অতি মৰ্মন্তিক!বেদনাদায়ক!
বেংগালুৰুত ঢকুৱাখনাৰ ৩ ,নাওবৈচাৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু
এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ ৪ যুৱকৰ নিথৰ দেহ
পুলকজ্যোতি বৰা, ঢকুৱাখনা:
কৰ্মৰ সন্ধানত সুদূৰ বেংগালুৰুলৈ যোৱা অসমৰ চাৰিজনকৈ যুৱকৰ এক বন্ধ কোঠাত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেটা কোঠাত একেলগে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। শনিবাৰে পুৱা বেংগালুৰুৰ চুলিবেলে আৰক্ষী থানাৰ অন্তৰ্গত মুটছান্দ্ৰা গাঁৱৰ এটা ভাৰাঘৰৰ পৰা আৰক্ষীয়ে ঢকুৱাখনা আৰু নাওবৈচাৰ মিচিং জনগোষ্ঠীৰ যুৱককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে।বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল আটাইকেইজন যুৱক।এইপৰ্যন্ত জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।মৃত আটাইকেইজন যুৱকৰ ঘৰ লখিমপুৰ জিলাত।চাৰি যুৱকৰ সৈতে সংঘটিত এই মৰ্মান্তিক ঘটনাক লৈ সমগ্ৰ লখিমপুৰ জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ।ঘৰৰ ভিতৰত শুই থকা অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱককেইজনক।মৃত যুৱক কেইজন হৈছে নৰেন্দ্ৰ টাইদ(২৩)ধনঞ্জয় টাইদ(২৩) ডাক্তৰ টাইদ(১৮) আৰু জয়ন্ত চিন্তে (২৫)।ইয়াৰে নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ আৰু ডাক্তৰ টাইদৰ ঘৰ নামনি বৰ্ষামুখত।আনজন যুৱক নাওবৈচা শালমাৰা গাঁওৰ জয়ন্ত চিন্তে।প্ৰাপ্ত তথ্য অনুসৰি, এই যুৱককেইজনে বেংগালুৰুৰ এটা শীতল পানীয় প্ৰস্তুতকাৰী কোম্পানীৰ গুদামত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। তেওঁলোকে মুটছান্দ্ৰা গাঁৱৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰিছিল। জানিব পৰা মতে,
শুকুৰবাৰে কাম শেষ কৰি নিশা তেওঁলোকে কোঠাত শুই পৰিছিল, কিন্তু শনিবাৰে পুৱা কোঠাটোৰ ভিতৰত চাৰিওজনকে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহ চুলিবেলে আৰক্ষীয়ে ইতিমধ্যে এই শোকাৱহ তথ্য নিশ্চিত কৰিছে।ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বেংগালুৰু গ্ৰাম্য জিলা আৰক্ষী অধীক্ষক চন্দ্ৰকান্তেও স্থান পৰিদৰ্শন কৰিছে।যুৱককেইজনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। ইফালে,একেটা কোঠাত একেলগে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। ঢকুৱাখনাৰ নামনি বৰ্ষামুখৰ তিনিওজন যুৱকৰ ঘৰত বিৰাজ কৰিছে শোককুল পৰিৱেশে। ৰহস্যজনভাৱে মৃত্যু হোৱাৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰে আৰু লগে লগে হাহাকাৰ লাগে পৰিয়ালৰ মাজত।কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। হৃদয়বিদাৰিক এই ঘটনাক সহজভাৱে লব পৰা পৰিয়ালৰ লোকে।প্ৰাপ্ত তথ্য অনুসৰি, তিনিবছৰ পূৰ্বে ঘিলামৰা থানাৰ অন্তৰ্গত নামনি বৰ্ষামুখৰ দৰিদ্ৰ তিনিওগৰাকী যুৱক কামৰ সন্ধানত গৈছিল বাংগালুৰুলৈ।আৰ্থিক দীনতাৰে যুঁজি পৰিয়ালক পোহপাল দিবলৈ সুদূৰ বেংগালুৰুত কৰ্ম সংস্থাপন বিচাৰিছিল যুৱককেইজনে।কোকাকোলা কম্পেনীত কাম কৰি চলাই আছিল পৰিয়াল।পৰিয়ালৰ লোকে জনোৱা অনুসৰি শুকুৰবাৰে পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে কথা-বতৰা পাতিছিল ঢকুৱাখনাৰ দুজন যুৱকে। ভাত ৰান্ধি খাই শুই যোৱাৰ কথাও কৈছিল পৰিয়ালক।তাৰ পিছত কেনেকৈ এই হৃদয়বিদাৰক ঘটনা সংঘটিত হল তাক লৈ ঘনীভূত হৈছে ৰহস্য। যুৱককেইজনৰ সৈতে ভাৰাঘৰৰ একেটা কোঠাত বাস কৰিছিল মাজুলীৰ অজয় টায়ে নামৰ আন এজন যুৱকো।চাৰিজন যুৱকে কৰ্ম সম্পাদন কৰি আহিছিল ভাৰাঘৰলৈ।আনজন যুৱক ওলাই গৈছিল কামলৈ। পুৱা কাম শেষ কৰি উভতি আহি
অজয় টায়ে নামৰ যুৱকজনে দেখিলে কোঠাৰ ভিতৰতে পৰি আছিল চাৰিজনকৈ যুৱকৰ মৃতদেহ। কোনোবাটো মৃতদেহ মজিয়াত পাৰি থোৱা তুলিৰ উপৰত। কোনোবাটো মৃতদেহ আন এটা মৃতদেহৰ ওপৰত।
কি পৰিস্থিতিত অসমৰ ৪ জনকৈ যুৱকে বহিঃৰাজ্যৰ এটা বন্ধ কোঠাতে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল তাক লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্যৰ।আৰ্থিক দীনতাৰ বাবে মেট্ৰিক , হায়াৰ চেকেণ্ডেৰীতেই শিক্ষা সাং কৰি বহি:ৰাজ্যত কাম কৰিবলৈ ঢাপলি মেলিছিল যুৱককেইজনে।তাৰ ফলতেই এই শোকাৱহ পৰিণতি।যুৱককেইজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।
আৰক্ষীয়ে ইতিমধ্যেই ঘটনাৰ তদন্ত কৰিছে।তদন্ত বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটাইয়ো।কিন্তু পৰিতাপৰ কথা, মৃতদেহ ঘূৰাই আনিবলৈও সক্ষম নহয় পৰিয়াল কেইটা।দল-সংগঠনে দাবী কৰিছে সাহায্য।আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত এক বিতং তদন্ত অব্যাহত ৰাখিছে।