ভাৰতবৰ্ষই নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিশ্বৰ বুকুত মর্যাদাসহকাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
ডিব্ৰুগড়ৰ জকাইত আয়োজিত বর্ণাঢ্য অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী,ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল
চাইন অন ডেস্ক:
অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত পাৰ্বণ খ্ৰীং খ্ৰীং বাইথ’ পূজা উপলক্ষে সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ জকাইত আয়োজিত বর্ণাঢ্য অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সোণোৱালে কয়, “কৃষিভিত্তিক এই ধৰ্মীয় উৎসৱে আমাৰ ঐতিহ্য-পৰম্পৰা, একতা সুদৃঢ় কৰি কঢ়িয়াই আনক শস্যসম্ভৱা বতৰা আৰু সকলোৰে জীৱনত বিৰাজমান কৰক অফুৰন্ত সুখ-শান্তি, সমৃদ্ধিৰ অমিয়া বতৰা।”
এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দীপু ডেকা,

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “সোণোৱাল কছাৰী সম্প্ৰদায়ৰ আধ্যাত্মিক পৰিচয় খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ যোগেদি প্ৰকাশ পায়।তাহানি কালৰে পৰা আমাৰ উপৰিপুৰুষসকলে আমাক এই শক্তিশালী আধ্যাত্মিক পৰম্পৰা উপহাৰ দি গৈছে।আজি এই শুভক্ষণত সেইসকল মহান মনীষী, উপৰি পুৰুষ, দেৱতাসকললৈ মই মোৰ গভীৰ প্ৰণিপাত যাচিছোঁ।খ্রীং খ্ৰীং বাইথ’ দেৱতাৰ চৰণত কোটি কোটি প্ৰণিপাত যাচি সকলোৰে কুশল-মংগলৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। যদি আমি সকলোৱে জীৱনৰ বাটত শৃঙ্খলাবদ্ধভাৱে অগ্ৰগতি লাভ কৰিব বিচাৰোঁ, তেতিয়াহ’লে আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমাজক প্ৰাণৱন্ত কৰি তুলিব লাগিব। আধ্যাত্মিক শিক্ষাৰ অবিহনে মানুহে কেতিয়াও শৃঙ্খলাবদ্ধতা আয়ত্ত কৰিব নোৱাৰে। গতিকে সেইকাৰণে তাহানি কালৰ পৰা আমাৰ গুৰুসকলেও বিভিন্ন শতিকাত এই কথাবিলাক আমাৰ সমাজ ব্যৱস্থা শক্তিশালী কৰাৰ নিমিত্তে, সমাজখন শৃঙ্খলাবদ্ধ কৰি তুলিবৰ বাবে শক্তিশালী আধ্যাত্মিক পৰম্পৰা প্ৰৱৰ্তন কৰি থৈ গৈছে।পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় সনাতন সংস্কৃতিৰ বিষয়ে আপোনালোক সকলোৱে অধ্যয়ন কৰিছে। সেই সনাতন সংস্কৃতিৰ পৰাই যিটো সংস্কাৰ আমি লাভ কৰিছোঁ, সেই পৰম্পৰাৰ আধাৰতে আজি ভাৰতবৰ্ষই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিশ্বৰ বুকুত মর্যাদাসহকাৰে নিজৰ বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক চিন্তা-চৰ্চাৰে সুখ্যাতিৰে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ যথেষ্ট শক্তিশালী আৰু এই শতিকাটো প্ৰতিযোগিতাৰ শতিকা।গতিকে এই শতিকাত যদি এটা জনগোষ্ঠীয়ে নিজৰ স্বকীয় বৈশিষ্ট্য অটুট ৰাখি নিজৰ শক্তিশালী পৰিচয় যদি দিব বিচাৰে, তেতিয়াহ’লে আধ্যাত্মিক আৰু সাংস্কৃতিকভাৱে সেই জনগোষ্ঠীটো বিশেষভাৱে শক্তিশালী হ’ব লাগিব। গতিকে মই ভাবোঁ যে আজি আমাৰ সোণোৱাল কছাৰী সম্প্ৰদায়টোক একবিংশ শতিকাত পৃথিৱীৰ অন্যতম শক্তিশালী সম্প্রদায় হিচাপে গঢ়ি তুলিব লগা হ’লে শিক্ষা, সংস্কৃতি, ক্রীড়া, বিজ্ঞান, কৃষি, উদ্যোগ, 