...

ডিব্ৰুগড়ত কেন্দ্ৰীয় বাইথ’ পূজা উপলক্ষে জকাইৰ ১৪ গৰাকী লোকক সম্বৰ্ধনা

Spread the love

ডিব্ৰুগড়ত কেন্দ্ৰীয় বাইথ’ পূজা উপলক্ষে

জকাইৰ ১৪ গৰাকী লোকক সম্বৰ্ধনা

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ সমীপৱৰ্তী জকাইত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ডিব্ৰুগড় জিলা প্ৰশাসন, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু ডিব্ৰুগড় জিলাৰ বৃহত্তৰ জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ’ পূজা সমিতিৰ সহযোগত আৰু বৰবিল গাওঁবাসীৰ আতিথ্যত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে জকাই আঞ্চলিক ৰাজহুৱা বাইথ’ মন্দিৰত পহিলা মাৰ্চৰ পৰা তিনি মাৰ্চলৈ খ্ৰীং খ্ৰীং বাইথ’ পূজা সম্পন্ন হৈ যায়৷ তিনি মাৰ্চৰ দিনটোত আয়োজিত এক বিশাল¸ ৰাজহুৱা সভাত জকাই অঞ্চলৰ ভিন্ন দিশত কৰ্মৰত মুঠ চৈধ্যগৰাকী ব্যক্তিক তেওঁলোকৰ কৰ্মৰাজিৰ স্বীকৃতি প্ৰদান কৰি মানপত্ৰ, সোণোৱাল জনজাতিৰ অংগবস্ত্ৰ সোণোৱালী আৰু একোখনকৈ গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ এই অনুসৰি জকাই অঞ্চলত বিগত কেইবাটাও দশক ধৰি বাইথ’ সংস্কৃতিৰ প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা উলোম গাঁৱৰ অৰুণ সোণোৱাল, হাঁহচৰা গাঁৱৰ বুদ্ধেশ্বৰ সোণোৱাল, হাৰক পথাৰ গাঁৱৰ দুৰ্বা সোণোৱাল, ৰবীন সোণোৱাল, ক্ষীৰোদ সোণোৱাল, বাণীকান্ত সোণোৱাল, মন্দিৰৰ পূজাৰী মণিকান্ত সোণোৱাল, হাৰকপথাৰ গাঁৱৰ সমাজকৰ্মী ভোগৰাম সোণোৱাল, মাজগাঁৱৰ পৰমানন্দ সোণোৱাল, বৰবিল গাঁৱৰ উদ্যোগী কৃষক হীৰেন সোণোৱাল, হাঁহচৰা গাঁৱৰ সমাজকৰ্মী পঞ্চমী সোণোৱাল, জকাই কলিয়নী ন-গাঁৱৰ ৰাষ্ট্ৰীয় জুডু খেলুৱৈ ধৰিত্ৰী সোণোৱাল, কলিয়নী গাঁৱৰ সাস্কৃতিক কৰ্মী ধৰ্মেন্দ্ৰ সোণোৱাল আৰু কলিয়নী গাঁৱৰে চিত্ৰশিল্পী মৌচুম সোণোৱাল৷ আয়োজক সমিতিৰ হৈ সম্বৰ্ধনা প্ৰদান কৰে অতিথি হিচাপে উপস্থিত থকা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ‘সোনোৱাল বাৰ্তা’ কাকতৰ সম্পাদক ৰতন হাজৰিকা,অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, বৰবৰুৱাৰ সমাজকৰ্মী পৰাগ দত্ত, অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ প্ৰশাসনিক বিষয়া, লেখক মনোজ এজমাল বড়া, জকাই মডেল হস্পিটেলৰ অধীক্ষক বিষয়া ডাঃ কৰবী চেলেং, বিশিষ্ট সাংস্কৃতিক কৰ্মী লীলা হাজৰিকাই৷ জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ’ পূজা সমিতিৰ সম্পাদক ধনটি শইকীয়াই আঁতধৰা আৰু আদৰণি ভাষণ প্ৰদান কৰা সভাখনিত সোণোৱাল জনজাতিৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ ভিন্ন দিশ সামৰি সভাত শুভেচ্চামূলক বক্তব্য আগবঢ়ায় বিশিষ্ট অতিথি ৰতন হাজৰিকা, লীলা হাজৰিকা আৰু লুৰিণজ্যোতি গগৈয়ে৷ অনুষ্ঠানত জকাই অঞ্চলৰ মুঠ আঠখন গাঁৱৰ দুই সহস্ৰাধিক জনজাতিটোৰ লোক উপস্থিত থাকে৷ বিয়লি পৰম্পৰাগত হুঁচৰি আৰু লগ বিহু প্ৰদৰ্শনৰে পূজাৰ সামৰণি পৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *