...
Spread the love

কেন্দ্রীয় গৃহমন্ত্রীলৈ পত্ৰ শিৱসেনাৰ সাংসদৰ

সন্ধান নাই উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ !

নতুন দিল্লী:

 

উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত কার্যতঃ নিখোজ হৈ আছে জগদীপ ধনখড়। বহু সাংসদে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও সফল হোৱা নাই। এনে পৰিস্থিতিত চিন্তিত শিৱসেনা (উদ্ধৱ)ৰ সাংসদ সঞ্জয় ৰাৱটে উপ-ৰাষ্ট্ৰপতিৰ তথ্য বিচাৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন পত্র লিখে।
জানিব পৰা মতে ৰাৱটে কালি অমিত শ্বাহলৈ লিখা পত্ৰত কয়- আমাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিৰ কোনো উমঘাম নাই। তেওঁ এতিয়া ক’ত আছে? তেওঁৰ স্বাস্থ্য কেনেকুৱা এই সন্দৰ্ভত কোনো তথ্য পোৱা নাই। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে
যোগাযোগো কৰিব পৰা নাই।
প্রাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীক গৃহবন্দী কৰা বুলিও উৰাবাতৰি প্ৰচাৰ হৈছে। য’ত ৰখা হৈছে তাত তেওঁ সুৰক্ষিত নহয়। সঞ্জয় ৰাৱটে এক্স হেন্ডেলত লগতে কয় যে কেৱল ধনখড়েই নহয়, তেওঁৰ নিৰাপত্তাত থকা কৰ্মচাৰীসকলৰ সৈতেও যোগাযোদ কৰিব পৰা নাই। এইটো প্রকৃততে চিন্তাৰ বিষয়। দেশবাসীয়ে তেওঁৰ বিষয়ে জনাৰ অধিকাৰ আছে। ২১ জুলাইত জগদীপ ধনখড়ে হঠাতে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল।
তেওঁৰ পদত্যাগে ৰাষ্ট্ৰীয় ৰাজনীতিত সৰৱ চৰ্চা চলিছিল। শাৰীৰিক অসুস্থতাৰ দোহাই দি পদত্যাগ কৰা ধনখড়ে এদিন
পূর্বে সুস্থভাৱে সদনৰ কাম-কাজ পৰিচালনা কৰিছিল। বিৰোধীয়ে মোদী চৰকাৰৰ হেঁচাতে জগদীপ ধনখড়ে পদত্যাগ কৰা বুলিও অভিযোগ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *