...

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

Spread the love

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

চাইন অন ডেস্ক:

ৰাষ্ট্ৰীয় বিজ্ঞান উপলক্ষে বৃহস্পতিবাৰে ইলোৰা বিজ্ঞান মঞ্চৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত চাবুৱাৰ হাতীআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি উন্নতমানদণ্ডৰ আলোচনা চক্ৰৰ আয়োজন কৰা হয়। বিষয়বস্তু হিচাপে “বহনক্ষম উন্নয়নত বিজ্ঞানৰ ভুমিকা” শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত বক্তাদ্বয় ড°কল্পনা ডেকা কলিতা , প্ৰাক্তন অধ্যাপিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিভাগ আৰু অধ্যাপিকা সুদক্ষিণা দাস, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, প্ৰানী বিজ্ঞান বিভাগ, ডি এইচ এচ কানৈ মহাবিদ্যালয় সমল ব্যক্তি হিচাবে উপস্হিত থাকে।দুয়োগৰাকী বক্তাই অতি সাৱলীল ভাষাৰে ছাত্ৰ ছাত্ৰীসকল উপকৃত হব পৰাকৈ বিষয়টি আলোচনা কৰে । প্ৰথম বক্তা ড°কল্পনা ডেকা কলিতাই আৰম্ভণিতে ১৯৮৭ চনৰ সংযুক্ত ৰাষ্ট্ৰসংঘৰ Brundtland কমিচনৰ প্ৰতিবেদনত প্ৰকাশ পোৱা বহনক্ষম উন্নয়নৰ বাখ্যা দাঙি ধৰি কয় যে এনে ধৰণৰ উন্নয়নে বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰে কিন্ত ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতা হ্ৰাস নকৰে। বিজ্ঞান সদায় সত্য আৰু পৰীক্ষা নিৰীক্ষাৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই বিজ্ঞানেই প্ৰকৃতাৰ্থত বহনক্ষম উন্নয়নৰ মুখ্য আধাৰ । এনে এটি জটিল আৰু দীঘলীয়া গৱেষণাৰ বিষয় অলপ সময়ৰ ভিতৰত আলোচনা কৰি শেষ কৰিব নোৱাৰি যদিও মুখ্যত চাৰিটা আধাৰ পৰিবেশ সংৰক্ষণ, কৃষি আৰু খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু জনকল্যাণ, শক্তি আৰু উদ্যোগৰ ওপৰত বিশদভাবে আলোচনা কৰা হয়৷ কল্পনা ডেকা কলিতাই কয় টিকাকৰণৰ ফলত কেনেদৰে জনস্বাস্থ্য সুৰক্ষিত হৈছে আৰু স্মল পক্স, পালচ পলিঅ, লেপ্ৰচি, শিশু মহিলাৰ টিটেনাচৰ দৰে ৰোগবোৰ লাহে লাহে বিলুপ্তিৰ পৰ্য্যায় পাইছে । বিশুদ্ধ পানী সুস্বাস্থ্যৰ বাবে প্ৰয়োজন আৰু দূষিত পানী খোৱাৰ বাবেই বহু লোক বেমাৰত আক্ৰান্ত হয়।বৰ্তমান সময়ত উন্নত ঔষধ আৰু চিকিৎসা পদ্ধতিৰ উন্নয়নে বহুত ৰোগ নিৰাময় কৰাত সহায়ক হৈছে । শক্তি আৰু উদ্যোগ খণ্ডত তেনেদৰে সৌৰ পেনেল, জৈৱ গেচ প্ৰযুক্তি, পৰিবেশ বান্ধৱ উদ্যোগ আৰু আৰ্বজনা পুণৰ ব্যৱহাৰ আদি পৰিকল্পিত ভাবে কৰিলে বহনক্ষম উন্নয়নৰ লক্ষ্য সফলকাম হব । ২০১৫ চনত সংযুক্ত ৰাষ্ট্ৰসংঘই ঘোষণা কৰা বহনক্ষম উন্নয়নৰ ১৭ টা লক্ষ্য ২০৩০ চনত সফলতাৰ শিখৰত উপনীত হবলৈ যে সকলোৱে হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব সেই কথা বহলাই আলোচনা কৰে । আন এগৰাকী বক্তা অধ্যাপিকা সুদক্ষিণা দাসে তেখেতৰ ভাষণত পৰিবেশ সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পৰিবেশ সুষ্ঠ থাকিলেহে পৃথিবীৰ প্ৰতিজন লোক সুস্বাস্থ্যৰে জীয়াই থাকিব পাৰিব। জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ তথা প্ৰদুষণ নিয়ন্ত্ৰণ প্ৰযুক্তি উন্নয়ন,প্লাষ্টিক পলিথিন ব্যৱহাৰ সীমিতকৰনৰ বিষয়ে আলোচনা কৰে । ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য অতিমাত্ৰাত ব্যৱহাৰ কৰি কৰা কৃষিজাত সামগ্ৰী খোৱাৰ বাবে দিনে দিনে মানুহৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ কথাটো অধ্যাপিকা দাসে ভাষনত উল্লেখ কৰাৰ লগতে পুৰণি ধানৰ সচবোৰ সংৰক্ষণ কৰাৰ কথাও কয় ।অনুষ্ঠানত বিজ্ঞান মঞ্চৰ সভানেত্ৰী ডঃ গায়ত্ৰী দেবী গোস্বামীয়ে বিজ্ঞান দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি চি ভি ৰমনৰ মহান অৱদানৰ কথা সোঁৱৰাৰ লগতে ইলোৰা ৰায়চৌধুৰী কো স্মৰণ কৰে । কাৰ্যকাৰী সভাপতি জগন্নাথ ফুকনে ইলোৰা বিজ্ঞান মঞ্চৰ উদ্দেশ্যৰ বিষয়ে বহলাই কয়।সভাত ড° অঞ্জু বৰা, অধ্যাপিকা পূৰ্নিমা চুতীয়া, অজন্তা ফুকন, বিজ্ঞান মঞ্চৰ উপসভাপতি নকুল খাউণ্ড লগতে অধ্যাপক তথা মঞ্চৰ কোষাধক্ষ সুৰেশ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত আছিল । অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক প্ৰণৱ শইকীয়াই অনুষ্ঠানটো আঁত ধৰাৰ লগতে এক যাদু প্ৰদৰ্শন কৰি শিক্ষাৰ্থী সকলক যথেষ্ঠ আমোদ দিয়ে । সভাপতিৰ ভাষনত অধ্যক্ষ দুৱৰা দেৱে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰচেষ্টাক ধন্যবাদ জনায় আৰু আগন্তুক দিনবোৰত এনেধৰনৰ অনুষ্ঠানৰ আয়োজন কৰিবলৈ পুনৰ নিমন্ত্ৰণ জনায় । শেষত প্ৰণৱ শইকীয়াই শলাগৰ শৰাই আগবঢ়াই সভা ভংগ কৰে । আজিৰ অনুষ্ঠানত প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *