অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত
‘শ্বহীদ স্মাৰক ক্ষেত্র’ত শ্বহীদ দিৱস পালন
চাইন অন ডেস্ক:


অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ ত্যাগক সন্মান জনাই অসম চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰিছে ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ । শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা আটকধুনীয়া এই শ্বহীদ স্মাৰক ক্ষেত্র আজি ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । এই শ্বহীদ স্মাৰক ক্ষেত্রত জাতীয় জীৱন সংগ্ৰামৰ শ্বহীদসকলৰ স্মৃতি বিজড়িত বিভিন্ন সম্ভাৰ সংৰক্ষণ কৰা হৈছে । উল্লেখ্য যে আজি ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস । ঐতিহাসিক অসম আন্দোলনত অসমী আইৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দি শ্বহীদ হোৱা প্ৰথমগৰাকী অসম মাতৃৰ সন্তান আছিল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ । তেখেতৰেই মৃত্যুদিন ১০ ডিচেম্বৰত প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰি অহা হৈছে । আজিৰ এই মহান দিনটিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে প্ৰতিগৰাকী মহান শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম চৰকাৰে মুকলি কৰে শ্বহীদ স্মাৰক ক্ষেত্র । বৰাগাঁৱত মুকলি কৰা শ্বহীদ স্মাৰক ক্ষেত্রত আজি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানলৈ আমন্ত্রণ কৰি অনা হৈছে শ্বহীদৰ পৰিয়ালৰ লোকক । স্মাৰক ক্ষেত্ৰত ওখ স্তম্ভ আৰু বীৰ শ্বহীদসকলৰ আৱক্ষ মূৰ্তি সন্নিবিষ্ট কৰা হৈছে । যিটো তেওঁলোকৰ চৰম ত্যাগ আৰু স্বদেশপ্ৰেমৰ প্ৰতি অটল সমৰ্পণৰ স্থায়ী প্ৰতীক হিচাপে সদায়ে জিলিকি থাকিব । আনহাতে শ্বহীদ স্মাৰক ক্ষেত্রৰ মাজত আছে এটা শ্বহীদ প্ৰণামজ্যোতি । যিটো জ্যোতি সকলো সময়তে জ্বলি থকাৰ ব্যৱস্থা কৰা হৈছে । এই জ্যোতি মঙলবাৰে বিয়লি মুখ্যমন্ত্রীয়ে প্ৰজ্বলন কৰে । উপস্থিত থাকে আছুৰ নেতৃত্ব । লগতে ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি শ্বহীদ স্মাৰক ক্ষেত্রত বন্তি প্ৰজ্বলন কৰা হয় । ১১৭ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্রৰ।
