লিডুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
তিনিচুকীয়া জিলাৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ ‘সমাজ হিতৈষী বঁটা’ প্ৰদান
চাইন অন ডেস্ক:

আজি পুৱা সংগঠনৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ বিশেষ ক্ষণটো স্মৰণীয় কৰি ৰাখিবলৈ আজি লিডু কলেজ তিনিআলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানত এটি যাত্ৰী জিৰণি চ’ৰা (বাছ আস্থান) আৰু পুথিভৰালৰ আধাৰশিলা স্থাপন কৰা হয়।দুপৰীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়, যিয়ে লিডুৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। ইয়াৰ পাছতে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি কাঞ্চন বৰাৰ সভাপতিত্বত এখন বিশেষ মুকলি সভা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কন গগৈ, সহ-সম্পাদক সুৰজিৎ মৰান, জিলা সম্পাদক কল্যাণজ্যোতি মৰান, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতি , লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ কৃপা প্ৰসাদ উপাধ্যায়, জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাণাজ্যোতি নেওগ সহ কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
মুখ্য আকৰ্ষণ:

স্মৃতিগ্ৰন্থ উন্মোচন: জ্যেষ্ঠ সাংবাদিক সমীৰণ বৰঠাকুৰৰ সম্পাদনাত যুগুতাই উলিওৱা ‘অনিৰুদ্ধ’ শীৰ্ষক স্মৃতিগ্ৰন্থখনি আজিৰ সভাতে উন্মোচন কৰা হয়।
সভাত উপস্থিত থকা নেতৃবিন্দই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন আগুৱাই নিবলৈ প্ৰতিজন সদস্যক নতুন উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়। যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিজন নেতা-কৰ্মীয়ে আজি পুনৰবাৰ জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সংকল্পবদ্ধ হোৱা পৰিলক্ষিত হয়।