...

*নগাঁৱত ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন*

Spread the love

*নগাঁৱত ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন*

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো,জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰ (নুৰুল আমিন ষ্টেডিয়াম)ত বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱসৰ আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে অসম চৰকাৰৰ শক্তি,ক্ৰীড়া আৰু যুৱ কল্যাণ,আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰী গাৰ্লোচাই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি ৰাইজক উদ্দেশ্যে দিয়া ভাষণৰ আৰম্ভণিতে দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মুক্তিযুঁজাৰু সকলৰ স্বদেশ প্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাষণ প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়ন মূলক আঁচনিসমূহৰ বিষয়ে চমু খতিয়ান দাঙি ধৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গাৰ্লোচাই গণৰাজ্য দিৱস উপলক্ষে আৰক্ষী, অৰ্ধসামৰিক বাহিনী,ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইড আৰু বহু কেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কুছ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। নুৰুল আমিন ষ্টেডিয়ামত এন চি চি, আৰক্ষীৰ সৈতে ভৰতীয় সেনাৰ বিশেষ গীত “বদলোৰাম কা বদন” গীতত নৃত্য কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাীষ শৰ্মাই। পতাকা উত্তোলনৰ পবিত্ৰ ক্ষণত নগাঁও বিবেকানন্দ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে অতি সুন্দৰকৈ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি পৰিৱেশটোক অধিক মৰ্যাদাপূৰ্ণ কৰি তোলে।

মূল কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যপ্ৰদান কৰে। ইয়াৰ উপৰিও শ্বহীদ তৰ্পণ কৰাৰ লগতে পণ্ডিত জৱাহৰলাল নেহৰু,নেতাজী সুভাষ চন্দ্ৰ বসু,লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মতিৰাম বৰা,হলধৰ ভূঞা, মহেন্দ্ৰ নাথ হাজৰিকা,দেৱকান্ত বৰুৱা আৰু পূৰ্ণচন্দ্ৰ শৰ্মাৰ দৰে বৰেণ্য ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। আজিৰ এই বিশেষ দিনটোতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক তেওঁলোকৰ বিশেষ অৱদানৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উৎসৱমুখৰ পৰিৱেশৰ মাজতে দেশ মাতৃৰ বন্দনাৰে সমৃদ্ধ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে,য’ত নগাঁৱৰ ২০গৰাকী নবীন-প্ৰবীণ কণ্ঠশিল্পীয়ে একেলগে “বন্দেমাতৰম” গীত পৰিবেশন কৰাৰ বিপৰীতে ৰামানুজন চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ শিক্ষাৰ্থীসকলে দেশপ্ৰেমমূলক নৃত্যৰে জিলিকাই তোলে। আজিৰ এই দিৱসটোৰ এক অন্যতম আকৰ্ষণ হিচাপে ভাৰতীয় সেনাৰ দ্বাৰা প্ৰদৰ্শিত বিভিন্ন যুদ্ধাস্ত্ৰ আৰু অত্যাধুনিক ড্ৰোন চালনৰ প্ৰদৰ্শনী,যিয়ে উপস্থিত যুৱপ্ৰজন্মক যথেষ্ট উৎসাহিত কৰে। বিয়লি নগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া সন্থাৰ মাজত এক বন্ধুত্বপূৰ্ণ ক্ৰিকেট খেলো অনুষ্ঠিত হয়। জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন,জিলা পৰিষদ আৰু পৌৰসভাৰ বিষয়ববীয়াৰ লগতে জিলাখনৰ গণ্য-মান্য ব্যক্তি আৰু স্থানীয় জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে এই গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচী সাফল্যমণ্ডিত হৈ উঠে।

Leave a Reply

Your email address will not be published. Required fields are marked *