নতুন পদক্ষেপে অসমৰ চাহ উদ্যোগ, চাহ পৰ্যটন আৰু ডিব্ৰুগড়ৰ বিশ্বজনীন পৰিচয়ক আৰু অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *