ডিব্ৰুগড়ত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ!
এজন মৃত্যু, AMCHত চিকিৎসাধীন ১১ গৰাকী
চাইন অন ডেস্ক,১৬জুলাইঃ
ডিব্ৰুগড় জিলাত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ (JE) ৰোগত প্ৰথমজন লোকৰ মৃত্যু হৈছে। জিলাখনৰ নাহৰকটীয়া সমষ্টিৰ নাহৰণি অঞ্চলৰ বিজিত নিৰ্মলীয়া (৫৪) নামৰ এজন লোক অসম চিকিৎসা মহাবিদ্যালয় (AMCH)ত চিকিৎসাধীন অৱস্থাত কিছুদিন পূৰ্বে মৃত্যু হৈছিল।স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, বিজিত নিৰ্মলীয়া ভীষণ জ্বৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল যদিও আন কিছুমান জটিল স্বাস্থ্যজনিত সমস্যাও আছিল। অৱশ্যে তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু বুলি নিশ্চিত কৰা হৈছে।
ইফালে, খোৱাং অঞ্চলৰ এজন JE ৰোগীয়ে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে। অৱশ্যে
বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত ১১ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও ৫৬ গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ লক্ষণযুক্ত (AES) ৰোগী চিকিৎসাধীন হৈ আছে। চিকিৎসকসকলৰ মতে, JE সদৃশ ৰোগত চিকিৎসাধীনসকল বৰ্তমান বিপদমুক্ত যদিও জিলা খনত এই ৰোগ বৃদ্ধি পোৱাত উদ্বেগ সৃষ্টি হৈছে।
স্বাস্থ্য বিভাগে জনোৱা মতে, চিকিৎসাধীন JE ৰোগীসকলৰ মাজত ডিব্ৰুগড়ৰ উপৰিও অৰুণাচল প্ৰদেশৰ নামচাই, ধেমাজি আৰু চৰাইদেউ জিলাৰ ৰোগীও অন্তৰ্ভুক্ত আছে।
বাৰিষাৰ আগমনৰ লগে লগে মশাবাহিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগে সতৰ্কতামূলক ব্যৱস্থা জোৰদাৰ কৰিছে। জিলাখনত ইতিমধ্যে ৬০ হাজাৰৰো অধিক আঠুৱা ঔষধযুক্ত কৰি তোলাৰ লগতে বিভিন্ন অঞ্চলত সজাগতামূলক অভিযান চলোৱা হৈছে।
স্বাস্থ্য বিভাগৰ মতে, খোৱাং আৰু নাহৰকটীয়াৰ নাহৰণি অঞ্চলত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ তুলনামূলকভাৱে অধিক দেখা গৈছে। উল্লেখযোগ্য যে, বিগত চাৰি-পাঁচ বছৰত এই অঞ্চলসমূহত JE ৰোগৰ বিশেষ প্ৰাদুৰ্ভাৱ ধৰা পৰা নাছিল। চলিত বৰ্ষত পুনৰ ৰোগটোৰ উপস্থিতিয়ে স্বাস্থ্য বিভাগৰ উদ্বেগ বৃদ্ধি কৰিছে।
স্বাস্থ্য বিশেষজ্ঞসকলে জনসাধাৰণক মশাৰ কামোৰৰ পৰা সাৱধান থাকিবলৈ, ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবলৈ, ঔষধযুক্ত আঠুৱা ব্যৱহাৰ কৰিবলৈ আৰু জ্বৰ বা মূৰৰ বিষ, বমি, অচেতনতা আদি লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনাইছে।
Like this:
Like Loading...