মটক জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ২৬ নিৰ্বাচনত চৰকাৰৰ বিৰুদ্ধে হেঙাৰ হৈ থিয় দিয়াৰ হুংকাৰ
চাইন অন ডেস্ক:
মটক জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ডিব্ৰুগড় মটক ছাত্ৰ সন্থাই অনাগত দিনত পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে।ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা বিজেপি চৰকাৰখনে প্ৰদান কৰিব পাৰিব নে, সদৌ অসম মটক ছাত্ৰ সন্থাৰ মুকলি প্ৰশ্ন চৰকাৰলৈ।দিন বাগৰি গ’ল, মাহ বছৰ গ’ল,বাৰিষা আহে আৰু যায় এই দৰেই বছৰ বছৰ ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হল, কিন্ত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আজি পৰ্যন্ত চৰকাৰ খনে দিব নোৱাৰিলে। মানে জনগোষ্ঠী টোক বাৰে বাৰে ললি পপ দেখুৱাই আহিছে।

২০২৬ নিৰ্বাচনত সদৌ মটক ছাত্ৰ সন্থাই হেঙাৰ হৈ থিয় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।
সদৌ মটক ছাত্ৰ সন্থাই অনাগত দিনত মটক জনগোষ্ঠীৰ ৰাইজক একত্ৰিত কৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ।
ছয় জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান নকৰালৈকে হাত সাবতি বহি নাথাকে। ছয় জনগোষ্ঠীৰ লগতে সদৌ মটক ছাত্ৰ সন্থাই আমাক জানিবলৈ দিয়ে যে ইতিমধ্যে মটক ছাত্ৰ সন্থাই ৰাইজৰ লগত গাওঁ সমূহত সজাগতা সৃষ্টি কৰি আকৌ নতুনকৈ ৰণকৌশল তৈয়াৰ কৰি ধাৰাবাহিক আন্দোলন ঘোষণা কৰিবলৈ সাজু বুলি সদৌ মটক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতোপন দুৱৰাই সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ প্ৰকাশ কৰে।