...

কলৌলোৱা আদৰ্শ দেউৰী গাঁৱত ৰেডিঅ’ জ্ঞানমালিনীৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন

Spread the love

কলৌলোৱা আদৰ্শ দেউৰী গাঁৱত ৰেডিঅ’ জ্ঞানমালিনীৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা ৰেডিঅ’ জ্ঞানমালিনীয়ে খোৱাঙৰ কলৌলোৱা আদৰ্শ দেউৰী গাঁৱত ৭ ফেব্ৰুৱাৰীত উদযাপন কৰে অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস।২০১৯ চনৰ ৭ ফেব্রুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা ৰেডিঅ’ জ্ঞানমালিনীয়ে প্ৰতিষ্ঠা কালৰে পৰা কালৰে পৰা ডিব্ৰুগড়ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সামাজিক-সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আদি বিভিন্ন দিশত উল্লেখযোগ্য সেৱা আগবঢ়াই আহিছে । বিগত প্ৰতিটো বছৰে প্ৰত্যেকটো প্ৰতিষ্ঠা দিৱসতে ৰেডিঅ’ জ্ঞানমালিনীয়ে ডিব্ৰুগড়ৰ জিলাৰ অন্তৰ্গত বিভিন্ন ভিতৰুৱা অঞ্চলত প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছে আৰু পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি অষ্টম প্ৰতিষ্ঠা দিৱসটি উক্ত দিনা খোৱাঙৰ কলৌলোৱা আদৰ্শ দেউৰী গাঁৱত অনুষ্ঠিত কৰা হয়। ৰেডিঅ’ জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞাই আঁত ধৰা অনুষ্ঠানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ জিতেন হাজৰিকাই গাঁওখনৰ বিভিন্ন সাংস্কৃতিক তথা সামাজিক‌ পৰিক্ৰমা সামগ্ৰিকভাৱে পৰ্যালোচনা কৰি বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন ক্ষেত্ৰসমূহত জনগোষ্ঠীয় কৃষ্টিৰ প্ৰভাৱ সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। উপাচাৰ্য গৰাকীয়ে ডিব্ৰুগড়ৰ সামাজিক, সাংস্কৃতিক আৰু চহকী ঐতিহ্য ৰক্ষণাবেক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ৰেডিঅ’ জ্ঞানমালিনীৰ ভূমিকা সম্পৰ্কে এক তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা ন্যায়িক প্ৰাধিকৰণৰ সচিব অভিজিত শইকীয়া , ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ড০ দেৱজিৎ বৰঠাকুৰ, ৰেডিঅ’ জ্ঞান মালিনীৰ পৰিচালনা সমিতি তথা অনুষ্ঠান পৰিচালনা সমিতিৰ সদস্য ক্ৰমে ড০ গোপাল চন্দ্র হাজৰিকা, ড০ পৱিত্ৰ কুমাৰ পেগু, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, প্ৰাৰ্থনা তাঁতী সৎনামি, নকুল খাউণ্ড, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড০ প্ৰাঞ্জল প্ৰতিম বুঢ়াগোহাঁই, বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপপঞ্জীয়ক ৰোহিনী কুমাৰ বুঢ়াগোহাঁই, অনুষ্ঠানটিৰ অভ্যৰ্থনা সমিতিৰ সভাপতি দেৱানন্দ দেউৰী, বিচিপিএলৰ চিনিয়ৰ মেনেজাৰ জয়িতা দাস, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ভূপেন গগৈ, সমাজকৰ্মী ৰাজু ভৰালী, ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ সভাপতি অমিয় হাজৰিকাকে প্ৰমুখ্যে কৰি গাঁওখনৰ প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত সন্মানীয় উপাচাৰ্য আৰু বিশিষ্ট অতিথি সকলে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। অনুষ্ঠানটিত ৰেডিঅ’ জ্ঞানমালিনীৰ সঞ্চালক ড০ জিতুৰঞ্জন চেতিয়াৰ আদৰণি ভাষণ ৰেকৰ্ডযোগে শুনোৱা হয় । ইয়াৰ পাছতে চিত্ৰা দেউৰী আৰু সংগীসকলে দেউৰী ভাষাৰ কোৰাচ পৰিৱেশনেৰে কলৌলোৱা গাঁৱৰ দেউৰী ভাষা-সংস্কৃতিৰ পৰিচয় দাঙি ধৰে। গাঁওখনৰ কৃষ্টি আৰু সংস্কৃতিৰ লগত জড়িত কেইবাজনো লোকক ৰেডিঅ’ জ্ঞানমালিনীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিছতেই ৰেডিঅ’ জ্ঞানমালিনীৰ পৰিয়ালৰ সদস্য সকলে এটি কোৰাচ পৰিৱেশন কৰে। গাঁওখনৰ গাভৰু সকলে দেউৰী চেমনীয়া বিহু প্ৰদৰ্শন কৰে। গাঁওখনৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত এক অনবদ্য অৱদান আগবঢ়োৱা ভূৱন দেউৰীয়ে দেউৰী গীত আৰু আইসকলে দেউৰী বিয়া নাম পৰিৱেশন কৰে । উক্ত অনুষ্ঠানটিত গাঁওবাসীৰ সহায় হোৱাকৈ চাউণ্ড বক্স এটি ৰেডিঅ’ জ্ঞানমালিনীয়ে উপহাৰ হিচাপে প্ৰদান কৰে।এই ক্ষেত্ৰত বিশেষভাৱে সহযোগ কৰিছে ডিব্ৰুগড় জিলা ন্যায়িক প্ৰাধিকৰণে ।গাঁওবাসী কৃষি আৰু অন্যান্য দিশৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হ’ব পৰাকৈ ডিব্ৰুগড়ৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ড০ দেৱজিৎ বৰঠাকুৰেও এক বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানটিতে ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰই ৰেডিঅ’ জ্ঞানমালিনীক দুটাকৈ ৰেডিঅ’ প্ৰদান কৰে। ৰেডিঅ’ দুটি গ্ৰহণ কৰি ৰেডিঅ’ জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞাই পৰৱৰ্তী সময়ত দুয়োটা ৰেডিঅ’ কৃষক ৰাইজৰ সহায় হোৱাকৈ বিতৰণ কৰাৰ কথা ঘোষণা কৰে। অনুষ্ঠানটিত ৰেডিঅ’ জ্ঞানমালিনীৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ থকা উপাচাৰ্য মহোদয়ৰ পত্নী জিন্টি শইকীয়া হাজৰিকাই তোষপ্ৰভা কলিতাৰ ‘দ্ৰৌপদী’ শীৰ্ষক কবিতাটি আবৃত্তি কৰে। উক্ত অনুষ্ঠানতে কলৌলোৱা আদৰ্শ দেউৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলে ঝুমুই নৃত্য প্ৰদৰ্শন কৰাৰ লগতে অনুষ্ঠানৰ মাজভাগতে গাঁওখনৰ মহিলা সকলৰ সহযোগত এটি অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *