...

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন বৰ্জনৰ যুটীয়া আহ্বান

Spread the love

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন বৰ্জনৰ যুটীয়া আহ্বান

আলফা আৰু এনএছচিএনৰ

এই বৰ্জন কাৰ্যসূচী অসম, অৰুণাচল প্ৰদেশ,নাগালেণ্ড আৰু মণিপুৰত বাহাল থাকিব

চাইন অন ডেস্ক:

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নেচনেল চচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (NSCN/GPRN-YA) আৰু সংযুক্ত মুক্তি বাহিনী, অসম–স্বাধীনে (ULFA-I) আগন্তুক ২৬ জানুৱাৰীত সমগ্ৰ ‘ৱেচিয়া অঞ্চল’ত ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন বৰ্জনৰ বাবে এক বিবৃতিত যুটীয়া আহ্বান জনাইছে।
এক যুটীয়া প্ৰেছ বিবৃতিত সংগঠন দুটাই গণৰাজ্য দিৱস পালনৰ বিৰোধিতা কৰি কয় যে সশস্ত্ৰ বাহিনীৰ ক্ষমতা প্ৰয়োগেৰে এই উদযাপন “জাপি দিয়া” হৈছে।
যুটীয়া বিবৃতিটোত কোৱা হৈছে, “অধিকৃত অঞ্চলটোত জাপি দিয়া গণৰাজ্য দিৱসৰ উদযাপন কেৱল এক ভণ্ডামি নহয়, বৰঞ্চ তথাকথিত ভাৰতীয় জাতীয়তাবাদ প্ৰচাৰৰ এক লজ্জাজনক প্ৰয়াস। ৱেচিয়াৰ প্ৰকৃত পৰিস্থিতি সন্দৰ্ভত বিশ্বক বিপথে পৰিচালিত কৰাৰ এয়া আন এক বৃথা চেষ্টা।”
সংগঠন দুটাই দাবী কৰে যে ৱেচিয়াৰ জনসাধাৰণে “কেতিয়াও নিজৰ ইচ্ছাৰে ভাৰতীয়ৰ সৈতে সংযুক্ত হোৱা নাছিল” আৰু অঞ্চলটো বলপূৰ্বকভাৱে চামিল কৰা হৈছিল । গতিকে ২৬ জানুৱাৰী দিনটোৱে উদযাপনৰ পৰিৱৰ্তে এক “ফোঁপোলা উপহাস”কহে প্ৰতিনিধিত্ব কৰে। “এই দিনটোক সন্মান জনোৱা মানে ভাৰতীয় আধিপত্যক সন্মান জনোৱা আৰু অঞ্চলটোত ভাৰতৰ কঠোৰ সামৰিক অভিযানক ন্যায্যতা প্ৰদান কৰা,” বিবৃতিটোত উল্লেখ কৰা হৈছে।
ইয়াৰ উপৰিও বিবৃতিটোত দাবী কৰা হৈছে যে, “আচলতে ২৬ জানুৱাৰী হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি দাবী কৰা এখন ৰাষ্ট্ৰৰ দ্বাৰা সাম্ৰাজ্যবাদ আৰু গণহত্যাৰ এক উদযাপন।”
বিবৃতিটোৰ মতে, এই বৰ্জন কাৰ্যসূচী “অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ”ত বাহাল থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *