...

৭৯ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা

Spread the love

৭৯ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা

দেওবাৰে ফাইনেলত অৱতীৰ্ণ হব কেৰেলা আৰু চাৰ্ভিচেছ

ঢকুৱাখনা:

৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ চূড়ান্ত খেলত দেওবাৰে  কেৰেলা দল মুখামুখি হব চাৰ্ভিছেচ দলৰ। ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰতবিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ফাইনেল খেলখনক লৈ দৃষ্টি নিবদ্ধ ভাৰতীয় ফুটবলপ্ৰেমীৰ।চূড়ান্ত খেলৰ প্ৰাকমুহূৰ্তত আজি বিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হোৱা সংবাদমেলত চাৰ্ভিছেচ দলৰ মুখ্য প্ৰশিক্ষক এমজি ৰামাচন্দ্ৰনে  সন্তোষ ট্ৰফী গ্ৰাম্য অঞ্চলত অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । মুখ্য প্ৰশিক্ষক জনে কয় যে -প্ৰথম অৱস্থাত পৰিবেশৰ সৈতে খাপ খোৱাত কিছু অসুবিধা হৈছিল যদিও এতিয়া আমি অভ্যস্ত হৈছোঁ আৰু চূড়ান্ত খেলৰ বাবে আমি আত্মবিশ্বাসেৰে সাজু হৈছোঁ ।কেৰেলা দলৰ মুখ্য প্ৰশিক্ষক চফীক হাচানে অসমক কেৰেলাৰ দ্বিতীয় গৃহ বুলি অভিহিত কৰি কয় – “ঢকুৱাখনাত আমি বহুত সমৰ্থন পাইছোঁ । আমি এতিয়া ইয়াৰ পৰিৱেশৰ সৈতে খাপ খাইছোঁ ,লগতে ঢকুৱাখনাৰ ৰাইজৰ পৰা আমি সমৰ্থনো বহুত পাইছোঁ। তেওঁ লগতে আৰু কয় “আমি পৰিকল্পনাৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ । প্ৰতিখন খেলেই আমাৰ বাবে এক নতুন চেলেঞ্জ আৰু আমি বিজেতা হম বুলি বিশ্বাসী ।”

উল্লেখ্য যে, সন্তোষ ট্ৰফীৰ ইতিহাসত কেৰেলা দল ৭ বাৰ চেম্পিয়ন আৰু ৯ বাৰৰ ৰানাৰ্চ আপ,  চাৰ্ভিছেচ দল ৭ বাৰৰ চেম্পিয়ন আৰু ৫ বাৰৰ ৰানাৰ্চ আপ হবলৈ সক্ষম হৈছে।২১ জানুৱাৰীৰ পৰা ঢকুৱাখনাৰ মাতমৰাস্থিত বিষ্টুৰাম দলে ক্রীড়া প্ৰকল্প আৰু ধেমাজিৰ চিলাপথাৰস্থিত ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হৈছিল ভাৰতৰ আটাইতকৈ পুৰণি আৰু পৰম্পৰাগত ফুটবল প্ৰতিযোগিতা ৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা।সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত সুদীৰ্ঘ ১৫ বছৰৰ পিছত ৰাজ্যত অনুষ্ঠিত হোৱা সন্তোষ ট্ৰফী চূডান্ত পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাখনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ১২টা ফুটবল দলে অংশগ্ৰহণ কৰিছিল।অসম ফুটবল সন্থাৰ কোষাধক্ষ্য হীৰেন গগৈয়ে জনাই যে ফাইনেলত দৰ্শকৰ প্ৰৱেশ বিনামূলীয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *