দেওবাৰৰ পুৱাই ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বালাজানৰ কাষেৰে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ধুবুৰীৰ আগমনীৰ পৰা গৌৰীপুৰ অভিমুখী এএছ১৭/বি/৭৯৪৪ নম্বৰৰ এখন যাত্ৰীবাহী মেজিক বাহনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এখন ইটাবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। বালাজানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ন কৰে। অৱশ্যে অঞ্চলটোৰ স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰ ভাবে আহত মেজিকখনৰ চালক-হেণ্ডিমেণ্ডকে ধৰি চাৰিগৰাকী যাত্ৰীক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.