...
Spread the love

 

 

কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত নগাঁৱৰ বটদ্ৰবাত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

 

 

নগাঁও:-

কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত ২০২৫ৰ অভ্যৰ্থনা সমিতিৰ দ্বাৰা আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু উক্ত সূত্ৰধাৰ অনুষ্ঠানত অংশ গ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আয়োজিত অনুষ্ঠানটিৰ আৰম্ভণিতে এটি নাহৰ ফুলি ৰোপণ কৰা হয়। পাছত দিলীপ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণি ভাষণ প্ৰদান কৰে গিৰিশ বৰাই। গিৰিশ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত কেইবাগৰাকী বক্তাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন সূত্ৰধাৰ ২০২৫ অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পণ্ডিত,গৱেষক,বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,সন্ত মহন্তসকলৰ সানিধ্যৰ মধুৰ স্মৃতি সোঁৱৰণ কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। লগতে ভবিষ্যত প্ৰজন্মৰ বাবে গুৰুজনাৰ আদৰ্শ,চিন্তা,দৰ্শন চৰ্চাৰ বাবে এনে অনুষ্ঠান পুনৰ বটদ্ৰৱা অনুষ্ঠিত কৰাৰ পোষকতা কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপসভাপতি অতুল মহন্ত,সম্পাদক ইন্দ্ৰমোহন বৰুৱা,তুৱাৰাম বৰুৱা, সবিতা বৰা,মহেন্দ্ৰ বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ শেষত সূত্ৰধাৰ ২০২৫ৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক জগন্নাথ জ্যোতি বৰাই শলাগৰ শৰাই আগবঢ়ায় ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *