মাদ্ৰাছাৰ ১৩ বছৰীয়া ছাত্ৰীক অশ্লীল প্ৰস্তাব ভণ্ড মৌলবীৰ!
স্থানীয় ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ এখন আৱাসিক মাদ্ৰাছাৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অশ্লীল প্ৰস্তাব দিয়াৰ অভিযোগত ৰাইজে মৌলবী এগৰাকীক কৰায়ত্ত আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে।অভিযোগ অনুসৰি, গৌৰীপুৰৰ সাহেবগঞ্জ বানাত (ছোৱালী) মাদ্ৰাছাৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক মাদ্ৰাছাখনৰেই মৌলবী মোকতাৰ হুছেইনে দিছিল অশ্লীল প্ৰস্তাব। জানিব পৰা মতে, ছাত্ৰী গৰাকীয়ে হেঁচা আৰু ভয়-ভাবূকিতো ভণ্ড মৌলবীগৰাকীৰ সৈতে নিশা একেখন বিচনাত শুৱাৰ সেই প্ৰস্তাব মানিবলৈ অস্বীকাৰ কৰে আৰু মাদ্ৰাছাখনৰ কাষতে থকা এঘৰক অৱগত কৰে। তেতিয়া বিষয়টো অৱগত হৈ ক্ষুব্ধ স্থানীয় ৰাইজে মৌলবী মোকতাৰ হোসেনক আটক কৰি গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাজান আৰক্ষী চকীত গতাই দিয়ে। উল্লেখ্য যে, ঘটনাটো গাপ দিবলৈ এটা বিশেষ চক্ৰই প্ৰচেষ্টা চলাই থকা বুলিও বিশেষ চৰ্চা আৰম্ভ হৈছে।