...
Spread the love

অভিনেত্ৰী নন্দিনী কাশ্যপক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ

গুৱাহাটী:

অতি বেপেৰুৱা স্বভাৱৰ , কালৈকো কেৰেপ নকৰা, নিজ ইউনিটৰ মানুহকো তুচ্ছ তাচ্ছিল্য কৰা অভিনেত্ৰী নন্দিনী কাশ্যপক অৱশেষত গ্ৰেপ্তাৰ গুৱাহাটীৰ ‘হিট এণ্ড ৰাণ’ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে নিশা ডেৰ বজাত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী নন্দিনীক কাশ্যপক । নন্দিনী কাশ্যপৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে গুৱাহাটী যান-বাহন আৰক্ষী শাখাৰ উপ-আৰক্ষী আয়ুক্ত (ডি চি পি) জয়ন্ত সাৰথি বৰাই ।
এক সংবাদমেলত ডি চি পি জয়ন্ত সাৰথি বৰাই কয়, “২৫ জুলাইৰ নিশা ওদালবাক্ৰাত দুৰ্ঘটনাটো হৈছিল । দুৰ্ঘটনাৰ দিনা যান-বাহন আৰক্ষী ঘটনাটোৰ বিষয়ে অৱগত নাছিল। ২৬ জুলাইতহে যান-বাহন আৰক্ষীৰ ঘটনাটো অৱগত হয় । তাৰ পিছতেই নন্দিনী কাশ্যপক থানালৈ মাতি সোধা-পোছা কৰি যাবলৈ দিয়া হৈছিল । ২৮ জুলাইৰ দিনা পুনৰ দিছপুৰ থানালৈ মাতি সোধা-পোছা কৰা হৈছিল অভিনেত্ৰীগৰাকীক ।”
আৰক্ষী বিষয়াগৰকীয়ে লগতেই কয়, “এই দুৰ্ঘটনাটো সন্দৰ্ভত প্ৰথমাৱস্থাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে যিসমূহ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল সেইসমূহ জামিনযোগ্য ধাৰা আছিল । মঙলবাৰে সন্ধিয়া ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে আবেদন কৰিছিল । প্ৰথম গোচৰটো দিছপুৰ থানাত 630/2025 U/S115(2)/125(b)/281 BNS2023 ধাৰাত গোচৰ ৰুজু হৈছিল । শেহতীয়াকৈ BNSৰ 105 ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে ।”
তেওঁ পুনৰাই কয়, “পূৰ্বৰ গোচৰটোত জামিনযোগ্য ধাৰা সন্নিৱিষ্ট আছিল । সেয়ে দুবাৰকৈ থানালৈ অহাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে । ১০৫ নং জামিনবিহীন ধাৰাটো সংযোগ কৰি তেওঁক নিশা ১.৩০ বজাত গ্ৰেপ্তাৰ কৰা হৈছে ।”
নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰা সন্দৰ্ভত
ডি চি পিয়ে কয়, “নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি MVI কৰি পঠোৱা হৈছিল যদিও পুনৰ বাহনখন ফৰেন্সিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে । বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিলনে নাই সেয়া পৰীক্ষা কৰা হ’ব ।”
নন্দিনীৰ বাহনৰ বিৰুদ্ধে আছিল ৫ খনকৈ চালান।
আনহাতে, দুৰ্ঘটনাটোৰ কথা পোহৰলৈ অহাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত নন্দিনী কাশ্যপে সেইদিনা ৰাতি আৰক্ষীক কথাটো জনোৱা বুলি উল্লেখ কৰিছিল । এই সন্দৰ্ভত ডি চি পিয়ে কয়, “দুৰ্ঘটনা সন্দৰ্ভত দিছপুৰ যান-বাহন আৰক্ষী অৱগত নাছিল ।”
এতিয়া কোন সচাঁ বা কোন মিছা, সেয়া প্ৰকৃত তদন্তৰ পাছতহে জানিব পৰা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *