...

নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ৫,৯৬২বিঘা চৰকাৰী ভূমিত উচ্ছেদ অভিযান

Spread the love

নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ৫,৯৬২বিঘা চৰকাৰী ভূমিত উচ্ছেদ অভিযান

নগাঁও,

প্ৰকৃতিৰ সুৰক্ষা আৰু বনাঞ্চল পুনৰুদ্ধাৰৰ লক্ষ্যৰে নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত চানখোলা, কান্দাপাৰা,জুৰিপাৰ,বেদেৰীপাৰ আৰু মাজগাঁৱত অবৈধভাৱে বসবাস কৰা পৰিয়ালক কালি উচ্ছেদ অভিযান চলাই জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগে। জানিব পৰা মতে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভূমিত ১৭০০টি পৰিয়ালে ৫,৯৬২ বিঘা চৰকাৰী ভূমিত ২০৭০টা কেঁচা ঘৰ আৰু ১৯২ টা পকী ঘৰ সাজি অবৈধ ভাবে দখল কৰি বসবাস কৰি আছিল বেদখলকাৰীসকলে। দখলদাৰীসকলে থিতাপি লোৱাৰ পূৰ্বে গভীৰ বনাঞ্চলৰ মূল্যবান গছ সমূহ বন বিভাগৰ ব্যৰ্থতাৰ বাবে চোৰাং কাঠৰ ব্যৱসায়ীসকলে কাটি তহিলং কৰিছিল। তাৰ কিছু বছৰ পাছতে কাষৰীয়া এলেকাৰ লোক সকল একাংশই নিজে মাটি দখল কৰাৰ লগতে আন এচামে মাটি সমূহ দখল কৰি দখলদাৰী সকললৈ বিক্ৰী কৰিছিল। এই বসতি প্ৰদান অঞ্চলসমূহত চৰকাৰে বিজুলী যোগান,শিক্ষানুষ্ঠান স্থাপন কৰাত দখলদাৰীসকলে পকীঘৰ সমূহ নিৰ্মাণ কৰিছিল। শেহতীয়াভাৱে এই উচ্ছেদ অভিযানে উচ্ছেদিত পৰিয়াল সমূহলৈ কাল অমানিশা মাতি আহিছে। ইফালে আগন্তুক উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দিন চমু চাপি অহাত ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনতো এই উচ্ছেদে ধ্বংস নমাই আনিছে বুলি উচ্ছেদিত লোকসকলে জনাইছে‌। বন বিভাগৰ উচ্ছেদৰ জাননী পোৱাৰ পাছত বহু বেদখলকাৰী পৰিয়ালে নিজে নিজে বাসগৃহ ভাঙি সেই স্থানৰ পৰা যায় গৈ বুলি জানিব পৰা গৈছে। উক্ত বনাঞ্চলত ৩টা মছজিদ,২খনকৈ চৰকাৰী বিদ্যালয় ক্ৰমে মাজগাঁও বি নিউ এল পি স্কুল,লুটুমাৰী এন চি প্ৰাথমিক বিদ্যালয়,৭টা অংগনাৱাডী কেন্দ্ৰ ক্ৰমে ২১৭নং মাটিখোলা,২১৯নং খেৰণী,২২১ নং বৰ পুখুৰীপাৰ,২৪৪নং খেৰণী মোক্তাপ,২৯৩নং খেৰণী মাজগাওঁ,‌৪৪৭ নং খেৰণী,১২নং টঙিয়া ভঙা,৪৫১নং খেৰণী,১নং বিজয়পুৰ অংগনৱাডী কেন্দ্ৰ আৰু ৩খনকৈ জলজীৱন মিছন আঁচনি থকা বুলি জানিব পৰা গৈছে। লুটুমাৰী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বেদখল কৰি বসবাস কৰা লোকৰ ঘৰ-দুৱাৰ, গছ-গছনি,দুটিকৈ মছজিদ এফালৰ পৰা জে চি বিৰে ভাঙি পেলায়। ইপিনে ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ পাছত বহু উচ্ছেদিত লোকে থাকিবলৈ ভূমি নথকাত পথাৰৰ মাজত,ৰাস্তাত আশ্ৰয় লৈ আছে আৰু লোকসকলক বসবাস কৰিবলৈ ভূমি দিবলৈ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনায়। উল্লেখ্য যে লুটুমাৰী সংৰক্ষিত বনাঞ্চল মুক্ত কৰাৰ উদ্দেশ্যে স্থাপন কৰা আৰক্ষীৰ চাৰিটাকৈ অস্থায়ী শিবিৰলৈ প্ৰায় পাঁচ হাজাৰ আৰক্ষী জোৱান মোতায়ন কৰে। উচ্ছেদস্থলীত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা,নগাঁও জিলাৰ বন প্ৰাধিকাৰী সুহাষ কদম,নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে ধৰি উচ্চ পদস্থ আৰক্ষী বিষয়া আৰু বন বিষয়াসকল উপস্থিত থাকি উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাৱে পৰিচালনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *