চোৰাং গৰুৰ বিৰুদ্ধে নগৰবেৰাৰ মন্দিৰা আৰক্ষীৰ সফল অভিযান৷ নিশাৰ অভিযানত জব্দ ৬ টাকৈ চোৰাং গৰু আটক দুই গো-সৰবৰাহকাৰী |নগৰবেৰাৰ হেকৰা হাবিলাপথাৰৰ পৰা পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুকেইটা৷ নিশা মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰেৱাট শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় গৰুকেইটা |লগতে দুই সৰবৰাহকাৰী মন্দিৰা এন. চি গাঁৱৰ ক্ৰমে গাজিবৰ ৰহমান আৰু জহিৰুল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও দলটিৰ আন এগৰাকী পলায়ন কৰে | উল্লেখ্য যে গৰু কেইটা নিশা গোপনে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.