...

জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক প্ৰতাপ হাজৰিকাৰ ৬৮ সংখ্যক ওপজা দিন

Spread the love

জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক প্ৰতাপ হাজৰিকাৰ ৬৮ সংখ্যক ওপজা দিন

বহু সংগঠন,অনুষ্ঠানৰ উদ্যোগত ৰাজহুৱা ভাবে উদযাপন

বৰ্ণাঢ্য জীৱন আৰু বহুমুখী কৰ্মৰাজিৰ ওপৰত বিভিন্নজনৰ আলোকপাত

মৰিগাঁও:

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক প্ৰতাপ হাজৰিকাৰ ৬৮ সংখ্যক ওপজা দিনটো আজি মৰিগাঁৱত বহুকেইটা সংগঠন আৰু অনুষ্ঠানৰ উদ্যোগত ৰাজহুৱা ভাবে উদযাপন কৰা হয়। অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক, সংবাদ সাহিত্য উপসমিতিৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সভাপতি, মৰিগাঁও জিলা বক্সিং সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাক ওপজা দিনটোত জিলাৰ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শুভেচ্ছা আৰু উষ্মভাবে আদৰণি জনায়। মৰিগাঁও জিলা কাৰাটে আৰু জিলা বক্সিং সন্থাৰ উদ্যোগত চহৰখনৰ তৰুণৰাম ফুকন খেলপথাৰত অৱস্থিত কাৰাটে গ্ৰাউণ্ডত বিয়লিৰ ভাগত জন্মদিনৰ এটা শুভেচ্ছা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৰিগাঁও জিলা কাৰাটে সন্থাৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ কৃষ্ণ কান্ত মেধিৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁতধৰে সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ মানস কুমাৰ নাথ আৰু সাংবাদিক প্ৰণৱ ভট্টাচাৰ্যই। এই সভাতে মৰিগাঁও জিলা বক্সিং সন্থাৰ হৈ সম্পাদক মানস কুমাৰ নাথ, জিলা কাৰাটে সংস্থাৰ হৈ সম্পাদক বসন্ত হীৰা, মৰিগাঁও জিলা সাহিত্য সভাৰ হৈ সম্পাদক কুশল কুমাৰ বৰা, সাংগঠনিক সম্পাদক প্ৰাঞ্জল বৰা, জিলা গ্ৰাম্য পুথিভঁড়াল সন্থাৰ হৈ

সভাপতি ৰমেশ কাকতি, সম্পাদক বলদেৱ নাথ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চাহাবুদ্দিন আহমেদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ হৈ জিলা সচিব কুলিন বৰা, কেন্দ্ৰীয় সদস্য মানিক কুমাৰ নাথ, মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সীমান্ত হাজৰিকা, প্ৰাক্তন সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজা প্ৰমুখ্যে এদল কৰ্মকৰ্তা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ মহেন্দ্ৰ শইকীয়া, মৰিগাঁও জিলা কাৰাটে, বক্সিং সন্থাৰ প্ৰশিক্ষাৰ্থী আৰু অভিভাৱক প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে গামোচা, গ্ৰন্থৰ টোপোলা আদিৰে জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক প্ৰতাপ হাজৰিকাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোতে জন্মদিনৰ ৰাজহুৱা শুভেচ্ছা গ্ৰহণ কৰি প্ৰতাপ হাজৰিকাই তেখেতৰ সংগ্ৰামময় জীৱন আৰু কৰ্মৰাজিৰ বিভিন্ন অভিজ্ঞতা সবিস্তাৰে ব্যক্ত কৰে। ইপিনে পুৱাৰ ভাগত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত সংস্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাক সাংবাদিক সংস্থাৰ সভাপতি অজিত শৰ্মা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা প্ৰমুখ্যে বিষয়ববীয়া আৰু সদস্য সকলে অংগবস্ত্ৰ আদিৰে উষ্ণ আদৰণি আৰু জন্মদিনৰ শুভেচ্ছাৰ জ্ঞাপন কৰি সুস্বাস্থ্যবান আৰু দীৰ্ঘায়ু কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *