...

মিছামাৰীত তিনি গৰুসহ ৬ চোৰক গ্ৰেপ্তাৰ, জেললৈ প্ৰেৰণ

Spread the love

মিছামাৰীত তিনি গৰুসহ ৬ চোৰক গ্ৰেপ্তাৰ, জেললৈ প্ৰেৰণ

মিছামাৰী অঞ্চলত বৃদ্ধি পাইছে গৰু চুৰিৰ কাণ্ড

মিছামাৰী:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মিছামাৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ। নানান কৌশল অবলম্বন কৰি গৰু চোৰৰ দল সমূহে নিশা পশুধন চুৰি কৰি অহাত বহু কৃষকৰ গোহালি উদং হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১২ মাৰ্চ বৃহস্পতিবাৰে গভীৰ নিশা মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত দীঘলজুলি গাঁৱৰ লামা কেম্পৰ সমীপৰ বাসিন্দা স্বৰ্গীয় লোহিত দাসৰ পত্নী নিৰু দাসৰ গোহালি ঘৰৰ পৰা গাই, দমৰা আৰু দামুৰীসহ মুঠ ৭টা পশুধন চোৰে চুৰি কৰি লৈ যায়। নিশা প্ৰায় ১২ বজাত কালামাটি দিশৰ পৰা এখন বলৰে গাড়ী তীব্ৰ গতিত গাঁওখনৰ পৰা ওলাই যোৱা স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে। উক্ত গাড়ীখনতেই চোৰে পশুধনকেইটা লৈ যোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছিল। একে নিশাই গোহালি ঘৰৰ পৰা ৭ টা পশুধন চুৰি হৈ যোৱাত পৰিয়ালটো গভীৰ দুখত ভাগি পৰে। পিছত ঘটনাটোৰ সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটোৱে মিছামাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰখন লাভ কৰাৰ পিছতে আৰক্ষীয়ে ২০/২৬ নম্বৰত থানাত এটা গোচৰ ৰুজু কৰি ঘটনাটোক গুৰুত্বসহকাৰে তদন্ত আৰম্ভ কৰে। মিছামাৰী আৰক্ষী থানাৰ বিষয়া দ্বীপজ্যোতি ভৰালীৰ নেতৃত্বত উপ-পৰিদৰ্শকসকল‌ ক্ৰমে প্ৰদীপ নাথ, নৃপেন চন্দ্ৰ তামুলী আৰু মিতু দাসে লগত আৰক্ষী বাহিনীৰ দল লৈ বৃহত্তৰ মিছামাৰীৰ উপৰি তেজপুৰ, নগাঁও আদি বিভিন্ন অঞ্চলত অভিযান চলায়। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তিনিটা গৰুসহ ৬ গৰু চোৰক আটক কৰিবলৈ সক্ষম হয়।আটক কৰা চোৰ কেইটা হৈছে ক্ৰমে মিছামাৰীৰ দীঘলদল গাঁৱৰ আব্দুল আলি ওৰফে টিংকু নগাঁও জিলাৰ ১ নং বৰঘুলি গাঁৱৰ আব্দুল হাকিম, চামগুৰি থানাৰ অন্তৰ্গত শিৱস্থান টেকেলিফুটা গাঁৱৰ মতিবুৰ ৰহমান, খাটোৱাল আৰক্ষী থানা এলেকাৰ আবুল হুছেইন, ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱৰ ৰহমত আলী আৰু নগাঁৱৰ শিৱস্থান টেকেলিফুটা গাঁৱৰ ইলিয়াছ খান। মিছামাৰী আৰক্ষীয়ে অধিক তৎপৰতাৰে বিভিন্ন স্থানত অভিযান চলাই গৰু চোৰ কেইটাক আটক কৰাত স্থানীয় ৰাইজে আৰক্ষীৰ সফলতাক প্ৰশংসা কৰাৰ লগতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে মিছামাৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নিশা গোহালিৰ পৰা গৰু চুৰি হোৱা ঘটনাই অঞ্চলটোৰ পশুপালক আৰু কৃষক সমাজ গভীৰ চিন্তাত পেলাইছে বুলি জানিবলৈ দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *