ডিব্ৰুগড়ৰ দুৱৰাচুকত শব্দৰথী ৰুদ্ৰ গগৈৰ কলাজ-২ উন্মোচন
*চাইন অন ডেস্ক:*

ডিব্ৰুগড় মহানগৰৰ উপকণ্ঠ দুৱৰাচুকৰ প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত শব্দৰথী ৰুদ্ৰ গগৈৰ ওপজাদিন উদযাপন কৰাৰ লগতে কবি-গল্পকাৰ গৰাকীৰ ভিন্ন স্বাদৰ গ্ৰন্থ “ক’লাজ” এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় |
গ্ৰন্থখনি উন্মোচন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক সাহিত্যিক পেঞ্চনাৰ,শিক্ষক শিৰোমণি বঁটা প্ৰাপক গন্ধেশ্বৰ শইকীয়াই গ্ৰন্থ উন্মোচনী সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ গোপাল হাজৰিকাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰাৰ লগতে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে ক্ৰমে ডাঃ বিপিন চন্দ্ৰ কাকতি,ৰাজগড়ৰ কুসুম গগৈ, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নোমল গগৈ, ধ্ৰুৱ গগৈ ,সোণাৰাম গগৈ, দিলীপ কুমাৰ দাসৰ লগতে বিভিন্ন জনে। ভাষণত শব্দৰথী ৰুদ্ৰ গগৈৰ জীৱন পৰিক্ৰমা, তেখেতৰ সান্নিধ্যত লাভ কৰা বিৰল অনুভৱৰ লগতে “ক’লাজ-২” গ্ৰন্হখনি সম্পৰ্কত মন্তব্য আগবঢ়াই গ্ৰন্থ প্ৰকাশ আৰু অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কত অনুভৱ ব্যক্ত কৰে ।অনুষ্ঠানত দুলীয়াজানৰ মীৰা দত্ত আৰু দুৱৰাচুকৰ কৰবী কোঁৱৰে গীত পৰিৱেশন কৰাৰ লগতে লেখক শব্দৰথী ৰুদ্ৰ গগৈয়ে অনুভৱী মনৰ পৰিচয়ৰে স্বৰচিত কবিতা পাঠ কৰে | কবি-গল্পকাৰ ৰুদ্ৰ গগৈয়ে উপস্হিত অনুৰাগী সকলৰ অকুণ্ঠ মৰম আৰু আন্তৰিকতা প্ৰদৰ্শনে তেখেতক সাহিত্য সৃষ্টি কৰ্মত জড়িত হ’বলৈ প্ৰেৰণা যোগোৱাৰ লগতে জীৱন ধন্য হোৱা বুলি উল্লেখ কৰে | কবি-গল্পকাৰ গৰাকীৰ পৰিয়ালৰ হৈ কণিষ্ঠ পুত্ৰ ঋতুৰাজ গগৈয়ে বক্তব্য প্ৰদান কৰাৰ লগতে সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় সদৰ আঞ্চলিকৰ উপসভাপতি তৰুণ গগৈ, সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতাই বক্তব্য প্ৰদান কৰে |
প্ৰায় অৰ্দ্ধশতাধিক লোকৰ উপস্হিতিত অনুষ্ঠিত হোৱা সভাখনত আঁত ধৰে অৱসৰ প্ৰাপ্ত শিক্ষক তথা সাহিত্যিক প্ৰদীপ কুমাৰ সন্দিকৈয়ে।