...

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভি অ’ চিদাম্বৰনাৰ বন্দৰত মুঠ ১,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰে, যাৰ জৰিয়তে সেউজ আৰু ডিজিটেল সামুদ্রিক পৰিকাঠামো উন্নীত কৰা হ’ব

Spread the love

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভি অ’ চিদাম্বৰনাৰ বন্দৰত মুঠ ১,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰে, যাৰ জৰিয়তে সেউজ আৰু ডিজিটেল সামুদ্রিক পৰিকাঠামো উন্নীত কৰা হ’ব

সোণোৱালে ভি অ’ চিদাম্বৰনাৰ বন্দৰত মেৰিটাইম হেৰিটেজ মিউজিয়াম উদ্বোধন কৰিলে, যিয়ে তামিলনাডুৰ উপকূলীয় ঐতিহ্যক প্ৰতিফলিত কৰিছে
“সেউজ হাইড্ৰ’জেন, ডিজিটেল টুইন আৰু আউটাৰ হাৰ্বাৰ প্রকল্পসমূহে ভিঅ’ চি বন্দৰক পৰৱৰ্তী সামুদ্রিক প্রাণকেন্দ্ৰলৈ পৰিণত কৰিব” : সৰ্বানন্দ সোণোৱাল

চাইন অন ডেস্ক:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভি. অ’. চিদাম্বৰনাৰ বন্দৰত মুঠ ১,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে, যিয়ে বন্দৰটোৰ বাবে বৃহৎ সম্প্ৰসাৰণ, নবীকৰণযোগ্য শক্তিৰ সংযোজন আৰু ডিজিটেল আধুনিকীকৰণৰ পথ প্ৰশস্ত কৰিছে।
অনুষ্ঠানৰ এক মুখ্য আকর্ষণ আছিল ভিঅ’ চি মেৰিটাইম হেৰিটেজ মিউজিয়ামৰ উদ্বোধন, যিয়ে ভাৰতৰ সামুদ্রিক ঐতিহ্য আৰু স্বাধীনতা সংগ্রামী ভি.অ’. চিদাম্বৰনাৰৰ অৱদানক আলোকপাত কৰিছে | এই মিউজিয়ামক তামিলনাডুৰ সাংস্কৃতিক আৰু শৈক্ষিক লেণ্ডমার্ক হিচাপে পৰিকল্পিত কৰা হৈছে।
সোণোৱালে ৰে’ল আৰু পথ সংযোগৰ উন্নয়ন, বিদ্যুৎ পৰিকাঠামো বৃদ্ধি, নবীকৰণযোগ্য শক্তিৰ সংযোজন – সৌৰ, বতাহ, বেটাৰী ষ্ট’ৰেজ আৰু সেউজ হাইড্ৰ’জেন উৎপাদন অন্তর্ভুক্ত – উন্নত সুৰক্ষা ব্যৱস্থা আৰু

ডিজিটেল প্লেটফৰ্মসমূহৰ প্ৰকল্পসমূহৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে|

“এই প্রকল্পসমূহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মেৰিটাইম ইণ্ডিয়া
ভিজন ২০৪৭ৰ অধীনত চৰকাৰৰ বন্দৰ নেতৃত্বাধীন উন্নয়নৰ গুৰুত্ব প্ৰতিফলিত কৰে আৰু ভি অ’ চি বন্দৰক সেউজ আৰু প্ৰযুক্তিগতভাৱে উন্নত সামুদ্রিক প্রাণকেন্দ্ৰ হিচাপে সশক্ত কৰাৰ লক্ষ্য ৰাখিছে”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে |
আৰু যোগ কৰি সোণোৱালে কয়, “এই গুৰুত্বপূৰ্ণ প্রকল্পসমূহ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বৰ প্ৰতিফলন | তেখেতৰ নিৰ্দেশনাত ভাৰতৰ বন্দৰসমূহৰ বিকাশ, উদ্ভাৱন আৰু বিশ্বব্যাপী প্ৰতিযোগিতাৰ ইঞ্জিনলৈ পৰিণত কৰা হৈছে, যিয়ে আমাৰ আত্মনিৰ্ভৰ, সেউজ আৰু প্ৰযুক্তিগতভাৱে উন্নত সামুদ্রিক খণ্ডৰ অনিৰুদ্ধ যাত্ৰাক চালিত কৰিছে।”
বিগত ১৮ মাহত তিনিটা নতুন বাৰ্থৰ কমিচনিং অন্তৰ্ভুক্ত| তাৰ মাজত নৰ্থ কাৰ্গ ” বার্থ- তৃতীয় ২০২৫ চনৰ জুলাই মাহত প্রধানমন্ত্রী মোদীয়ে উৎসৰ্গিত কৰিছে| ই বাল্ক কাৰ্গ’ ক্ষমতা সম্প্ৰসাৰিত কৰিছে| আউটাৰ হাৰ্বৰ প্ৰকল্পৰ কামো চলি আছে, যিয়ে ডাঙৰ জাহাজসমূহ সঞ্চালিত কৰিব আৰু ব্যৱসায়ৰ পৰিমাণ বৃদ্ধি কৰিব ||
ভি অ’ চি বন্দৰৰ স্থায়ী মেৰিটাইম অপাৰেচনৰ শক্তি হিচাপে উত্থান হৈছে আৰু অন-চাইট সেউজ হাইড্ৰ’জেন উৎপাদন আৰু ব্যৱহাৰ কৰা প্ৰথম ভাৰতীয় বন্দৰ হিচাপে পৰিগণিত হৈছে
আনহাতে ক্রিটিকেল অভাৰষ্ট্ৰাকচাৰৰ সুৰক্ষা সশক্ত কৰিবলৈ এন্টি-ড্র’ন চিষ্টেমো ইনষ্টল কৰা হৈছে৷
সোণোৱালে আৰু যোগ কৰি কয়, “ভি. অ’. চি. বন্দৰত আউটাৰ হাৰ্বাৰ প্রকল্প, শ্বিপবিল্ডিং বিকাশ আৰু ব্যাপক সেউজ শক্তিৰ ব্যৱস্থাসমূহে অঞ্চলটোৰ অৰ্থনৈতিক মানচিত্রক এক নতুন গতি দিব আৰু ইয়াক এক মুখ্য ট্রেন্সশ্বিপমেন্ট হাব হিচাপে সশক্ত কৰিব| এই প্রকল্পসমূহে লজিষ্টিকছ খৰচ হ্ৰাস কৰিব, টুটিক’ৰিন, তিৰুনেলভেলি আৰু মাদুৰাইত ঔদ্যোগিক বৃদ্ধি ত্বৰান্বিত কৰিব, নতুন বিনিয়োগ আকৰ্ষণ কৰিব আৰু যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে| মেৰিটাইম হেৰিটেজ মিউজিয়ামে পর্যটন বৃদ্ধি কৰিব আৰু অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশত অৱদান আগবঢ়াব |

 

Leave a Reply

Your email address will not be published. Required fields are marked *