Skip to content দুলীয়াজানৰ সাৰ্বজনীন জয়ানগৰ পূজা মণ্ডপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী
যাযাবৰ’ আৰু ‘মহানায়ক’ ক থীম আকাৰে লৈ দুলীয়াজান যুৱ সংঘৰ সাৰ্বজনীন পূজাৰ মণ্ডপ নিৰ্মাণ
দুলীয়াজানত নাই শাৰদীয় দূৰ্গোৎসৱৰ উচাহৰ ঢল
দুলীয়াজান:
অসম আৰু অসমীয়াৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গক কায়িকভাৱে হেৰুৱাই আজি দহটা দিনে শোকস্তব্দ হৈ আছে অসমবাসী। প্ৰাণৰ শিল্পীগৰাকীক অকালতে হেৰুৱাই উকা-উৰুঙা হৈ পৰিছে শৰতো যেন । এইবাৰ শাৰদীয় বতৰত উৎসাহ-উদ্দীপনা নাই। নিয়মমাফিক আনুষ্ঠানিকতাৰে শৰতক আদৰণি জনাবলৈ প্ৰস্তুতি চলাইছে দুলীয়াজানবাসীয়ে। মা-দূৰ্গাৰ “য়া দেৱী সৰ্বভূতেষ শক্তিৰূপেন সংস্হিতা….” শক্তিশালী বৈদিক মন্ত্ৰৰে নহয়, ভগৱান সদৃশ শিল্পীগৰাকীৰ প্ৰাৰ্থনা হৈ পৰা “মায়াবিনী” গীতেৰে শৰতৰ পদূলিয়েদি মা-দূৰ্গাক মৰ্ত্যলৈ আৱাহন কৰিছে । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায়ৰ দাবী উঠিল দুলীয়াজানৰ জয়ানগৰ সাৰ্বজনীন পূজা মণ্ডপত। ব্যতিক্ৰমী পূজা মণ্ডপেৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰা দুলীয়াজান যুৱ সংঘই এইবেলি জয়ানগৰত আয়োজন কৰিছে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ স্মৃতিত “যাযাবৰ” আৰু “মহানায়ক” আৰ্হিৰে পূজা মণ্ডপ। থিমটোৰ সম্পৰ্কত যুৱ সংঘৰ মুখ্য উপদেষ্টা তথা কমিটিৰ মুখ্য সমন্বয়ক যুৱ-সমাজকৰ্মী শংকৰজ্যোতি বৰুৱাই কয় যে, প্ৰতিবছৰে আমি দুলীয়াজান জয়ানগৰত এখন দূৰ্গা পূজা আযোজন কৰি আহিছোঁ । যোৱা বৰ্ষত কিতাপৰ আৰ্হিত আমি তৈয়াৰ কৰিছিলোঁ এই মণ্ডপ ভাগি । এই বৰ্ষত আমাৰ মূল আৰ্হি আছিল “যাযাবৰৰ শতবৰ্ষ”। কিন্তু জুবিন দাৰ ঘটনাটোৱে আমাক সকলোকে আঘাত দিলে । এতিয়া সেই আগৰ দৰে উচাহ নাই। তথাপিও দুটা দিনৰ ভিতৰত আমি “যাযাবৰ” আৰু “মহানায়ক” দুযোজনক লৈ আমাৰ পূজা মণ্ডপৰ আৰ্হি তৈয়াৰ কৰিছোঁ। এইবাৰ দূৰ্গা মাৰ ওচৰত আমাৰ প্ৰথম প্ৰাৰ্থনা হ’ব জুবিন দাৰ ন্যায়।” উল্লেখযোগ্য যে এই পূজা মণ্ডপৰ মূল আৰ্হি ডিজাইন কৰোঁতা শংকৰজ্যোতি বৰুৱাৰ চিন্তাক বাস্তৱত প্ৰতিফলিত কৰিছে উদযাপন সমিতিৰ সভাপতি মৃন্ময় বৰুৱাই। নিৰন্তৰ ৰূপত হাতে-কামে লাগি মণ্ডপভাগ পূৰ্ণাংগ ৰূপত সজাই তুলিছে মিন্টু গগৈৰ নেতৃত্বত কেইবাজনীয়া এটা দলে। অসমীয়া গ্ৰাম্য সংস্কৃতিৰে জড়িত ঢাৰি-পাটি, ডলা-কুলা ব্যৱহাৰে সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত পূজা মণ্ডপৰ সন্মুখৰ ওপৰৰ ভাগটোত শতবৰ্ষ গৰকা সুধাকন্ঠৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰা হৈছে। এফালে সুধাকন্ঠৰ “মানুহে মানুহৰ বাবে…..” আনফালে মহানায়কৰ “মায়াবিনী” গীতৰ সম্পূৰ্ণ কথাৰে সজাই তোলা হৈছে মণ্ডপৰ বহিঃভাগ। মণ্ডপৰ ভিতৰভাগত এফালে প্ৰিয় শিল্পী জুবিনৰ কথা-কবিতা, জুবিনৰ সৰুকালৰ পৰা বিবাহৰ দিনৰ ফটো, মাতৃ-পিতৃ ভগ্নীৰ সৈতে জুবিনৰ ফটো, জুবিনৰ গীতৰ এলবাম, চিনেমাৰ প’ষ্টাৰ আনফালে সুধাকন্ঠৰ শৈশৱকালৰ ফটোৰ পৰা আৰম্ভ কৰি তেওঁৰ গীতৰ কলিৰে চৌপাশ সজাই তোলা হৈছে । আনহাতে মণ্ডপৰ বাহিৰত মহানায়কৰ অকাল মৃত্যুৰ ন্যায় বিচাৰি স্বাক্ষৰ অভিযান আৰু প্ৰিয় শিল্পী গৰাকীৰ ওপৰত চমু মন্তব্য লিখিব পৰা ব্যৱস্থা কৰা হৈছে জুবিন অনুৰাগীৰ বাবে। নিশ্চিত যে এইবাৰ দূৰ্গা পূজাত দেৱীৰ ভক্ত হিচাপে নহয়, ভগৱান সদৃশ জুবিন গাৰ্গৰ প্ৰিয়তম অনুৰাগী হিচাপে মা-দূৰ্গাৰ চৰণত সেৱা ল’ব জুবিন অসমৰ প্ৰত্যেক অসমীয়াই । উল্লেখযোগ্য যে যোৱাবাৰ ১৫ হাজাৰৰো অধিক গ্ৰন্থৰে সমৃদ্ধ চল্লিশ ফুট উচ্চতাৰ গ্ৰন্থগাৰৰ আৰ্হিত দুলীয়াজান যুৱ সংঘই নিৰ্মাণ কৰি উলিওৱা দুলীয়াজান জয়ানগৰৰ সাৰ্বজনীন পূজা মণ্ডপটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে নিউজ লাইভকে ধৰি অসমৰ কেইবাটাও বৈদ্যুতিন চেনেলৰ পৰা শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিছিল। সেইসময়ৰ প্ৰতিকূল বতৰকো নেওচি ষষ্ঠীৰ পৰাই অগণন জনস্ৰোত হৈছিল এই পূজাভাগলৈ। এইবাৰ দুলীয়াজান আৰক্ষী থানাৰ অধীনত ৪৮ খন দূৰ্গা পূজা লগতে টেঙাখাত আৰু ভাদৈ অঞ্চল সামৰি প্ৰায় ৬০ খন পূজা পৰম্পৰা অনুসৰি অনুষ্ঠিত হৈছে যদিও একেবাৰে উকা আৰু সেমেকা শাৰদীয় উৎসৱ।