ডিব্ৰুগড় তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত ৭৯৭ সংখ্যক অসম দিৱস
চাইন অন ডেস্ক:

ডিব্ৰুগড় তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত ৭৯৭ সংখ্যক অসম দিৱস ( চ্যুকাফা দিৱস ) বিস্তৃত কাৰ্যসূচীৰে পালন কৰে । পুৱা পতাকা উত্তোলন কৰে তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি চাও হেম কান্ত দিহিঙ্গীয়াই । পতাকা উত্তোলনৰ পিছতে মৈডাম তৰ্পণ কাৰ্যসূচীৰ সমাপন কৰে মান চাও নৱ ফুকন, যোগেন মহন আৰু ৰবিন ফুকনে । তৰ্পণ কাৰ্যসূচীৰ সমাপনৰ পিছত চাওলুং চুকাফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেম কান্ত দিহিঙ্গীয়া আৰু সদৌ অসম আহোম সভাৰ সদৰ সমিতিৰ সভাপতি কৃষ্ণ কান্ত চেতিয়াই। মুকলি সভাত সভাপতিত্ব কৰে যৌথ ভাৱে তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেম কান্ত দিহিঙ্গীয়া আৰু কৃষ্ণ কান্ত চেতিয়াই । আৰম্ভণিতে চাও গন্ধেশ্বৰ চমুৱাৰ পৰিচালনাত তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী, পদুম নগৰ মহিলা সমিতি আৰু কেন্দ্ৰৰ মহিলা সকলৰ দ্বাৰা এটি সমবেত সংগীতেৰে । মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন আহোম সভাৰ সভাপতি মহেন বুঢ়াগোহাঁই আৰু তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাক্তন সভাপতি তৰুণ গগৈয়ে বক্তব্য প্ৰদান কৰে । সমজুৱা দুৱাষাত বক্তব্য ৰাখে মদন চন্দ্ৰ কোঁৱৰ, লোকেশ্বৰ বৰা, দীপক কুমাৰ চাংমাই আৰু বিভিন্ন জনে তেখেত সকলৰ মনৰ কথা প্ৰকাশ কৰে । সাংস্কৃতিক কাৰ্যসূচীত ৰুবি গগৈ সন্দিকৈ পৰিচালনাত নৃত্যাংগনা কলা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা নৃত্য আৰু সংগীৰ জৰিয়তে জীপাল কৰি তোলে । লগতে তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সংগীত বিদ্যালয়ৰ প্ৰধান গন্ধেশ্বৰ চমুৱাৰ পৰিচালনাত শিক্ষাৰ্থী সকলে গায়ন-বায়ন প্ৰদৰ্শন কৰা উপৰিও তাই ভাষাৰ গীতেৰে উপস্থিত ৰাইজক আপ্লুত কৰে । সভাত উপস্থিত থাকে কুশল কোঁৱৰৰ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক অনিল সিংহ, ত্ৰৈলোক্য গগৈ, জগন্নাথ গগৈ, ধনীৰাম বৰুৱা, পোনাৰাম গগৈ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।সকলো কাৰ্যসূচী পৰিচালনা কৰে তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সাধাৰণ সম্পাদক দুৰ্লভ গগৈয়ে। শলাগৰ শৰাই আগবঢ়ায় নৱ গগৈয়ে।
