ইজৰাইলৰ-ইৰাণৰ যুদ্ধৰ প্ৰভাৱ অসমত!
বাণিজ্যিক এল পি জি ভৰোৱা বন্ধ!
আই অ’ চি এলৰ আশ্বাস ৰন্ধন গেছৰ অভাৱ নহয়
চাইন অন ডেস্ক:

আই অ’ চি এলৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে উপসাগৰীয় অঞ্চলত চলি থকা সংঘাতৰ ফলত সমগ্ৰ বিশ্বতে এনে যোগানত ব্যাঘাত জন্মিছে।
বিষয়াগৰাকীয়ে কয়, ‘আমি ১০ মাৰ্চৰ পৰা বাণিজ্যিক এলপিজি চিলিণ্ডাৰ ভৰোৱা বন্ধ কৰি দিছো।অৱশ্যে আমাৰ আঠটা বটলিং প্লাণ্টতে ঘৰুৱা এলপিজি চিলিণ্ডাৰ ভৰোৱা কাম সদায়ৰ দৰেই অব্যাহত আছে।কোম্পানীটোৱে গুৰুত্ব আৰোপ কৰিছে যাতে ৰন্ধন গেছ পৰিয়ালসমূহে, কোনো বিঘিনি নোহোৱাকৈ লাভ কৰি থাকিব পাৰে।

বাণিজ্যিক চিলিণ্ডাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ব্যৱসায়ীসকল— বিশেষকৈ হোটেল, ৰেষ্টুৰেণ্ট আৰু খাদ্যৰ দোকানসমূহত— বৰ্তমানৰ মজুত শেষ হলেই বিপদৰ সন্মুখীন হব লাগিব বুলি আশা কৰা হৈছে।
আই অ’ চি এলৰ বিষয়াগৰাকীয়ে কয়, ‘হয়, অদূৰ ভৱিষ্যতে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
বিষয়াগৰাকীয়ে লগতে কয়, ‘ব্যৱসায়িক এল পি জিৰ প্ৰয়োজন হোৱা চিকিৎসালয় আৰু অন্যান্য জৰুৰীকালীন প্ৰতিষ্ঠানসমূহে নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা তিনিজনীয়া সমিতিৰ আগত আবেদন কৰিব পাৰে।
স্বাভাৱিকভাৱে ঘৰুৱা এল পি জিৰ যোগান অব্যাহত থাকিলেও বুধবাৰে গুৱাহাটীত এই অভাৱৰ উৰাবাতৰিয়ে গ্ৰাহকৰ মাজত এক আতংকৰ সৃষ্টি কৰে।আই অ’ চি এল বুকিং ব্যৱস্থাৰ জৰিয়তে বৃহৎ সংখ্যক গ্ৰাহকে যদি অনলাইনত চিলিণ্ডাৰ বুকিং কৰিবলৈ হেতা ওপৰা কৰাৰ বাবেই বুকিংৰ পৰ্টেলটো ক্ৰেচ হৈছিল যদিও এতিয়া ইয়াক প্ৰায় পুনৰুদ্ধাৰ কৰা হৈছে।
বিষয়াসকলৰ মতে, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে ইতিমধ্যে সমগ্ৰ দেশতে ঘৰুৱা এল পি জি যোগানক অগ্ৰাধিকাৰ দিছে।কেইবাখনো চহৰত যোৱা ৮ মাৰ্চৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বন্ধ হৈ আছে।
চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইনখনৰ বিধানসমূহো আৰোপ কৰি শোধনাগাৰসমূহক এল পি জি উৎপাদন সৰ্বাধিক কৰিবলৈ নিৰ্দেশ দিছে, অতিৰিক্ত উৎপাদন ঘৰুৱা ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰা হৈছে।আনহাতে যোগান নিয়ন্ত্ৰণ আৰু জমা ৰোধ কৰিবলৈ কৰ্তৃপক্ষই ঘৰুৱা এল পি জি ৰিফিলৰ বাবে বুকিঙৰ মাজত ২৫ দিনৰ বাধ্যতামূলক ব্যৱধান প্ৰৱৰ্তন কৰিছে।