...

লিডুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

Spread the love

লিডুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

​তিনিচুকীয়া জিলাৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ ‘সমাজ হিতৈষী বঁটা’ প্ৰদান
​চাইন অন ডেস্ক:

অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থ আৰু অস্তিত্ব ৰক্ষাৰ সংকল্পৰে ১৯৭৮ চনত গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত জন্মলাভ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি গৌৰৱোজ্জ্বল ৪৮ বছৰত ভৰি দিলে। এই উপলক্ষে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত দিনযোৰা কাৰ্যসূচীৰে জিলা ভিত্তিত প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে পালন কৰা হয়।
​আজি পুৱা সংগঠনৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ বিশেষ ক্ষণটো স্মৰণীয় কৰি ৰাখিবলৈ আজি লিডু কলেজ তিনিআলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানত এটি যাত্ৰী জিৰণি চ’ৰা (বাছ আস্থান) আৰু পুথিভৰালৰ আধাৰশিলা স্থাপন কৰা হয়।দুপৰীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়, যিয়ে লিডুৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। ইয়াৰ পাছতে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি কাঞ্চন বৰাৰ সভাপতিত্বত এখন বিশেষ মুকলি সভা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কন গগৈ, সহ-সম্পাদক সুৰজিৎ মৰান, জিলা সম্পাদক কল্যাণজ্যোতি মৰান, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতি , লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ কৃপা প্ৰসাদ উপাধ্যায়, জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাণাজ্যোতি নেওগ সহ কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
​মুখ্য আকৰ্ষণ:
সমাজ হিতৈষী বঁটা: সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তিনিচুকীয়া জিলাৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিক অনুষ্ঠানত ‘সমাজ হিতৈষী বঁটা’ৰে সন্মানিত কৰা হয়। বঁ‌টা প্ৰাপ্ত সকলক ফুলাম গামোচা, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়। বঁ‌টা প্ৰাপক সকলৰ ভিতৰত ক্ৰমে ভাওনা সংস্কৃতিৰ চৰ্চাৰ সৈতে জড়িত মানৱ জ্যোতি নেওগ, ক্ৰীড়াবিদ অৰ্জুন মৰাণ, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাণাজ্যোতি নেওগ, সাংবাদিক নিৰ্মল বৰা, সুৰজিৎ বৰা , পুষ্প গগৈ, বিহু সংস্কৃতিৰ সৈতে জড়িত সীমা মৰাণ শইকীয়া, সাংস্কৃতিক কৰ্মী  ৰুনু মৰাণ চাওৰক, উদ্যোগী মনোজ তেলী, আনন্দ কুমাৰ মৰাণ, লোক খাদ্যৰ সৈতে জড়িত দীপালী গগৈ, মৌচুমি গগৈ অন্যতম।
স্মৃতিগ্ৰন্থ উন্মোচন: জ্যেষ্ঠ সাংবাদিক সমীৰণ বৰঠাকুৰৰ সম্পাদনাত যুগুতাই উলিওৱা ‘অনিৰুদ্ধ’ শীৰ্ষক স্মৃতিগ্ৰন্থখনি আজিৰ সভাতে উন্মোচন কৰা হয়।
​সভাত উপস্থিত থকা নেতৃবিন্দই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন আগুৱাই নিবলৈ প্ৰতিজন সদস্যক নতুন উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়। যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিজন নেতা-কৰ্মীয়ে আজি পুনৰবাৰ জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সংকল্পবদ্ধ হোৱা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *