...

সদৌ অসম কোচ ৰাজবংশী সম্মিলনী

Spread the love

সদৌ অসম কোচ ৰাজবংশী সম্মিলনী

২৬ জানুৱাৰীৰ পূর্বে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবী

*চাইন অন ডেস্ক:*

অসমৰ কোচ ৰাজবংশীসকলক অহা ২৬ জানুৱাৰীৰ পূর্বেই
জনজাতিৰ মর্যাদা দিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম কোচ ৰাজবংশী সম্মিলনীৰ দেৱ কুমাৰ শইকীয়া গোটে। ইয়াৰ অন্যথা কোচ ৰাজবংশী সম্মিলনীয়ে বর্তমান চৰকাৰৰ বিৰুদ্ধে ব্যাপক বিকল্প ব্যবস্থা গ্রহণ কৰিব বুলি হুংকাৰ দিয়ে। শুৱাহাটীত সংগঠনটোৰ প্রতিনিধি সভাৰ জৰিয়তে এই প্রস্তাব গ্রহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত সংগঠনটোৰ সভাপতি দেব কুমাৰ শইকীয়াই কয় যে কোচ ৰাজবংশীসকলক জনজাতিৰ মর্যাদা প্রদান কৰিবলৈ যি প্রয়োজনীয় অর্থতা লাগে, সেয়া সম্পূৰ্ণৰূপে আছে। ট্রাইবেল ৰিছাৰ্চ ইনষ্টিটিউটৰ প্রতিবেদন, কেন্দ্রীয় চৰকাৰৰ ৰেজিস্ট্রাৰ জেনেৰেল প্রস্তাব আদিকে ধৰি সকলো অর্হতাই কোচ ৰাজবংশীসকলে আয়ত্ত কৰিছে। তাৰ উপৰি কোচ ৰাজবংশীসকলক জনজাতিৰ মর্যাদা প্রদানৰ ক্ষেত্রত কেন্দ্রীয় কেবিনেটে সিদ্ধান্ত গ্রহণ কৰি বিল সংসদতো উত্থাপন কৰিছে। সেয়েহে কোচ ৰাজবংশীসকলৰ জনজাতিৰ মর্যাদা লাভৰ সম্পূর্ণ অধিকাৰ আছে। অহা ২৬ জানুৱাৰীৰ পূর্বে জনগোষ্ঠীটোক জনজাতিৰ মর্যাদা প্রদান কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ প্রতি আহ্বান জনাইছে সম্মিলনীয়ে। সংগঠনটোৰ প্রতিনিধি সভাত আন কেইবাটাও বিষয়ক লৈ আলোচনা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *